শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইংৰাজ ভূমিত অপ্ৰতিৰোধ্য গিলঃ ভংগ কৰিলে কোহলী-গাভাস্কাৰৰ নামত থকা অভিলেখ, ৰচিলে এনে কৃতিত্ব

পুনৰ এবাৰ ইংলেণ্ডৰ বলিং আক্ৰমণৰ সমুখত দৃঢ়তাৰে থিয় দিছে ভাৰতীয় অধিনায়ক শুভমন গিলে। ধৈৰ্যশীল বেটিঙেৰে গিলে এডজবাষ্টনত অৰ্জন কৰিছে টেষ্ট কেৰিয়াৰত নিজৰ প্ৰথমটো দ্বিশতক। এই দৰ্শনীয় ইনিংছটোৰে শুভমন গিলে কেইবাটাও কৃতিত্ব অৰ্জন কৰিছে।

ইংৰাজ ভূমিত অপ্ৰতিৰোধ্য গিলঃ ভংগ কৰিলে কোহলী-গাভাস্কাৰৰ নামত থকা অভিলেখ, ৰচিলে এনে কৃতিত্ব
শুভমন গিলৰ ৰেকৰ্ডImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 03 Jul 2025 19:16 PM

ৰোহিত শৰ্মাৰ অৱসৰৰ পিছত ভাৰতীয় টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰিছিল শুভমন গিলে বিচিচিআইৰ এই সিদ্ধান্তক লৈ সমালোচনাত মুখৰ হৈ পৰিছিল বহুকেইজন ক্ৰিকেট বিশেষজ্ঞৰ লগতে একাংশ অনুৰাগীও ইয়াৰ মূলতে আছিল টেষ্ট ফৰ্মেটত গিলৰ দুৰ্বল প্ৰদৰ্শনৰ লগতে অনভিজ্ঞতা পিছে সমালোচকৰ মুখ বন্ধ কৰি ইংলেণ্ডৰ বিপক্ষে লীডছত অনুষ্ঠিত পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচতে গিলে এক দৰ্শনীয় শতক অৰ্জন কৰে অৱশ্যে এই মেচখনত পৰাজয়ৰ সন্মুখীন হৈছিল ভাৰতীয় দললীডছ টেষ্টৰ পৰাজয়ে পিছে মনোবল হ্ৰাস কৰিব নোৱাৰিলে গিলৰ লগতে ভাৰতীয় দলটোৰ

এতিয়া এডজবাষ্টন টেষ্টতো ভাৰতীয় দলে শক্তিশালী বেটিং প্ৰদৰ্শন দাঙি ধৰিছেবিশেষকৈ অধিনায়ক গিলে পুনৰ এবাৰ ইংলেণ্ডৰ বলিং আক্ৰমণৰ সমুখত দৃঢ়তাৰে থিয় দি দলক এক শক্তিশালী স্থিতিত উপনীত কৰাইছে ধৈৰ্যশীল বেটিঙেৰে গিলে এডজবাষ্টনত অৰ্জন কৰিছে টেষ্ট কেৰিয়াৰত নিজৰ প্ৰথমটো দ্বিশতক এই দৰ্শনীয় ইনিংছটোৰে শুভমন গিলে কেইবাটাও কৃতিত্ব অৰ্জন কৰিছে

সমান্তৰালকৈ তেওঁ ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ নামত থকা এক অভিলেখো ভংগ কৰিছেএডজবাষ্টনত আজি দ্বিশতক অৰ্জন কৰাৰ লগে লগে শুভমন গিল ইংলেণ্ডত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় অধিনায়ক তথা কোনো এছিয়ান টেষ্ট দলৰ অধিনায়ক ৰূপে পৰিগণিত হয়

তেওঁৰ পূৰ্বে ইংলেণ্ডৰ মাটিত অধিনায়ক হিচাপে সৰ্বাধিক ৰানৰ অভিলেখ আছিল মহম্মদ আজহাৰউদ্দিনৰ নামত আজহাৰউদ্দিনে ১৯৯০ চনত মানচেষ্টাৰত ১৭৯ ৰানৰ এক ইনিংছ খেলিছিল ১৪৯ ৰানৰ স্কৰেৰে এই তালিকাত তৃতীয় স্থানত আছে বিৰাট কোহলীতদুপৰি গিল ইংলেণ্ডত দ্বিশতক অৰ্জন কৰা সৰ্বকনিষ্ঠ ভাৰতীয় খেলুৱৈ হিচাপেও পৰিগণিত হয়।

ইংলেণ্ডত দ্বিশতক অৰ্জন কৰা কেৱল মাত্ৰ তৃতীয়জন ভাৰতীয় ৰূপেও পৰিগণিত হয় গিল। তেওঁৰ পূৰ্বে গাভাস্কৰ আৰু দ্ৰাবিড়েহে কেৱল এই কৃতিত্ব অৰ্জন কৰিছে। এতিয়া গিলে এই দুয়োগৰাকী প্ৰাক্তন তাৰকাক অতিক্ৰম কৰি ইংলেণ্ডত সৰ্বাধিক স্কৰৰ অভিলেখো নিজৰ নামৰ সন্নিৱিষ্ট কৰিছে ইয়াৰ লগতে গিলে ২৫ বছৰ বয়সতে বিদেশী টেষ্ট শৃংখলাত ৩০০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰা প্ৰথমজন ভাৰতীয় অধিনায়কৰ কৃতিত্বও অৰ্জন কৰিছে

ইফালে এডজবাষ্টনৰ খেলপথাৰত ভাৰতীয় অধিনায়ক হিচাপে সৰ্বাধিক স্ক’ৰৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে গিল। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল কোহলীৰ নামত কোহলীয়ে ২০১৮ চনত এডজবাষ্টনত ১৪৯ ৰানৰ ইনিংছ খেলিছিল। গিলৰ পূৰ্বে কোহলীয়েই আছিল এই খেলপথাৰত শতক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় অধিনায়ক। এই খেলপথাৰত এজন ভাৰতীয় বেটছমেনৰ সৰ্বাধিক স্ক’ৰৰ অভিলেখ এতিয়া গিলৰ হাতত আছে।