শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাৰতীয় দলত সালসলনিঃ আশাহত ৰিয়ান, প্ৰত্যাৱৰ্তন ঘটিল আয়াৰৰ; এইগৰাকী খেলুৱৈৰো ফুলিল কপাল

শেহতীয়াকৈ ভাৰতীয় দললৈ ৰিয়ানৰ প্ৰত্যাৱৰ্তনকেন্দ্ৰিক চৰ্চাৰ মাজতে তেওঁ নিজা সামাজিক মাধ্যম যোগে অনুশীলনৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল। তেওঁৰ এই ভিডিঅ’ পোষ্ট বিচিচিআই আৰু ভাৰতীয় দলৰ নিৰ্বাচকৰ প্ৰতি বিশেষ বাৰ্তা হিচাপে আলোচিত হৈছিল। পিছে এই সকলো চৰ্চাৰ পিছতো আশাহত হৈছে ৰিয়ান পৰাগ।

ভাৰতীয় দলত সালসলনিঃ আশাহত ৰিয়ান, প্ৰত্যাৱৰ্তন ঘটিল আয়াৰৰ; এইগৰাকী খেলুৱৈৰো ফুলিল কপাল
ভাৰতীয় দলত সালসলনিImage Credit source: Getty Images
Monjit Dutta
Monjit Dutta | Published: 17 Jan 2026 11:37 AM

নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া আগন্তুক টি-২০ শৃংখলাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) ভাৰতীয় দলত কেইবাটাও গুৰুত্বপূৰ্ণ সালসলনি কৰিছে। দলৰ দুজন মুখ্য খেলুৱৈ আঘাতপ্ৰাপ্ত হোৱাৰ পিছত তেওঁলোকৰ বিকল্প খেলুৱৈক লৈ শেহতীয়া কিছুদিন ধৰি ব্যাপক চৰ্চা চলি আহিছিল। এইক্ষেত্ৰত যথেষ্ট চৰ্চাত আছিল অসম সন্তান ৰিয়ান পৰাগৰ নাম। সম্প্ৰতি দললৈ প্ৰত্যাৱৰ্তনৰ চেষ্টাত বেংগালুৰুস্থিত বিচিচিআইৰ ‘চেণ্টাৰ অৱ এক্সেলেন্স’ত ব্যস্ত যুৱ খেলুৱৈগৰাকী।

শেহতীয়াকৈ ভাৰতীয় দললৈ ৰিয়ানৰ প্ৰত্যাৱৰ্তনকেন্দ্ৰিক চৰ্চাৰ মাজতে তেওঁ নিজা সামাজিক মাধ্যম যোগে অনুশীলনৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল। তেওঁৰ এই ভিডিঅ’ পোষ্ট বিচিচিআই আৰু ভাৰতীয় দলৰ নিৰ্বাচকৰ প্ৰতি বিশেষ বাৰ্তা হিচাপে আলোচিত হৈছিল। পিছে এই সকলো চৰ্চাৰ পিছতো আশাহত হৈছে ৰিয়ান পৰাগ।

বাহিৰ হ’ল সুন্দৰ আৰু তিলক

অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ আৰু বেটাৰ তিলক বাৰ্মা আঘাতৰ বাবে এই শৃংখলাৰ পৰা বাহিৰ হৈছে। যোৱা ১১ জানুৱাৰীত বদোদৰাত অনুষ্ঠিত নিউজিলেণ্ডৰ বিপক্ষে প্ৰথমখন এদিনীয়াত বলিং কৰি থকা অৱস্থাত সুন্দৰে পিঠিৰ কাষৰ অংশত বিষ অনুভৱ কৰিছিল। স্কেন কৰাৰ পিছত তেওঁৰ ‘ছাইড ষ্ট্ৰেইন’ ধৰা পৰে।

এই আঘাতৰ বাবে চিকিৎসকে সুন্দৰক জিৰণি ল’বলৈ পৰামৰ্শ দিছে। আনহাতে দলৰ নিৰ্ভৰযোগ্য মিডল অৰ্ডাৰ বেটাৰ তিলক বাৰ্মাও আঘাতৰ বাবে প্ৰথম তিনিখন টি-২০ মেচৰ পৰা বাহিৰ হ’বলগীয়া হৈছে। এনে পৰিস্থিতিত দলত সালসলনি ঘটাবলৈ বাধ্য হয় নিৰ্বাচক সমিতি।

আয়াৰ আৰু বিষ্ণৈৰ প্ৰত্যাৱৰ্তন

আঘাতপ্ৰাপ্ত ৱাশ্বিংটন সুন্দৰৰ স্থানত লেগ স্পিনাৰ ৰবি বিষ্ণৈক দলত অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে, তিলক বাৰ্মাৰ স্থানত প্ৰথম তিনিখন মেচৰ বাবে সুযোগ লাভ কৰিছে তাৰকা বেটাৰ শ্ৰেয়স আয়াৰে। উল্লেখ্য যে প্ৰায় ২ বছৰৰ বিৰতিৰ পিছত আয়াৰে টি-২০ দললৈ প্ৰত্যাৱৰ্তন কৰিছে। তেওঁ ২০২৩ চনৰ ডিচেম্বৰত অন্তিমবাৰৰ বাবে টি-২০ খেলিছিল।

ইফালে ৰবি বিষ্ণৈও ২০২৫ চনৰ ফেব্ৰুৱাৰীৰ পৰা দলৰ বাহিৰত আছিল। লক্ষণীয়ভাৱে দলৰ পৰা বাদ পৰাৰ পূৰ্বে যুৱ স্পিনাৰগৰাকীয়ে টি-২০ বলিং ৰেংকিঙৰ শীৰ্ষস্থানো দখল কৰিছিল। কিন্তু তাৰ পিছতে বাদ পৰিবলগা হৈছিল বিষ্ণৈ। এনে পৰিস্থিতিত এতিয়া আগন্তুক এই শৃংখলাটো দুয়োজন খেলুৱৈৰ বাবে নিজক প্ৰমাণ কৰাৰ এক সোণালী সুযোগ।

টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমচন (উইকেটকীপাৰ), শ্ৰেয়স আয়াৰ (প্ৰথম তিনিখন মেচৰ বাবে), হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল (সহ-অধিনায়ক), ৰিংকু সিং, যশপ্ৰীত বুমৰাহ, হৰ্ষিত ৰাণা, অৰ্শদীপ সিং, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, ঈশান কিষাণ (উইকেটকীপাৰ) আৰু ৰবি বিষ্ণৈ।