Shreya Ghosal: গুৱাহাটীলৈ আহিব শ্ৰেয়া ঘোষাল, বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত কৰিব সংগীত পৰিৱেশন
ICC Women’s ODI World Cup: অহা ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব মহিলাৰ এদিনীয়া বিশ্বকাপ। ভাৰতৰ লগতে শ্ৰীলংকাই যৌথভাৱে এই প্ৰতিযোগিতাখন আয়োজন কৰিছে। গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে।

কেইদিনমানৰ পিছত আৰম্ভ হ’ব মহিলাৰ এদিনীয়া বিশ্বকাপ। বৰ্তমানলৈকে আই চি চি প্ৰতিযোগিতাত মহিলা ক্ৰিকেটত ভাৰতৰ একমাত্ৰ সফলতা হৈছে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ। ছিনিয়ৰ দলটোৱে ৱান ডে আৰু টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ট্ৰফী আনিবলৈ সক্ষম হোৱা নাছিল। এইবাৰ ঘৰুৱা খেলপথাৰত হ’ব বিশ্বকাপ, য’ত জয়ী হোৱাৰ হেঁপাহ আৰু আশা বেছি। প্ৰস্তুতিৰ ক্ষেত্ৰত হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় দলটোৱে এক সুন্দৰ স্থানত উপনীত হৈছে। এইফালে বিশ্বকাপৰ টিকটৰ মূল্যও ৰাজহুৱা কৰিছে। গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ICC Women’s ODI World Cup ৰ উদ্বোধনী অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষলে।
Exciting news 🤩
India’s musical pride @shreyaghoshal will get Guwahati grooving at the @cricketworldcup Grand Opening Ceremony ahead of the tournament opener between @BCCI and @OfficialSLC on September 30 🎶
Details 👉 https://t.co/XRP281vd9c pic.twitter.com/MoJBmtk7rS
— ICC (@ICC) September 4, 2025
অহা ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব মহিলাৰ এদিনীয়া বিশ্বকাপ। ভাৰতৰ লগতে শ্ৰীলংকাই যৌথভাৱে এই প্ৰতিযোগিতাখন আয়োজন কৰিছে। ভাৰতত অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান আৰু ফাইনেল। লীগ খেলখনৰ টিকটৰ মূল্য ভাৰতীয় মুদ্ৰাত মাত্ৰ ১০০ টকা ৰখা হৈছে।
দেশৰ অন্যতম শ্ৰেষ্ঠ কণ্ঠশিল্পী শ্ৰেয়া ঘোষালে টুৰ্ণামেন্টৰ anthem song ত কণ্ঠদান কৰিছে। ‘Bring It Home’, এই গীতটো ভাৰতলৈ বিশ্বকাপ অনাৰ ধাৰণাটোৰ ওপৰত! কেৱল সেয়াই নহয়, উদ্বোধনী অনুষ্ঠানত গান গাব শ্ৰেয়া ঘোষালে। বহুদিনৰ মূৰত স্মৃতি মান্ধনা, হৰমনপ্ৰীত কৌৰ, ৰিচা ঘোষালে ঘৰুৱা খেলপথাৰত বিশ্বকাপ খেলাৰ সুযোগ পাব। যদি জয়ী হ’ব পাৰে তেন্তে প্ৰথম ট্ৰফীৰ সোৱাদ বেলেগ হ’ব, আকৌ কোৱাৰ প্ৰয়োজন নাই।