শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰোহিত শৰ্মাৰ বিদায়, কোন হ’ব টীম ইণ্ডিয়াৰ নতুন টেষ্ট অধিনায়ক? চৰ্চাত এইসমূহ নাম…

২০২৫ চনৰ ৭ মে’ত ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। এতিয়া  টীম ইণ্ডিয়াৰ খেলুৱৈৰ ভিতৰত ৰোহিত শৰ্মাৰ ঠাইত আৰু কোনে টেষ্ট ক্ৰিকেটত স্থান লাভ কৰিব? তেওঁৰ ঠাইত কাক টীম ইণ্ডিয়াৰ অধিনায়ক হিচাপে দেখা যাব?

ৰোহিত শৰ্মাৰ বিদায়, কোন হ’ব টীম ইণ্ডিয়াৰ নতুন টেষ্ট অধিনায়ক? চৰ্চাত এইসমূহ নাম…
কোন হ'ব টীম ইণ্ডিয়াৰ নতুন টেষ্ট অধিনায়ক?Image Credit source: PTI
trishna-kalita
Trishna Kalita | Published: 08 May 2025 11:48 AM

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’লে ৰোহিত শৰ্মাই। এতিয়া প্ৰশ্ন হয় টীম ইণ্ডিয়াৰ নতুন টেষ্ট অধিনায়ক কোন হ’ব? ইংলেণ্ডত দলটোক কোনে নেতৃত্ব দিব? টেষ্ট ক্ৰিকেটত দলটোক আৰু আগুৱাই লৈ যাব কোনে? এই সন্দৰ্ভত চৰ্চালৈ আহিছে শুভমন গীল, ঋষভ পণ্ট, কে এল ৰাহুল আৰু যশপ্ৰীত বুমৰাহৰ নাম। কিন্তু প্ৰশ্ন হয়, কোন হ’ব? এই সন্দৰ্ভত ক্ৰিকেট বিশেষজ্ঞসকলৰো মতামত বেলেগ বেলেগ। কিন্তু এই অধিনায়কত্বৰ বিকল্পসমূহৰ ভিতৰত এটা বিকল্প আছে য’ত দলৰ কমাণ্ড গতাই দিয়াৰ বাবে ৫টা ডাঙৰ কাৰক আছে।

কুম্বলে বুমৰাৰ নামৰ পোষকতা কৰিছিল

আৰম্ভ কৰোঁ আটাইতকৈ জ্যেষ্ঠ আৰু অভিজ্ঞ যশপ্ৰীত বুমৰাহৰ পৰা। অনিল কুম্বলেৰ দৰে প্ৰবীণ খেলুৱৈ বুমৰাহক অধিনায়ক কৰাৰ পোষকতা কৰিছে। তেওঁৰ দৃষ্টিত বুমৰাহ হয়তো উত্তম বিকল্প হ’ব পাৰে। কিন্তু শেহতীয়াকৈ ওলোৱা বাতৰি অনুসৰি কোৱা হৈছিল যে কামৰ বোজাৰ বাবে বুমৰাহ ইংলেণ্ডত সকলো টেষ্ট খেলিব নোৱাৰে। ইয়াৰ পিছতো তেওঁ টেষ্টৰ অধিনায়ক হোৱাৰ সম্ভাৱনা আছেনে? বুমৰাৰ এতিয়ালৈকে ৩খন টেষ্টত অধিনায়কত্বৰ অভিজ্ঞতা আছে, য’ত তেওঁ ১খনত জয়লাভ কৰিছে আৰু ২খনত পৰাস্ত হৈছে।তেওঁৰ অধিনায়কত্বৰ অধীনত খেলা টেষ্টত তেওঁ গড়ে ১৬.৪৬ ৰানত ১৫টা উইকেট দখল কৰিছে।

এই ৫টা কাৰকে গীলক অধিনায়ক কৰিব পাৰে

অধিনায়কত্বৰ বিকল্পৰ ভিতৰত শুভমন গীল আটাইতকৈ কম বয়সীয়া। অৰ্থাৎ কম অভিজ্ঞতা থকা। কিন্তু, যদি দীৰ্ঘম্যাদী অধিনায়ক বনাব লাগে তেন্তে ভাৰতৰ টেষ্ট দলৰ বাবে গীল যেন আটাইতকৈ ভাল বিকল্প। এই কথা কোৱাৰ আঁৰত ৫টা ডাঙৰ কাৰক আছে।

প্ৰথমতে গীলক ক্ৰিকেটাৰ হিচাপে কেনেকুৱা দেখা যায় তাৰ ওপৰত। দ্বিতীয়তে, এজন অধিনায়কৰ শৰীৰৰ চলন আৰু সিদ্ধান্তত প্ৰতিফলিত হ’বলগীয়া আক্ৰমণাত্মক পন্থাটো গীলত দেখা যায়। যদি গীল অধিনায়ক হয় তেন্তে ইয়াৰ দ্বাৰা দল পৰিচালনাৰ আক্ৰমণাত্মক দৃষ্টিভংগীও প্ৰতিফলিত হ’ব। তৃতীয়টো হ’ল দীৰ্ঘম্যাদী দৃষ্টিভংগী, যিটো এটা দলক আগুৱাই নিবলৈ প্ৰয়োজনীয়। শুভমন গীল এতিয়া যুৱ। তেওঁৰ নতুন চিন্তাধাৰা দলৰ বাবে উপযোগী হ’ব পাৰে। এনে পৰিস্থিতিত তেওঁক অধিনায়কৰ স্থান দিয়াটো দলৰ দীৰ্ঘম্যাদী স্বাৰ্থৰ সিদ্ধান্ত হ’ব।

চতুৰ্থতে, বয়সৰ কাৰক। গীলৰ বয়স মাত্ৰ ২৫ বছৰ। এই বয়সত যদি তেওঁ দলৰ বাঘজৰী পায় তেন্তে আগন্তুক সময়ৰ বাবে ই এক মাষ্টাৰ ষ্ট্ৰ’ক বুলি প্ৰমাণিত হ’ব পাৰে। গীলৰ হাতত নিজৰ দল গঢ়িবলৈ আৰু টেষ্ট ক্ৰিকেটত শাসন কৰিবলৈ যথেষ্ট সময় থাকিব। পঞ্চম আৰু শেষটো হ’ল কৌশলগত সিদ্ধান্ত, যিটো শুভমন গীলে প্ৰয়োজন হ’লে ল’বলৈ কুণ্ঠাবোধ কৰা যেন নালাগে।

ঋষভ পণ্ট আৰু কে এল ৰাহুল

বুমৰাহ আৰু শুভমন গীলৰ বাহিৰেও টেষ্টত অধিনায়ক পদৰ বাবে আৰু দুজন প্ৰতিদ্বন্দ্বী আছে – ঋষভ পণ্ট আৰু কে এল ৰাহুল। এই দুজনৰ ভিতৰত পণ্টৰ টেষ্টত অধিনায়কত্বৰ কোনো অভিজ্ঞতা নাই। কিন্তু ৰেডবল ক্ৰিকেটত তেওঁৰ খেল আৰু আক্ৰমণাত্মক দৃষ্টিভংগী বিবেচনা কৰিলে তেওঁৰ নামটোও বিবেচনা কৰিব পাৰি। আনহাতে কে এল ৰাহুলে এতিয়ালৈকে ৩ খন টেষ্টত অধিনায়কত্বৰ অভিজ্ঞতা লাভ কৰিছে। সেই ৩ খন টেষ্টৰ ভিতৰত ২ খনতো তেওঁলোকে জয়লাভ কৰিছে। ভাল কথাটো হ’ল উইকেটকীপাৰ বেটছমেন হিচাপে তেওঁ যেন দল পৰিচালনাৰ প্ৰথম পছন্দ। এনে পৰিস্থিতিত তেওঁ যদি টেষ্টৰ অধিনায়কত্বও পায় তেন্তে আচৰিত হোৱাৰ কাৰণ নাই।