কপাল ফুলিব ৰিয়ান পৰাগৰ! লাভ কৰিব পাৰে অধিনায়কৰ পদ, অপেক্ষা কেইটামান দিনৰ…
এতিয়ালৈকে টি-২০ ফৰ্মেটত ৰিয়ানে ১৭খন মেচত অসমক নেতৃত্ব দিছে। ইয়াৰে ১০খন মেচত জয়লাভ কৰিছে অসমে। তদুপৰি সঞ্জু চেমছনৰ অনুপস্থিতিত ৰিয়ানে যোৱা ছিজনত ৰাজস্থান ৰয়েলছকো নেতৃত্ব দিছে।

ৰাজ্যৰ প্ৰথমগৰাকী পুৰুষ ক্ৰিকেটাৰ হিচাপে ইতিহাস সৃষ্টি কৰি ভাৰতীয় দলত স্থান লাভ কৰিছিল ৰিয়ান পৰাগে। অৱশ্যে আঘাতৰ বাবে দলৰ পৰা বাহিৰত থাকিবলগা হৈছিল যুৱ খেলুৱৈগৰাকী। সম্প্ৰতি পুনৰ জাতীয় দললৈ প্ৰত্যাৱৰ্তনৰ চেষ্টাত ব্ৰত ৰিয়ান। আগন্তুক এছিয়া কাপৰ বাবে ৰিয়ানৰ নাম ষ্টেণ্ড বাই খেলুৱৈৰ তালিকাতো আছে। এতিয়া মাত্ৰ এক সঠিক সুযোগৰ অপেক্ষাত প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈগৰাকী। জাতীয় দলত স্থান লাভৰ অপেক্ষাত থাকিলেও পিছে আই পি এল ২০২৬ত ৰিয়ানে লাভ কৰিব পাৰে গধুৰ দায়িত্ব।
আই পি এলৰ ১৮ সংখ্যক সংস্কৰণ সামৰণি পৰাৰ পিছৰে পৰা ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমচন সন্দৰ্ভত বহু চৰ্চা হোৱা দেখা গৈছে। আগন্তুক ছিজনৰ পূৰ্বে চেমচনে ৰাজস্থান এৰিব পাৰে বুলি খবৰ প্ৰকাশ পাইছে। ইতিমধ্যে দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়েও দায়িত্ব এৰিছে। তাৰ মাজতে চৰ্চালৈ আহিছে ৰিয়ান।
শেহতীয়া চৰ্চা অনুসৰি, ৰিয়ান পৰাগ আগন্তুক ছিজনৰ আই পি এলত ৰাজস্থান ৰয়েলছৰ অধিনায়ক হ’ব পাৰে। এইক্ষেত্ৰত যশস্বী জয়ছোৱালৰ নামো চৰ্চালৈ আহিছে যদিও ৰিয়ানৰ নাম অধিনায়ক হিচাপে অধিক আলোচিত হৈছে। ৰাহুল দ্ৰাবিড়ৰ পদত্যাগৰ পিছত ৰাজস্থান ৰয়েলছৰ ভিতৰচৰাত তিনিটা বিভক্ত শিবিৰ থকা বুলি ব্যাপক খবৰ ওলাইছে।
এই খবৰ মতে, এটা গোটে যশস্বী জয়ছোৱালক পৰৱৰ্তী অধিনায়ক বিচাৰে আৰু আন এটা গোটৰ মতে ৰিয়ান পৰাগক এই দায়িত্ব দিয়া উচিত। তৃতীয়টো গোটে অৱশ্যে সঞ্জু চেমচনেই এই স্থানত বাহাল থকাটো বিচাৰে। তেনে পৰিস্থিতিত দলটোৰ অধিনায়ক সন্দৰ্ভত এতিয়াই স্পষ্টকৈ কোৱাটো কঠিন। সোনকালেই হয়তো দলৰ মেনেজমেণ্টে এই বিষয়ত সিদ্ধান্ত ল’ব পাৰে।
কিন্তু চেমচনে যদি ৰাজস্থান ত্যাগ কৰে, এইক্ষেত্ৰত ৰিয়ানে দায়িত্ব পোৱাৰ সম্ভাৱনা অধিক। ইতিমধ্যে ৰিয়ানৰ নেতৃত্বৰ দায়িত্ব বহন কৰাৰ অভিজ্ঞতা আছে। এতিয়ালৈকে টি-২০ ফৰ্মেটত ৰিয়ানে ১৭খন মেচত অসমক নেতৃত্ব দিছে। ইয়াৰে ১০খন মেচত জয়লাভ কৰিছে অসমে। তদুপৰি সঞ্জু চেমছনৰ অনুপস্থিতিত ৰিয়ানে যোৱা ছিজনত ৰাজস্থান ৰয়েলছকো নেতৃত্ব দিছে।
অৱশ্যে ৰাজস্থানৰ অধিনায়ক হিচাপে ৰিয়ান বিশেষ সফল হোৱা নাই। এইপৰ্যন্ত ৰাজস্থানৰ অধিনায়ক ৰূপে ৰিয়ানে ৮খন মেচৰ ভিতৰত মাত্ৰ দুখন মেচত জয়লাভ কৰিছে। আনহাতে যশস্বী জয়ছোৱালৰ কেৰিয়াৰত এইপৰ্যন্ত অধিনায়ক হিচাপে কোনো অভিজ্ঞতা নাই। তেনে পৰিস্থিতিত চেমচনে বিদায় ল’লে ৰিয়ানৰ ওপৰত আস্থা প্ৰকাশ কৰিব পাৰে ৰাজস্থানৰ টীম মেনেজমেণ্টে।