শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিজকে কিয় ইমান শাস্তি দিলে পণ্টে! ইংলেণ্ডৰ বিপক্ষে শৃংখলাৰ মাজতে পোহৰলৈ এনে তথ্য

ইংলেণ্ডৰ বিপক্ষে চলিত টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত পণ্টে দুয়োটা ইনিংছতে চমকপ্ৰদ শতক অৰ্জন কৰে। পিছে সফলতাৰ এই পথ ইমান সহজ নাছিল ঋষভ পণ্টৰ বাবে। এক কঠিন সময় অতিবাহিত কৰাৰ সমান্তৰালকৈ নিজৰ ওপৰতে একপ্ৰকাৰে কঠোৰ শাস্তি দিয়াৰ পিছত পণ্টে লাভ কৰিছে সফলতা।

নিজকে কিয় ইমান শাস্তি দিলে পণ্টে! ইংলেণ্ডৰ বিপক্ষে শৃংখলাৰ মাজতে পোহৰলৈ এনে তথ্য
ঋষভ পণ্টৰ প্ৰত্যাৱৰ্তনৰ আঁৰৰ কাহিনীImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 30 Jun 2025 15:25 PM

শেহতীয়া কেইটামান বছৰত ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ অন্যতম সফল তাৰকা হিচাপে বিবেচিত হৈছে ঋষভ পণ্ট। নিজৰ ধাৰাবাহিক প্ৰদৰ্শনৰ সুবাদত তেওঁ বৰ্তমান ভাৰতীয় টেষ্ট দলৰ সহ-অধিনায়ক হিচাপে দায়িত্ব লাভ কৰিছে। এই নতুন দায়িত্ব লাভ কৰিয়েই পণ্টে দেখুৱালে চমক। ইংলেণ্ডৰ বিপক্ষে চলিত টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত পণ্টে দুয়োটা ইনিংছতে চমকপ্ৰদ শতক অৰ্জন কৰে। লীডছত অনুষ্ঠিত এই টেষ্টখনত পণ্ট বিদেশৰ ভূমিত অনুষ্ঠিত টেষ্টৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন উইকেটকীপাৰ হিচাপে পৰিগণিত হয়।

পিছে সফলতাৰ এই পথ ইমান সহজ নাছিল ঋষভ পণ্টৰ বাবে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত দুৰ্বল প্ৰদৰ্শন আৰু বিশেষকৈ মেলবৰ্ণ টেষ্টত ভুল শ্বটৰ বাবে কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল পণ্ট। এই সমালোচনাত অৱশ্যে নিৰাশ নহ’ল পণ্ট, বৰঞ্চ অধিক শক্তিশালীভাৱে তেওঁ ঘটালে প্ৰত্যাৱৰ্তন।  মেলবৰ্ণ টেষ্টত এটা অপ্ৰয়োজনীয় শ্বট খেলি পণ্ট আউট হোৱাৰ পিছত ধাৰাভাস্যকাৰ হিচাপে থকা ভাৰতীয় প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰে তেওঁক তীব্ৰ নিন্দা কৰে।

এই শৃংখলাত ভাৰতীয় দল শোচনীয় পৰাজয়ৰ সন্মুখীন হয়। ইফালে চেম্পিয়নছ ট্ৰফী ২০২৫ খিতাপ জয় কৰা ভাৰতীয় দলৰো অংশ আছিল পণ্ট। কিন্তু প্ৰতিযোগিতাত এখনো মেচ খেলাৰ সুযোগ নাপালে তাৰকাগৰাকীয়ে। এই সময়খিনিয়ে স্বাভাৱিকতেই পণ্টক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। ইয়াৰ পিছতে তেওঁ উপলব্ধি কৰে যে নিজৰ খেলৰ সমান্তৰালকৈ জীৱনশৈলীৰ পৰিৱৰ্তন কৰাটোও অত্যন্ত প্ৰয়োজনীয়।

ইয়াৰ পিছতে পণ্টে গ্ৰহণ কৰে বিশেষ পদক্ষেপ। টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ মাৰ্চ মাহত পণ্টে নিজৰ ফোনৰ পৰা হোৱাটছএপ ডিলিট কৰে আৰু ফোনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ দিনটোৰ অধিকাংশ সময় বন্ধ কৰি ৰাখিছিল। প্ৰয়োজনৰ সময়তহে মাত্ৰ তেওঁ ফোন ব্যৱহাৰ কৰিবলৈ লয়। ইয়াৰ লগতে তেওঁ নিজৰ ফিটনেছ আৰু বেটিঙৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

ভাৰতৰ প্ৰাক্তন ষ্ট্ৰেংথ এণ্ড কণ্ডিচনিং প্ৰশিক্ষক সোহাম দেশাইয়ে কয় যে এই সময়ছোৱাত পণ্টে নিজৰ ফিটনেছৰ ওপৰত যথেষ্ট কাম কৰিছিল। ভাগৰ বা কামৰ হেঁচাৰ পিছতো তেওঁ প্ৰতিদিনে কেইবাঘণ্টা ধৰি জিমত কঠোৰ পৰিশ্ৰম কৰিছিল। পণ্টৰ একমাত্ৰ লক্ষ্য আছিল নিজকে উন্নত কৰা। চেম্পিয়নছ ট্ৰফীত দলৰ বাহিৰত থকাৰ সময়তো তেওঁ নিজৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিছিল।

দেশাইয়ে টাইমছ অৱ ইণ্ডিয়াৰ আগত উল্লেখ কৰা মতে দিনে-ৰাতিয়ে পণ্টে কঠিন পৰিশ্ৰম কৰিছিল। যেতিয়াই সময় পায়, তেতিয়াই তেওঁ জিমলৈ যায়। ভাগৰ বা কামৰ হেঁচা অনুভৱ নকৰাকৈ তেওঁ মাত্ৰ নিজৰ ওপৰত কাম কৰিছিল। পণ্টৰ এই কঠোৰ শ্ৰমে অৱশেষত ফল দিলে আৰু হেডিংলি টেষ্টত দুয়োটা ইনিংছতে খেলে চমকপ্ৰদ শতকীয় ইনিংছ। আনকি মেলবৰ্ণত তীব্ৰ সমালোচনা কৰা সুনীল গাভাস্কাৰো লীডছত পণ্টৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।