এটা মাত্ৰ ইনষ্টাগ্ৰাম পোষ্টৰ বাবে কোহলীয়ে কিমান ধন লাভ কৰে জানেনে! শুনিলে আচৰিত হ’ব আপুনি
এনে কাৰণতে সামাজিক মাধ্যমতো বিৰাট কোহলীৰ অনুৰাগীৰ বহু বেছি। ইনষ্টাগ্ৰামত কোহলীৰ ফ’ল’ৱাৰ আছে ২৭৪ মিলিয়ন। ভাৰতীয় খেলুৱৈগৰাকীৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন পোহৰলৈ আহিছে। এই প্ৰতিবেদন অনুসৰি ভাৰতীয় ক্ৰিকেট দলৰ সদস্যৰ ভিতৰত সামাজিক মাধ্যমৰ পোষ্টৰ পৰা বিৰাট কোহলীয়ে সৰ্বাধিক টকা উপাৰ্জন কৰে। এই ধনৰ পৰিমাণ কিমান জানেনে?

সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ বুলিয়ে নহয়, ক্ৰিকেট ইতিহাসৰে এগৰাকী অন্যতম শ্ৰেষ্ঠ তাৰকা হিচাপে চিৰবন্দিত বিৰাট কোহলী। ভাৰতীয় তাৰকাগৰাকীয়ে দৰ্শনীয় বেটিঙেৰে নিজ কেৰিয়াৰত এনে এক স্থান দখল কৰি লৈছে। অৱশ্যে সম্প্ৰতি কেৱল এদিনীয়া ফৰ্মেটতহে দেখা যাব কোহলীক। ইতিমধ্যে তেওঁ টি-২০ ফৰ্মেট আৰু টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। কেৰিয়াৰৰ সমাপ্তি প্ৰায় চমু চাপি আহিলেও পিছে অলপো হ্ৰাস পোৱা নাই বিৰাট কোহলীৰ। কেৱল ভাৰতত বুলিয়েই নহয়, সমগ্ৰ বিশ্বতে কোহলীৰ আছে বিপুল অনুৰাগী।
এনে কাৰণতে সামাজিক মাধ্যমতো বিৰাট কোহলীৰ অনুৰাগীৰ বহু বেছি। ইনষ্টাগ্ৰামত কোহলীৰ ফ’ল’ৱাৰ আছে ২৭৪ মিলিয়ন। এই অনুৰাগীসকলে সততে বিৰাট কোহলীৰ একাউণ্ট তথা পোষ্টৰ ওপৰত চকু ৰাখে। তেওঁৰ পোষ্টত অনুৰাগীৰ সঁহাৰি দেখিলেই এই কথা বুজিব পাৰি। ইয়াৰ মাজতে ভাৰতীয় খেলুৱৈগৰাকীৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন পোহৰলৈ আহিছে।
এই প্ৰতিবেদন অনুসৰি ভাৰতীয় ক্ৰিকেট দলৰ সদস্যৰ ভিতৰত সামাজিক মাধ্যমৰ পোষ্টৰ পৰা বিৰাট কোহলীয়ে সৰ্বাধিক টকা উপাৰ্জন কৰে। এটা পোষ্টৰ বাবে তেওঁ কোটি টকাৰ ঘৰত ধন লাভ কৰে বুলি প্ৰতিবেদনত কোৱা হৈছে। প্রতিবেদন মতে, বিৰাট কোহলীয়ে ইনষ্টাগ্ৰামৰ এটা পোষ্টৰ পৰা ১২ কোটি টকা উপাৰ্জন কৰে। শেহতীয়াকৈ আৰচিবিয়ে আই পি এল ২০২৫ৰ খিতাপ জয় কৰাৰ পিছত বিৰাট কোহলীৰ নামে সামাজিক মাধ্যমত সৰ্বাধিক ট্ৰেণ্ডিঙত আছিল।
বিগত বৰ্ষৰ টি-২০ বিশ্বকাপ জয়ৰ পিছত খিতাপ হাতত লৈ বিৰাট কোহলীয়ে তোলা ছবিয়েও সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল। বিৰাট কোহলীয়ে এটা পোষ্টৰ বাবে ১২ কোটি টকা লাভ কৰাৰ বিপৰীতে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে এটা পোষ্টৰ পৰা ১.৫ কোটি টকা উপাৰ্জন কৰে। ভাৰতত মাত্ৰ এই দুগৰাকী ক্ৰিকেটাৰেই ঈনষ্টাগ্ৰামৰ পৰা এটা পোষ্টৰ বাবে কোটি কোটি লাভ কৰে।
এই তালিকাৰ তৃতীয় স্থানত আছে ৰোহিত শৰ্মা। ইনষ্টাগ্ৰামত এটা পোষ্টৰ বাবে ৰোহিত শৰ্মাই ৭৬ লাখ টকা উপাৰ্জন কৰে। ইফালে চতুৰ্থ স্থানত থকা হাৰ্দিক পাণ্ডিয়াই ৬৫ লাখ টকা আৰু পঞ্চম স্থানত থকা প্ৰাক্তন খেলুৱৈ সুৰেশ ৰাইনাই এটা পোষ্টৰ বাবে সুৰেশ ৰাইনাই ৩৪ লাখ টকা উপাৰ্জন কৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।