প্ৰৱঞ্চনা, শাৰীৰিক-মানসিক হাৰাশাস্তি…RCBৰ তাৰকা খেলুৱৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ওচৰত অভিযোগ দাখিল মহিলাৰ
ভুক্তভোগী মহিলাগৰাকীয়ে এই বিষয়ত মুখ্যমন্ত্ৰী হেল্পলাইন পৰ্টেলত এজাহাৰ দাখিল কৰি ছ’চিয়েল মিডিয়াত ইয়াৰ স্ক্ৰীণশ্বট পোষ্ট কৰে। এই পোষ্টটোত মহিলাগৰাকীয়ে দয়ালৰ সৈতে তেওঁৰ ফটো শ্বেয়াৰ কৰিছে। অভিযোগত এইগৰাকী মহিলাই দাবী কৰিছে যে যোৱা ৫ বছৰ ধৰি ক্ৰিকেটাৰগৰাকীৰ সৈতে সম্পৰ্কত আছিল যদিও এইগৰাকী খেলুৱৈয়ে তেওঁক বিবাহৰ প্ৰলোভনেৰে আৱেগিক, মানসিক আৰু শাৰীৰিকভাৱে শোষণ কৰিছিল।

ডাঙৰ বিতৰ্কৰ মাজত সোমাই পৰিছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰা বিখ্যাত হোৱা এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ । শেহতীয়াকৈ আই পি এল ২০২৫ত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক চেম্পিয়ন কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা যশ দয়ালৰ বিৰুদ্ধে শোষণ, হিংসা আৰু প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলাই। ভুক্তভোগী মহিলাগৰাকীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে এই বাওঁহাতৰ বেগী বলাৰগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এই বিষয়ত ন্যায় বিচাৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰাজ্য আৰক্ষীক আবেদন জনাইছে ভুক্তভোগী মহিলাগৰাকীয়ে।
বৰ্তমান ঘৰুৱা ক্ৰিকেটত উত্তৰ প্ৰদেশৰ হৈ আৰু আই পি এলত বাংগালুৰুৰ হৈ খেলা যশ দয়ালে শেহতীয়াকৈ এই লীগৰ পৰা বহু খ্যাতি অৰ্জন কৰিছে। আনকি যোৱা বছৰ তেওঁক প্ৰথমবাৰৰ বাবে ভাৰতৰ টি-২০ দললৈ মাতি নিয়া হৈছিল, আনহাতে তেওঁ ইণ্ডিয়া এৰ হৈও কিছু মেচ খেলিছে।৩ জুনত দয়ালে প্ৰথমবাৰৰ বাবে আৰ চি বিক আই পি এল চেম্পিয়ন কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিন্তু এতিয়া এই অভিযোগে জিলিকনি ম্লান কৰিছে দয়ালৰ কৃতিত্ব।
৫ বছৰ ধৰি ক্ৰিকেটাৰগৰাকীৰ সৈতে সম্পৰ্ক
ভুক্তভোগী মহিলাগৰাকীয়ে এই বিষয়ত মুখ্যমন্ত্ৰী হেল্পলাইন পৰ্টেলত এজাহাৰ দাখিল কৰি ছ’চিয়েল মিডিয়াত ইয়াৰ স্ক্ৰীণশ্বট পোষ্ট কৰে। এই পোষ্টটোত মহিলাগৰাকীয়ে দয়ালৰ সৈতে তেওঁৰ ফটো শ্বেয়াৰ কৰিছে। অভিযোগত এইগৰাকী মহিলাই দাবী কৰিছে যে যোৱা ৫ বছৰ ধৰি ক্ৰিকেটাৰগৰাকীৰ সৈতে সম্পৰ্কত আছিল যদিও এইগৰাকী খেলুৱৈয়ে তেওঁক বিবাহৰ প্ৰলোভনেৰে আৱেগিক, মানসিক আৰু শাৰীৰিকভাৱে শোষণ কৰিছিল। মহিলাগৰাকীয়ে তেওঁৰ এজাহাৰত দাবী কৰিছে যে যেতিয়া ক্ৰিকেটাৰগৰাকীয়ে তেওঁক পৰিয়ালৰ সৈতে চিনাকি কৰাই দিছিল তেতিয়া তেওঁক হ’বলগীয়া বোৱাৰী হিচাপে চিনাকি কৰাই দিছিল আৰু তেওঁক বিশ্বাস দিছিল।
লগতে মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে ক্ৰিকেটাৰগৰাকীয়ে তেওঁক প্ৰতাৰণা কৰা বুলি গ’ম পোৱাৰ লগে লগে তেওঁ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ পিছত শাৰীৰিক আৰু মানসিক হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়। আনকি অভিযোগকাৰীয়ে অভিযোগ কৰিছে যে ক্ৰিকেটাৰগৰাকীয়ে একেদৰেই আন বহু মহিলাৰ সৈতে মিছা সম্পৰ্ক স্থাপন কৰিছিল। ভুক্তভোগী মহিলাগৰাকীয়ে লগতে অভিযোগ কৰে যে ১৪ জুনত মহিলা হেল্পলাইনত বিষয়টো সন্দৰ্ভত অভিযোগ উত্থাপন কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ পিছতে মুখ্যমন্ত্ৰী হেল্পলাইনৰ পৰা সহায় বিচাৰিবলৈ বাধ্য হয়।
অভিযোগত ক’তো ক্ৰিকেটাৰগৰাকীৰ নাম লিখা নাছিল যদিও ছ’চিয়েল মিডিয়া পোষ্টত যশ দয়ালৰ সৈতে তেওঁৰ ফটো শ্বেয়াৰ কৰিছে। অৱশ্যে এই বিষয়ত এতিয়ালৈকে যশ দয়ালে পৰা কোনো স্পষ্টীকৰণ বা মন্তব্য প্ৰকাশ কৰা নাই। ভুক্তভোগী মহিলাগৰাকীয়ে ২১ জুনত মুখ্যমন্ত্ৰীৰ হেল্পলাইনত এই অভিযোগ দাখিল কৰিছিল আৰু তাৰ পিছত ২৫ জুনত ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল।ইয়াৰ এদিন পিছত যশ দয়ালে ইনষ্টাগ্ৰামত নিজৰ এখন ফটো পোষ্ট কৰিছিল, য’ত লিখা আছিল – ‘নিৰ্ভীক’ (Fearless)।
ইয়াৰ পিছত অভিযোগকাৰীয়ে এই পোষ্টটোত দয়ালক টাৰ্গেট কৰি ইনষ্টাগ্ৰাম পোষ্টটোত লিখিছে যে যদি তেওঁ নিৰ্ভীক হয় তেন্তে তেওঁ সত্যৰ সন্মুখীন হ’ব লাগে। ভুক্তভোগী মহিলাগৰাকীয়ে যশ দয়ালৰ সৈতে তেওঁৰ কিছু ফটো ইনষ্টাগ্ৰাম একাউণ্টতো পোষ্ট কৰিছে। আনকি ২০২২ চনত যেতিয়া দয়াল গুজৰাট টাইটানছৰ অংশ আছিল আৰু দলটো চেম্পিয়ন হৈছিল, তেতিয়াও সেই ফাইনেলৰ পিছতো দয়ালৰ বাহিৰেও ভুক্তভোগী মহিলাগৰাকীয়ে নিজৰ পৰিয়াল আৰু গুজৰাট টাইটানছৰ অন্যান্য খেলুৱৈৰ সৈতে নিজৰ ফটো ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল।