শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মৃত্যুৰ পাছত ১৩ দিন পৰ্যন্ত কিয় পৃথিৱীত থাকে আত্মা, এই সময়ত কি কি হয়? জানক গৰুড় পুৰাণৰ তথ্য…

হিন্দু ধৰ্মৰ অন্যতম এখন পুৰাণ হ'ল গৰুড় পুৰাণ। ইয়াত মৃত্যু, মৃত্যুৰ পিছত জীৱৰ গতি, আৰু অন্ত্যেষ্টিক্ৰিয়াৰ আনুষ্ঠানিকতাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। ইয়াতে উল্লেখ যে, কোনো লোকৰ মৃত্যুৰ পাছত ১৩ দিন কিয় আত্মাটো পৃথিৱীত থাকে।

মৃত্যুৰ পাছত ১৩ দিন পৰ্যন্ত কিয় পৃথিৱীত থাকে আত্মা, এই সময়ত কি কি হয়? জানক গৰুড় পুৰাণৰ তথ্য…
গৰুড় পুৰাণImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 30 Jun 2025 19:57 PM

মৃত্যু সন্দৰ্ভত বহুতে বহু মত প্ৰকাশ কৰে। হিন্দু ধৰ্মত কোনো লোকৰ মৃত্যু হ’লে বিভিন্ন নীতি-নিয়মৰ যোগেদি মৃতকৰ আত্মাৰ সদগতিৰ কামনা কৰা হয়। বহুতে কয়, মৃত্যুৰ পাছত ১৩ দিন আত্মাটোৱে পৃথিৱীত থাকে। কিন্তু কিয় এনে হয়, ইয়াৰ আঁৰত কি আছে এই সকলোবোৰ উল্লেখ আছে গৰুড় পুৰানত। উল্লেখ্য যে, হিন্দু ধৰ্মৰ ৮ খন মুখ্য পুৰাণৰ ভিতৰত অন্যতম গৰুড় পুৰাণ। ইয়াত মৃত্যু, মৃত্যুৰ পিছত জীৱৰ গতি, আৰু অন্ত্যেষ্টিক্ৰিয়াৰ আনুষ্ঠানিকতাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হৈছে।

গৰুড় পুৰাণৰ মতে কোনো ব্যক্তিৰ মৃত্যুৰ পাছত ১৩ দিন পৃথিৱীত থকা তেওঁ সূক্ষ্ম শৰীৰ নিৰ্মাণ, মোহৰ বাবে আত্মীয়ৰ কাষত ঘূৰি ফুৰা, যমলোকৰ যাত্ৰাৰ বাবে তৈয়াৰ হোৱা প্ৰক্ৰিয়াৰ অংশ। এই সময়ত কৰা শ্ৰদ্ধাই আত্মাই শান্তি আৰু মোক্ষ লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

গৰুড় পুৰাণৰ মতে, আত্মাই যেতিয়া নিজৰ শৰীৰ এৰি যায়, তেতিয়া ই তৎক্ষণাত আন এটা শৰীৰ গ্ৰহণ নকৰে। প্ৰথম ৯ দিনত পৰিয়ালে কৰা পিণ্ড দানে ক্ৰমান্বয়ে আত্মাৰ বাবে এক সূক্ষ্ম শৰীৰ (প্ৰেত শৰীৰ) গঠন কৰাত সহায় কৰে। এই সূক্ষ্ম শৰীৰটোৰেই আত্মাই পৰৱৰ্তী যাত্ৰা কৰে। সূক্ষ্ম শৰীৰ গঠন হোৱাৰ পিছত আত্মাই ১০ দিনৰ পিণ্ডৰ পৰা যাত্ৰা লাভৰ বাবে শক্তি লাভ কৰে। ইয়াৰ পাছত ১১ আৰু ১২ দিনত পিণ্ডৰ পৰা সূক্ষ্ম শৰীৰ ভালদৰে গঠন হয়। ১৩ দিনৰ দিনা পিণ্ডদান কৰাৰ ফলত আত্মাই যমলোকলৈ যাত্ৰা নিশ্চিত কৰে, ইয়াৰ পৰা আত্মাই শক্তি লাভ কৰে আৰু যাত্ৰা আৰম্ভ কৰে।

মৃত্যুৰ পিছতো আত্মাত পৰিয়াল আৰু ঘৰৰ প্ৰতি মোহ তথা মৰম অব্যাহত থাকে। ই নিজৰ মৃত্যুক মানি ল’ব নোৱাৰে আৰু নিজৰ উপস্থিতি অনুভৱ কৰিবলৈ চেষ্টা কৰি থাকে। আত্মাই নিজৰ আপোনজনক চাব বিচাৰে, তেওঁলোকৰ কথা শুনিব বিচাৰে, তেওঁলোকৰ যন্ত্ৰণা অনুভৱ কৰিব বিচাৰে। কিন্তু আত্মৰ শৰীৰ নাথাকে আৰু তেওঁলোকৰ লগত যোগাযোগ কৰিব নোৱাৰে। এই স্থিতি আত্মাৰ বাবে তীব্ৰ ক্ষুধা, পিয়াহ আৰু বিলাপৰ সৃষ্টিৰ কাৰণ হৈ পৰে।

গৰুড় পুৰাণত উল্লেখ আছে যে মৃত্যুৰ ২৪ ঘন্টাৰ ভিতৰত যমদুটসকলে আত্মাক অলপ সময়ৰ বাবে যমলোকলৈ লৈ যায়। তাত তেওঁৰ জীৱনৰ পাপ-পূণ্যৰ বিষয়ে জনোৱা হয়।  ইয়াৰ পিছত আত্মাক পুনৰ সেই ঠাইতে এৰি দিয়া হয় য’ত তেওঁ শৰীৰ এৰি থৈ যায়। ১৩ দিনৰ এই সময়ছোৱাত আত্মাই এক প্ৰকাৰে যমালোকলৈ চূড়ান্ত যাত্ৰাৰ বাবে প্ৰস্তুতি চলায় আৰু নিজৰ কৰ্মৰ পৰিণতি বুজিবলৈ চেষ্টা কৰে। এই ১৩ দিনত পৰিয়ালটোৱে কৰা শ্ৰাদ্ধ তথা ৰীতি-নীতি, পিণ্ড দান, তৰ্পন আৰু ব্ৰাহ্মণ ভোজন, ভোজ আদি অতি গুৰুত্বপূৰ্ণ।

গৰুড় পুৰাণৰ মতে, এই কৰ্মবোৰে আত্মাক ভূত জগতৰ পৰা মুক্ত কৰি আগন্তুক যাত্ৰাৰ বাবে শক্তি আৰু পথ প্ৰদৰ্শন কৰে। যদি এইবোৰ কৰ্ম ৰীতি-নীতি অনুযায়ী কৰা নহয়, তেন্তে আত্মাই যমলোক পোৱাত বহুত কষ্ট ভোগ কৰিবলগীয়া হ’ব পাৰে, লগতে ভূত-প্ৰেত জগতত বিচৰণ কৰি থাকিব পাৰে। গৰুড় পুৰাণত কোৱা হৈছে যে যি মৃতকৰ পিণ্ডদান সম্পন্ন নহয়, তেওঁক ত্ৰয়োদশ দিনত যমদুটসকলে জোৰকৈ টানি যমলকলৈ টানি লৈ যায়।

 

 

অন্য খবৰ পঢ়কঃ সপোনত নিজৰ মৃত্যু দেখা পাই নেকি? ই ভাল নে বেয়া, জানক সকলো…