শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কিমান গুৰুতৰ পণ্টৰ আঘাত? বাহিৰ হ’ব নেকি মেচৰ পৰা! বিচিচিআইৰ সূত্ৰই প্ৰকাশ কৰিলে এই তথ্য

লৰ্ডছ টেষ্টৰ প্ৰথম দিনাৰ খেলৰ সময়তে ভাৰতীয় দলৰ তাৰকা সদস্য তথা সম্প্ৰতি সহ-অধিনায়কৰ দায়িত্বত থকা ঋষভ পণ্টে কালি মেচৰ মাজতে আঘাতৰ বাবে খেলপথাৰ ত্যাগ কৰিবলগা হয়। তেওঁৰ স্থানত ধ্ৰুৱ জুৰেলে এতিয়া উইকেটৰক্ষকৰ দায়িত্ব পালন কৰিছে। পণ্টৰ আঘাত সন্দৰ্ভত এতিয়া এক গুৰুত্বপূৰ্ণ আপডেট পোহৰলৈ আহিছে।

কিমান গুৰুতৰ পণ্টৰ আঘাত? বাহিৰ হ’ব নেকি মেচৰ পৰা! বিচিচিআইৰ সূত্ৰই প্ৰকাশ কৰিলে এই তথ্য
গুৰুতৰ নেকি পণ্টৰ আঘাত!Image Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 11 Jul 2025 15:55 PM

বৃহস্পতিবাৰৰ পৰা লৰ্ডছত আৰম্ভ হৈছে ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট শৃংখলাৰ তৃতীয়খন মেচ প্ৰথম দিনাৰ খেলৰ সামৰণিলৈ কালি ইংলেণ্ডে উইকেটত ২৫১ ৰান সংগ্ৰহ কৰে তাৰকা বেটাৰ ৰুটে টেষ্টত নিজৰ পৰিচিত প্ৰদৰ্শনৰ পুনৰ প্ৰমাণ দি দিনটোৰ শেষলৈ ৯৯ ৰানত অপৰাজিত থাকে আৰু আজি প্ৰথমটো বলতে এটা বাউণ্ডেৰীৰে নিজৰ শতক পূৰ কৰে ইফালে প্ৰথম দিনাৰ খেলৰ সময়তে কালি ভাৰতীয় দল তথা অনুৰাগীৰ বাবে এক চিন্তা কঢ়িয়াই আনে খেলপথাৰৰ এক বিশেষ দৃশ্য

দলৰ তাৰকা সদস্য তথা সম্প্ৰতি সহঅধিনায়কৰ দায়িত্বত থকা ঋষভ পণ্টে কালি মেচৰ মাজতে আঘাতৰ বাবে খেলপথাৰ ত্যাগ কৰিবলগা হয় এনে পৰিস্থিতিত ধ্ৰুৱ জুৰেলে উইকেটৰক্ষকৰ দায়িত্ব পালন কৰিবলগা হয় আজিও পণ্টৰ পৰিৱৰ্তে জুৰেলেই উইকেটৰক্ষকৰ ভূমিকা পালন কৰিছেবিগত সময়ছোৱাত পণ্ট ভাৰতীয় টেষ্ট দলৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য হিচাপে পৰিগণিত হৈছে

চলিত শৃংখলাটোতো তাৰকা খেলুৱৈগৰাকীয়ে উন্নত প্ৰদৰ্শন দাঙি ধৰিছেগতিকে পণ্টৰ আঘাত গুৰুতৰ নেকি, সেই লৈ চিন্তিত হৈ পৰিছে অনুৰাগীসকল এতিয়া পণ্টৰ এই আঘাত সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছেকালি মেচৰ প্ৰথমদিনাৰ দ্বিতীয় চেচনত পণ্টে তৰ্জনী আঙুলিত গুৰুতৰভাৱে আঘাত পায় মেচৰ ৩৪ নং অভাৰত যশপ্ৰীত বুমৰাহৰ এটা বল আয়ত্ব কৰাৰ চেষ্টাত পণ্ট এই আঘাতৰ সন্মুখীন হয়।

আঘাতৰ পিছতে ভাৰতীয় দলৰ ফিজিঅ’ই খেলপথাৰত প্ৰৱেশ কৰি পণ্টৰ চিকিৎসা কৰিছে। কিন্তু এই প্ৰাথমিক চিকিৎসাৰই সকাহ নিদিয়াত পণ্টে খেলপথাৰ এৰিবলৈ বাধ্য হয় আৰু জুৰেলক উইকেটৰক্ষকৰ দায়িত্ব দিয়া হয়।  পণ্টৰ এই আঘাত সন্দৰ্ভত এতিয়া বিচিচিআইয়ে এক গুৰুত্বপূৰ্ণ আপডেট দিছে। সংবাদ সংস্থা পিটিআইক দিয়া এক বিবৃতিত বিচিচিআইয়ে জানিবলৈ দিয়া মতে, ঋষভ পণ্টে বাওঁহাতৰ তৰ্জনী আঙুলিত আঘাত পাইছে।

বিচিচিআইয়ে প্ৰকাশ কৰা মতে বৰ্তমান পণ্ট চিকিৎসাধীন হৈ আছে। অৱশ্যে এই মুহূৰ্তত পণ্ট ভালেই আছে আৰু প্ৰয়োজনীয় চিকিৎসা পৰীক্ষাৰ পিছতহে তেওঁৰ আঘাত কিমান গুৰুতৰ সেয়া জানিব পৰা যাব বুলি বিচিচিআইয়ে সদৰী কৰিছে। বিচিচিআইৰ এই তথ্যৰ পিছত এতিয়া পণ্টক পুনৰ এবাৰ খেলপথাৰত প্ৰত্যক্ষ কৰিবলৈ উদগ্ৰীৱ হৈ আছে অনুৰাগীসকল।