শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দীঘলীয়া হ’ব নেকি ছামিৰ প্ৰত্যাৱৰ্তনৰ অপেক্ষা! দ্বিতীয় মেচৰ পূৰ্বে দেখা গ’ল এইদৰে

ইংলেণ্ডৰ বিপক্ষে প্ৰথমখন মেচত ছামিয়ে মূল একাদশত স্থান নোপোৱাৰ পিছৰ পৰাই তেওঁৰ ফিটনেছ সন্দৰ্ভত অনুৰাগীৰ মাজত পুনৰ চৰ্চা আৰম্ভ হৈছে। এনে পৰিস্থিতিত জাতীয় দলৰ হৈ খেলপথাৰলৈ তেওঁৰ প্ৰত্যাৱৰ্তন আৰু কিছু দীঘলীয়া হৈ পৰাৰ আশংকা বৃদ্ধি পাইছে অনুৰাগীৰ মাজত। অৰ্থাৎ ইংলেণ্ডৰ বিপক্ষে দ্বিতীয়খন টি-২০তো ছামিয়ে নেখেলিব পাৰে বুলি আশংকা কৰা হৈছে।

দীঘলীয়া হ’ব নেকি ছামিৰ প্ৰত্যাৱৰ্তনৰ অপেক্ষা! দ্বিতীয় মেচৰ পূৰ্বে দেখা গ’ল এইদৰে
ছামিৰ ফিটনেছক লৈ শংকা!
Monjit Dutta
Monjit Dutta | Published: 23 Jan 2025 22:50 PM

আঘাতৰ বাবে সুদীৰ্ঘ এটা বছৰকৈও অধিক সময় ধৰি জাতীয় দলৰ বাহিৰত আছে ভাৰতৰ অভিজ্ঞ তাৰকা মহম্মদ ছামি। বিগত বৰ্ষৰ শেষৰফালে ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটালেও ভাৰতীয় দলৰ জাৰ্চি পৰিধান কৰি খেলপথাৰত পুনৰ প্ৰৱেশৰ সুযোগ লাভ কৰা তাৰকা পেচাৰগৰাকীয়ে। প্ৰিয় তাৰকাগৰাকীৰ প্ৰত্যাৱৰ্তন প্ৰত্যক্ষ কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে অনুৰাগীসকলেও। সেয়ে ইংলেণ্ডৰ বিপক্ষে চলিত টি-২০ শৃংখলাৰ বাবে ঘোষিত দলত ছামিৰ অন্তৰ্ভুক্তিয়ে সকলোকে সুখী কৰি তুলিছিল। কিন্তু প্ৰথমখন মেচত ছামিয়ে স্থান নোপোৱাত সকলোৰে উদ্বেগ পুনৰ বৃদ্ধি পাইছে।

ইংলেণ্ডৰ বিপক্ষে প্ৰথমখন মেচত ছামিয়ে মূল একাদশত স্থান নোপোৱাৰ পিছৰ পৰাই তেওঁৰ ফিটনেছ সন্দৰ্ভত অনুৰাগীৰ মাজত পুনৰ চৰ্চা আৰম্ভ হৈছে। এনে পৰিস্থিতিত জাতীয় দলৰ হৈ খেলপথাৰলৈ তেওঁৰ প্ৰত্যাৱৰ্তন আৰু কিছু দীঘলীয়া হৈ পৰাৰ আশংকা বৃদ্ধি পাইছে অনুৰাগীৰ মাজত। অৰ্থাৎ ইংলেণ্ডৰ বিপক্ষে দ্বিতীয়খন টি-২০তো ছামিয়ে নেখেলিব পাৰে বুলি আশংকা কৰা হৈছে। শেহতীয়া এক প্ৰতিবেদনতো এই দাবী কৰা হৈছে।

এই প্ৰতিবেদনত দাবী কৰা হৈছে যে শনিবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন মেচতো ছামি মূল দলত নাথাকিব পাৰে। ছামি এতিয়াও সম্পূৰ্ণ ফিট হোৱা নাই বুলি প্ৰতিবেদনত দাবী কৰা হৈছে। কলকাতাত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন মেচৰ পিছত যুৱ তাৰকা অভিষেক শৰ্মাই ছামি সম্পূৰ্ণ ফিট হৈ থকা বুলি উল্লেখ কৰিছিল আৰু তেওঁক মূল একাদশত কিয় অন্তৰ্ভুক্ত কৰা নহ’ল সেই বিষয়ে টীম মেনেজমেণ্টেহে জানিব বুলি ইংগিত দিছিল।

এই মেচখনৰ পূৰ্বে অনুশীনৰত অৱস্থাত ছামিক কিছু অস্বস্তিত থকা যেন দেখা গৈছিল। মেচৰ ধাৰাভাষ্যকাৰৰ ভূমিকাত থকা পিযুষ চাওলায়ো ছামিয়ে সামান্য দুপিয়াই খোজ কঢ়াৰ প্ৰতি আঙুলিয়াই দিছিল। যদি ছামি সম্পূৰ্ণ ফিট নহয়, তেতিয়া ভাৰতীয় দল তথা অনুৰাগীৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ সমস্যা হৈ উঠিব পাৰে। কিয়নো ইংলেণ্ডৰ বিপক্ষে শৃংখলাৰ পিছতে অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী।

এই প্ৰতিযোগিতাৰ বাবে ঘোষিত দলত ছামিক স্থান দিয়া হৈছে। ছামিৰ সৈতে দলত পেচাৰ হিচাপে আাছে বুমৰাহ আৰু অৰ্শদীপ। লক্ষণীয়ভাৱে আঘাতৰ বাবে বুমৰাহো এইপৰ্যন্ত সম্পূৰ্ণ ফিট হৈ উঠা নাই। গতিকে ছামিও ফিট হৈ নুঠিলে চেম্পিয়নছ ট্ৰফীত ভাৰতী বলিং আক্ৰমণ যথেষ্ট দুৰ্বল হৈ পৰিব। অৱশ্যে ছামিৰ ফিটনেছ সন্দৰ্ভত দেখা দিয়া এই আশংকা কিমান দূৰ সত্য, সেয়া কেৱল ছামি আৰু টীম মেনেজমেণ্টেহে ক’ব পাৰিব।