PBKS vs LSG Live Score, IPL 2025: ধৰমশালাত পৰাজয় স্বীকাৰ লক্ষ্ণৌৰঃ প্লে’ অফৰ দিশত আন এক সফলতাৰ খোজ পঞ্জাৱৰ
Punjab Kings vs Lucknow Super Giants Live Score in Assamese: লক্ষ্ণৌ চুপাৰ জায়েণ্টছক ৩৭ ৰানৰ ব্যৱধানত পৰাস্ত কৰি প্লে’ অফত প্ৰৱেশৰ সম্ভাৱনা অধিক উজ্জল কৰি তুলিছে পঞ্জাৱ কিংছে। আজিৰ মেচত দলটোৱে প্ৰথমে বেটিং কৰি ২৩৬ ৰান সংগ্ৰহ কৰাৰ পিছত লক্ষ্ণৌক ১৯৯ ৰানত বান্ধি ৰাখিবলৈ সক্ষম হয় আৰু ছিজনত সপ্তম জয়ৰ সোৱাদ লাভ কৰে।

আই পি এলত আজিৰ মেচ
আই পি এলত আজি দিনটোৰ দ্বিতীয়খন মেচত মুখামুখি হ’ব পঞ্জাৱ কিংছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছ। দুয়োটা দলৰ বাবে ছিজনত পৰৱৰ্তী পৰ্যায়লৈ আগবঢ়াৰ বাবে আজিৰ মেচখন গুৰুত্বপূৰ্ণ হৈ পৰিছে। সম্প্ৰতি পঞ্জাৱ ১০খন মেচত ১৩ পইণ্ট লাভ কৰি পইণ্ট তালিকাত চতুৰ্থ স্থানত আছে। গতিকে আজিৰ মেচত জয়ী হ’লে পঞ্জাৱৰ বাবে প্লে’ অফত প্ৰৱেশৰ সম্ভাৱনা অধিক বৃদ্ধি পাব। আনহাতে লক্ষ্ণৌৱে এইপৰ্যন্ত ১০ খন মেচত ১০ পইণ্ট লাভ কৰিছে আৰু এইদৰে পইণ্ট তালিকাৰ ষষ্ঠ স্থানত আছে। গতিকে প্লে’ অফলৈ আগবঢ়াৰ বাবে আজিৰ মেচত জয় দলটোৰ বাবেআত্যন্ত গুৰুত্বপূৰ্ণ।
লক্ষণীয়ভাৱে ছিজনত ইতিমধ্যে দুয়োটা দলৰ মাজত এখন মেচ হৈ গৈছে। এই মেচখনত লক্ষ্ণৌক ঘৰৰ মাটিতে পঞ্জাৱে ৮ উইকেটত সহজে পৰাস্ত কৰিছিল। সেয়ে আজি লক্ষ্ণৌৰ বাবে এই মেচখনত জয়েৰে আশা সজীৱ কৰি তোলাৰ লগতে পূৰ্বৰ মেচত পৰাজয়ৰ পোতক তোলাৰো সুযোগ পাব।
LIVE NEWS & UPDATES
-
৩৭ ৰানত জয়ী পঞ্জাৱ
দমনীয় প্ৰদৰ্শনেৰে লক্ষ্ণৌক ৩৭ ৰানৰ ব্যৱধানত পৰাস্ত কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে পঞ্জাৱ কিংছ। ২৩৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি লক্ষ্ণৌৱে অভাৰৰ সমাপ্তিলৈ ১৯৯ ৰান ৰান সংগ্ৰহ কৰে। বাডনি আৰু ছামাদৰ বিপৰীতে দলটোৰ বেটিং বিভাগৰ আন আটাইকেইগৰাকী সদস্য ব্যৰ্থ হোৱাৰ ফলত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয়। এতিয়াও তিনিখন মেচ বাকী থকা অৱস্থাত পঞ্জাৱৰ প্লে’ অফত প্ৰৱেশৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পোৱা বুলি ক’ব পাৰি।
-
বাডনিৰ বিদায়
এক যুঁজাৰু ইনিংছ খেলি অৱশেষত পেভিলিয়নলৈ উভতিছে আয়ুস বাডনি। ইনিংছৰ অন্তিম অভাৰৰ প্ৰথম বলত বাডনিয়ে চাহালৰ বলত অৰ্শদীপৰ হাতত কেচ দি বিদায় লয়। তেওঁ ৪০টা বলত ৫টা চাৰি আৰু ৫টা ছয়েৰে ৭৪ ৰান সংগ্ৰহ কৰে।
-
-
বাডনিৰ অৰ্ধশতক
যুঁজাৰু মনোভাৱেৰে ক্ৰীজত থিয় দি চমকপ্ৰদ বেটিং কৰিছে আয়ুস বাডনিয়ে। বিজয়কুমাৰৰ বলত এটা বৃহৎ ছয় কোবাই তেওঁ ৩২টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে।
-
ছামাদৰ বিদায়
২৪টা বলত ২টা চাৰি আৰু ৪টা ছয়েৰে ৪৫ ৰানৰ এক যুঁজাৰু ইনিংছ খেলি জেনচেনৰ বলত আউট হৈছে আব্দুল ছামাদ।
-
লক্ষ্ণৌৰ শতক
বিপৰ্যয়ৰ মাজেৰে শতকৰ ঘৰ স্পৰ্শ কৰিছে লক্ষ্ণৌৱে। ১২ নং অভাৰৰ অন্তিম বলত বাডনিয়ে এতা চাৰি কোবাই দলৰ স্ক’ৰ ১০০ ৰানলৈ নিয়ে।
-
মিলাৰো হ’ল আউট
পৰাজয়ৰ আশংকাই দেখা দিছে লক্ষ্ণৌৰ শিবিৰত। বৃহৎ লক্ষ্য অনুসৰণ কৰি দলটোৱে ৭৩ ৰানতে হেৰুৱাইছে পঞ্চমটো উইকেট। পণ্টৰ পিছত এইবাৰ ওমৰজায়ে মিলাৰকো (১১) পেভিলিয়নৰ পথ দেখুৱাইছে।
-
পণ্টৰো বিদায়
ছিজনত হতাশাজনক প্ৰদৰ্শন অব্যাহত আছে ঋষভ পণ্টৰ। আজি গুৰুত্বপূৰ্ণ মেচত অতিৰিক্ত দায়িত্ব আহি পৰাৰ পিছতো মাত্ৰ ১৮ ৰান সংগ্ৰহ কৰিয়েই বিদায় লৈছে অধিনায়কগৰাকীয়ে। ওমৰজাইৰ বলত শশাংকৰ হাতত কেচ তুলি দি তেওঁ বিদায় লয়।
-
পুৰাণৰো বিদায়
মাত্ৰ ২৭ ৰানতে তৃতীয় উইকেট হেৰুৱাইছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে। এই তৃতীয় উইকেটো দখল কৰিছে অৰ্শদীপ সিঙে। এইবাৰ অৰ্শদীপৰ চিকাৰ হৈছে নিকোলাচ পুৰাণ। মাত্ৰ ৬ ৰান সংগ্ৰহ কৰিয়েই পুৰাণে বিদায় লৈছে।
-
মাৰ্ক্ৰামকো বিদায় দিলে অৰ্শদীপে
একেটা অভাৰতে দ্বিতীয় সফলতা লাভ কৰিছে অৰ্শদীপ সিঙে। এইবাৰ অৰ্শদীপে বিদায় দিছে এইডেন মাৰ্ক্ৰামক। অপেনাৰ বেটাৰগৰাকীৰ বেটৰ পৰা আহে ১৩ ৰান।
-
মাৰ্শ্বৰ বিদায়
ইনিংছৰ তৃতীয় অভাৰতে আঘাত লাগিছে লক্ষ্ণৌৰ শিবিৰত। অৰ্শদীপ সিঙে বিদায় দিছে মিচেল মাৰ্শ্বক। মাৰ্শ্বে তুলি দিয়া এটা কেচ দৰ্শনীয়ভাৱে আয়ত্ব কৰে নেহাল ৱাধেৰাই।
-
পঞ্জাৱৰ সংগ্ৰহ ২৩৬ ৰান
অন্তিম সময়লৈ শশাংক সিং আৰু ষ্ট’ইনিচৰ আক্ৰমণাত্মক বেটিঙেৰে ২৩৬ ৰানৰ বৃহৎ স্ক’ৰ থিয় কৰাইছে পঞ্জাৱ কিংছে। শশাংকই ১৫টা বলত ৩৩ আৰু ষ্ট’ইনিচে ৫টা বলত ১৫ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। ২৩৭ ৰানৰ লক্ষ্য অনুসৰণৰ ক্ষেত্ৰত লক্ষ্ণৌৰ এতিয়া বেটিং বিভাগৰ প্ৰদৰ্শন লক্ষণীয় হ’ব।
-
প্ৰভচিমৰণৰ বিদায়
এক দৰ্শনীয় ইনিংছ খেলিও দুখী মনেৰে ক্ৰীজ এৰিবলগা হৈছে প্ৰভচিমৰণ সিঙে। দিগৱেশ ৰাঠীৰ বলত পুৰাণৰ হাতত কেচ তুলি দি ৯১ ৰানত আউট হৈছে অপেনাৰ বেটাৰগৰাকী। ৯ ৰানৰ বাবে শতক বঞ্চিত হোৱা প্ৰভচিমৰণে ৪৮টা বলত ৬টা চাৰি আৰু ৭টা ছয়েৰে নিজৰ ইনিংছটো সজায়।
-
নেহালক বিদায় দিলে প্ৰিন্সে
পঞ্জাৱ কিংছৰ ইনিংছত পতন ঘটিছে চতুৰ্থটো উইকেটৰ। প্ৰিন্স যাদৱে বিদায় দিছে নেহাল ৱাধেৰাক। নেহালে ৯টা বলত দুটা চাৰি আৰু এটা ছয়েৰে ১৬ ৰান সংগ্ৰহ কৰে।
-
আয়াৰক বিদায় দিলে দিগৱেশে
২৫টা বলত ৪টা চাৰি আৰু ২টা ছয়েৰে ৪৫ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি বিদায় লৈছে শ্ৰেয়স আয়াৰে। দিগৱেশ ৰাঠীয়ে কৰা অভাৰৰ প্ৰথমটো বলত এটা ছয় কোবোৱাৰ পিছত দ্বিতীয় বলতো আক্ৰমণৰ চেষ্টাত আয়াৰে মায়াংক যাদৱৰ হাতত কেচ তুলি দিয়ে।
-
প্ৰভচিমৰণৰ অৰ্ধশতক
ছিজনত ক্ৰমাগত তৃতীয়টো অৰ্ধশতক অৰ্জন কৰিছে প্ৰভচিমৰণ সিঙে। আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰা অপেনাৰ বেটাৰগৰাকীয়ে মাত্ৰ ৩০টা বলতে অৰ্ধশতক সম্পূৰ্ণ কৰিছে।
-
জীৱনদান পালে প্ৰভচিমৰণে
ব্যক্তিগত ২১ ৰানৰ ইনিংছত জীৱনদান পাইছে প্ৰভচিমৰণ সিঙে। আভেশ খানৰ বলত প্ৰভচিমৰণে তুলি দিয়া এটা কেচ আয়ত্ব কৰাত বিফল হয় নিকোলাচ পুৰাণ আৰু আউট হ’বলগীয়া বলত দুই ৰানৰ উপহাৰ লাভ কৰে প্ৰভচিমৰণে।
-
পুনৰ সফলতা আকাশৰ
অভিষেকতে উজলিছে আকাশ। প্ৰথম অভাৰতে প্ৰিয়াঞ্চক বিদায় দিয়াৰ পিছত এইবাৰ নিজ স্পেলৰ তৃতীয় অভাৰত আকাশে বিদায় দিছে বিপজ্জনক জ’ছ ইংলিছক। ১৪টা বলত এটা চাৰি আৰু ৪টা ছয়েৰে ইংলিছে ৩০ ৰানৰ এক আক্ৰমণাত্মক ইনিংছ খেলে।
-
ৰাজস্থানৰ অৰ্ধশতক
প্ৰথম অভাৰতে উইকেট হেৰুৱালেও পঞ্জাৱে অব্যাহত ৰাখিছে আক্ৰমণাত্মক শৈলী। প্ৰভচিমৰণ আৰু ইংলিছৰ বিস্ফোৰক বেটিঙৰ সুবাদত দলটোৱে মাত্ৰ ৪.১ অভাৰতে স্ক’ৰব’ৰ্ডত ৫০ ৰান পূৰ কৰিছে।
-
আকাশৰ ৰাজকীয় অভিষেক
লক্ষ্ণৌৰ জৰিয়তে আজি আই পি এলত অভিষেক ঘটিছে পেচাৰ আকাশ মহাৰাজৰ। নিজৰ প্ৰথম অভাৰতে আকাশে দখল কৰিছে পঞ্জাৱৰ অপেনাৰ প্ৰিয়াঞ্চ আৰ্যৰ উইকেট।
-
লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মূল একাদশ
লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মূল একাদশ আজিৰ মেচত হ’ব এনেধৰণৰ- এইডেন মাৰ্ক্ৰাম, নিকোলাছ পুৰাণ, ঋষভ পণ্ট (অধিনায়ক), আব্দুল চামাদ, আয়ুস বাডনি, ডেভিড মিলাৰ, আকাশ মহাৰাজ সিং, দিগৱেশ সিং ৰাঠী, আভেশ খান, মায়াংক যাদৱ, ৰাজকুমাৰ যাদৱ। আনহাতে দলৰ ইম্পেক্ট চাবৰ তালিকাত আছে ৰবি বিষ্ণৈ, মিচেল মাৰ্শ্ব, হিম্মত সিং, মেথিউ ব্ৰিৎজকে, শ্বাহবাজ আহমেদৰ নাম।
-
পঞ্জাৱ কিংছৰ মূল একাদশ
পঞ্জাৱ কিংছৰ মূল একাদশত আজি দেখা যাব প্ৰিয়াঞ্চ আৰ্য, প্ৰভচিমৰণ সিং, শ্ৰেয়স আয়াৰ (অধিনায়ক), জ’ছ ইংলিছ, শশাংক সিং, নেহাল ৱাধেৰা, মাৰ্কুছ ষ্টইনিছ, আজমতুল্লাহ ওমৰজাই, মাৰ্কো জেনচেন, যুজবেন্দ্ৰ চাহাল, অৰ্শদীপ সিং। আনহাতে ইম্পেক্ট চাবৰ তালিকাত আছে বিজয়কুমাৰ ব্যাশক, হৰপ্ৰীত ব্ৰাৰ, প্ৰবীণ ডুবে, সুৰ্যশ শ্বেজ, জেভিয়াৰ বাৰ্টলেট।
-
আউট ৰিয়ান পৰাগ
Harshit Rana with the big wicket of Riyan Parag ☝️#RR need from 1⃣2⃣ deliveries ‼️
Which way is it going? 🤔
Updates ▶ https://t.co/YuAePC273s#TATAIPL | #PBKSvLSG pic.twitter.com/W9iWQR7ikr
— IndianPremierLeague (@IPL) May 4, 2025
-
পণ্টৰ প্ৰথমে বলিঙৰ সিদ্ধান্ত
ইতিমধ্যে দুয়োটা দলৰ মাজত টছ হৈ গৈছে। টছত জয়ী হৈ লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ অধিনায়ক ঋষভ পণ্টে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ ঘৰুৱা দল পঞ্জাৱে প্ৰথমে বেটিং কৰিব।