শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পেৰিছত অব্যাহত ভাৰতৰ সাফল্যঃ বেডমিণ্টনত স্বৰ্ণ জয় নীতেশৰ, ডিচকাছ থ্ৰ’ত ৰূপ জিনিলে যোগেশে

চলিত পেৰিছ পেৰালিম্পিকত বেডমিণ্টনৰ পুৰুষৰ একক SL3 ইভেণ্টৰ ফাইনেলত নীতেশ কুমাৰে কঠিন প্রতিদ্বন্দ্বিতাৰ অন্তত গ্ৰেট ব্রিটেইনৰ ডেনিয়েল বেথেলক পৰাস্ত কৰি স্বৰ্ণ পদক জয় কৰিছে। আনহাতে পুৰুষৰ ডিচকাছ থ্ৰ’ এফ-৫৬ ইভেণ্টত যোগেশ কথুনিয়াই জয় কৰিছে ৰূপৰ পদক।

পেৰিছত অব্যাহত ভাৰতৰ সাফল্যঃ বেডমিণ্টনত স্বৰ্ণ জয় নীতেশৰ, ডিচকাছ থ্ৰ’ত ৰূপ জিনিলে যোগেশে
পদকজয়ী দুই তাৰকা নীতেশ আৰু যোগেশ
Monjit Dutta
Monjit Dutta | Updated On: 02 Sep 2024 19:49 PM

পেৰিছ পেৰালিম্পিকত দ্বিতীয়টো স্বৰ্ণ পদক লাভ কৰিছে ভাৰতে। পুৰুষৰ একক বেডমিণ্টন SL3 ত পেৰা বেডমিণ্টন খেলুৱৈ নীতেশ কুমাৰে দেশক উপহাৰ দিছে দ্বিতীয়টো স্বৰ্ণ পদক। নীতেশৰ এই সাফল্যৰ লগে লগে চলিত পেৰালিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ৯টালৈ বৃদ্ধি পাইছে। পেৰা বেডমিণ্টন পুৰুষৰ একক SL3 ইভেণ্টৰ ফাইনেলত নীতেশে কঠিন প্রতিদ্বন্দ্বিতাৰ অন্তত গ্ৰেট ব্রিটেইনৰ ডেনিয়েল বেথেলক পৰাস্ত কৰে আৰু আকাংক্ষিত স্বৰ্ণ জয়েৰে দেশক গৌৰৱান্বিত কৰি তোলে।

স্বৰ্ণ পদকৰ মেচখনত বেথেলক তিনিটা ছেটৰ যুঁজত ২১-১৪, ১৮-২১, ২৩-২১ ব্যৱধানত পৰাস্ত কৰে নীতেশে। পেৰালিম্পিকৰ স্বৰ্ণ জয়ৰ এই অনন্য সাফল্যৰ দিশত নিতেশ কুমাৰৰ যাত্ৰা আছিল অত্যন্ত কঠিন। শৈশৱৰ পৰাই নীতেশে দেখিছিল সেনাবাহিনীত যোগদানৰ স্বপ্ন। তেওঁৰ পিতৃও আছিল নৌসেনাৰ এগৰাকী বিষয়া।

কিন্তু ১৫ বছৰ বয়সত এক দুৰ্ভাগ্যজনক দুৰ্ঘটনাই নীতেশৰ এই স্বপ্ন মষিমূৰ কৰি তোলে। বিশাখাপট্টনমত সংঘটিত এক ভয়াৱহ ৰে’ল দুৰ্ঘটনাত পতিত হৈ এটা ভৰি হেৰুৱাবলগা হয় নীতেশ কুমাৰে। এই দুৰ্ঘটনাৰ ফলত যেন স্তব্ধ হৈ পৰে নীতেশৰ জীৱন। এফালে সেনাবাহিনীত যোগদানৰ সপোন ভংগ হোৱাৰ সমান্তৰালকৈ ক্ৰীড়াক্ষেত্ৰত নিজকে জড়িত কৰি ৰখা নীতেশ ক্ৰীড়াৰ পৰাও আঁতৰি থাকিবলগা হয়।

কিন্তু ইয়াৰ পিছত পুনেৰ কৃত্ৰিম অংগ কেন্দ্ৰই নিতেশক পুনৰ উভতাই আনে ক্ৰীড়াক্ষেত্ৰলৈ। আনহাতে পেৰালিম্পিকৰ স্বৰ্ণ পদক বিজয়ী প্ৰমোদ ভগত আৰু বিৰাট কোহলীৰ ব্যক্তিত্বয়ো নীতেশৰ মনোবল বৃদ্ধি কৰে। ইয়াৰ পিছতে ক্ৰমাগত উত্তৰণেৰে ক্ৰীড়াজগতত উজলি উঠে নীতেশ। উল্লেখ্য যে কেৰিয়াৰত এইবাৰ প্ৰথমবাৰৰ বাবে পেৰালিম্পিকত অৱতীৰ্ণ হৈছিল নীতেশ আৰু প্ৰথম প্ৰয়াসতে স্বৰ্ণ জয়েৰে তেওঁ দেশক গৌৰৱান্বিত কৰি তোলে।

নীতেশৰ পূৰ্বে আজি দেশক আন এক পদক উপহাৰ দিয়ে যোগেশ কথুনিয়াই। পুৰুষৰ ডিচকাছ থ্ৰ’ এফ-৫৬ ইভেণ্টত যোগেশ কথুনিয়াই চলিত ক্ৰীড়া মহাসমাৰোহখনত ভাৰতৰ পদক তালিকাত অষ্টমটো পদকৰ সংযোজন ঘটায়। যোগেশে ৪৪.২২ মিটাৰ দূৰত্বলৈ ডিচকাছ নিক্ষেপ কৰি ৰূপৰ পদক লাভ কৰে। এইদৰে যোগেশে একেৰাহে দ্বিতীয়বাৰৰ বাবে পেৰালিম্পিক গেমছত ৰূপৰ পদক লাভ কৰিছে।

লক্ষণীয়ভাৱে ৮ বছৰ বয়সতে গুইলেইন-বাৰে চিণ্ড্ৰম নামৰ এক ৰোগৰ বলি হৈ পক্ষাঘাতগ্ৰস্ত হৈছিল যোগেশ। এই ৰোগৰ বাবে যোগেশৰ হাত-ভৰিৰ কাৰ্যক্ষমতা বন্ধ হৈ পৰিছিল। উল্লেখ্য যে আজি দিনটোত এই দুই তাৰকাৰ সাফল্যৰ পিছত পেৰিছ পেৰালিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ৯টালৈ বৃদ্ধি পাইছে। এইপৰ্যন্ত ভাৰতে প্ৰতিযোগিতাখনত ২টা স্বৰ্ণ পদকৰ উপৰিও ৩টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।