5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পেৰিছত ইতিহাস ৰচি স্বৰ্ণ জিনিলে লেখাৰাইঃ মোনা, প্ৰীতিৰ ব্ৰঞ্জ জয়, ৰূপ জিনিলে মনীষ নৰৱালে

চলিত পেৰিছ পেৰালিম্পিকত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰিছে শ্বুটাৰ অৱনী লেখাৰাই। ১০ মিটাৰ এয়াৰ ৰাইফল SH1 ত পেৰালিম্পিক অভিলেখ গঢ়ি আজি স্বৰ্ণ পদক লাভ কৰিছে অৱনীয়ে। একেটা ইভেণ্টতে মোনা আগৰৱালে ব্ৰঞ্জৰ পদক লাভ কৰিছে। আনহাতে, মহিলাৰ ১০০ মিটাৰ টি ৩৫ ফাইনেলত ১৪.২১ ছেকেণ্ডৰ সময়েৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰে স্প্ৰিণ্টাৰ প্ৰীতি পলে।

পেৰিছত ইতিহাস ৰচি স্বৰ্ণ জিনিলে লেখাৰাইঃ মোনা, প্ৰীতিৰ ব্ৰঞ্জ জয়, ৰূপ জিনিলে মনীষ নৰৱালে
পেৰিছ পেৰালিম্পিকত স্বৰ্ণ আৰু ব্ৰঞ্জ জয়ী অৱনী আৰু মোনা
Follow Us
monjit-dutta
Monjit Dutta | Published: 30 Aug 2024 18:20 PM

চলিত পেৰিছ পেৰালিম্পিকত আজি ভাৰতে সংযোজিত কৰিছে দেশৰ নাম। দেশৰ তিনিগৰাকী কন্যাই পেৰিছত ভাৰতীয় ধ্বজা উত্তোলন কৰি দেশক প্ৰদান কৰিছে তিনিটাকৈ পদক। আনহাতে দেশক চতুৰ্থটো পদক উপহাৰ দিছে পুৰুষ শ্বুটাৰ লক্ষণীয়ভাৱে এই পেৰালিম্পিকত ভাৰতৰ প্ৰথম দুটা পদক আহে একেটা ইভেণ্টৰ জৰিয়তে। পেৰালিম্পিক অভিলেখ গঢ়ি আজি ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰিছে শ্বুটাৰ অৱনী লেখাৰাই। ১০ মিটাৰ এয়াৰ ৰাইফল SH1 ত স্বৰ্ণ পদক লাভ কৰিছে অৱনীয়ে। আনহাতে, একেটা ইভেণ্টতে মোনা আগৰৱালে ব্ৰঞ্জৰ পদক লাভ কৰিছে।

পেৰালিম্পিকত ক্ৰমাগত দ্বিতীয়টো স্বৰ্ণ জয়ৰ অনন্য কৃতিত্ব অৰ্জন কৰা অৱনীয়ে ২০২০ চনৰ পেৰালিম্পিকৰ ১০ মিটাৰ এয়াৰ ৰাইফল SH1তো স্বৰ্ণ পদক লাভ কৰিছিল। ২২ বৰ্ষীয় অৱনীয়ে ফাইনেলত ২৪৯.৭ পইণ্ট সংগ্ৰহ কৰি নতুন পেৰালিম্পিকৰ অভিলেখ স্থাপনেৰে স্বৰ্ণ জয় কৰে। এই ইভেণ্টত দক্ষিণ কোৰিয়াৰ লি ইউনৰীয়ে ৰূপৰ পদক লাভ কৰে। ব্ৰঞ্জজয়ী মোনাই লাভ কৰে ২২৮.৭ পইণ্ট।

উল্লেখ্য যে এই পদক লাভ কৰাৰ লগে লগে পেৰালিম্পিকত তিনিটাকৈ পদকজয়ী ভাৰতৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছে অৱনী লেখাৰা। গত ২০২০ সংস্কৰণৰ পেৰালিম্পিক্সত ১০ মিটাৰ এয়াৰ ৰাইফল SH1 ত স্বৰ্ণ পদক লাভ কৰাৰ লগতে ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

এইবাৰো তেওঁ এই প্ৰদৰ্শন অব্যাহত ৰাখি পেৰিছ পেৰালিম্পিকত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক লাভ কৰাৰ কৃতিত্ব অৰ্জন কৰে। অৱনীৰ এই অনন্য সাফল্যৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইট যোগে অভিনন্দন জনায়। তেওঁৰ এই সাফল্যই দেশক গৌৰৱান্বিত কৰি তুলিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

স্মৰ্তব্য যে ২০১২ চনত এক ভয়াৱহ দুৰ্ঘটনাত গুৰুতৰ আঘাতৰ সন্মুখীন হৈছিল অৱনী লেখাৰা। এই আঘাতৰ ফলত তেওঁ পক্ষাঘাতগ্ৰস্ত হৈ পৰিল। সেই সময়ত অৱনীৰ বয়স আছিল মাত্ৰ ১১ বছৰ। কিন্তু ইয়াৰ পিছতো হাৰ নামানিলে অৱনীয়ে। শ্বুটিঙক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰি ২০১৫ চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ পিছত আৰু উভতি চাবলগীয়া হোৱা নাই অৱনীয়ে।

ইফালে ভাৰতক আজি তৃতীয়টো পদক উপহাৰ দিয়ে স্প্ৰিণ্টাৰ প্ৰীতি পলে। মহিলাৰ ১০০ মিটাৰ টি ৩৫ ফাইনেলত ১৪.২১ ছেকেণ্ডৰ সময়েৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰে প্ৰীতিয়ে। লক্ষণীয়ভাৱে এই সাফল্যৰে প্ৰীতি এক অনন্য অভিলেখৰ গৰাকী হৈছে। পেৰালিম্পিক গেমছত ভাৰতৰ হৈ পদক লাভ কৰা প্ৰথমগৰাকী স্প্ৰিণ্টাৰ হিচাপে পৰিগণিত হৈছে প্ৰীতি।

আনহাতে শ্বুটাৰ মনীষ নৰৱালে ১০ মিটাৰ এয়াৰ পিষ্টল SH1ত জয় কৰিছে ৰূপৰ পদক। বিগত সংস্কৰণৰ পেৰালিম্পিকত স্বৰ্ণজয়ী মনীষে ফাইনেলত ২৩৪.৯ পইণ্ট সংগ্ৰহ কৰি চলিত প্ৰতিযোগিতাখনিত ভাৰতৰ পদকৰ সংখ্যা চাৰিটালৈ বৃদ্ধি কৰে।

Latest News