শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

২২ গজত ব্যাহত সফলতাৰ ধাৰা, পাকিস্তানৰ বিপক্ষে শোচনীয় পৰাজয়ৰ সন্মুখীন ভাৰত

২২ গজত পাকিস্তানৰ বিপক্ষে ভাৰতৰ এই ধাৰাবাহিক আধিপত্যৰ দেওবাৰে যতি পৰে। ডোহাত চলি থকা এছিয়া কাপ ৰাইজিং ষ্টাৰ ২০২৫ৰ গ্ৰুপ মেচত দেওবাৰে পাকিস্তান এৰ সন্মুখীন হৈছিল ভাৰত এ। মেচখনত ভাৰত এ দলক সহজেই ৮ উইকেটত পৰাস্ত কৰে পাকিস্তান এ দলে।

২২ গজত ব্যাহত সফলতাৰ ধাৰা, পাকিস্তানৰ বিপক্ষে শোচনীয় পৰাজয়ৰ সন্মুখীন ভাৰত
পাকিস্তান এৰ বিপক্ষে পৰাস্ত ভাৰতImage Credit source: X/Asian Cricket Council
monjit-dutta
Monjit Dutta | Published: 17 Nov 2025 06:34 AM

বিগত কিছুদিন পূৰ্বে অনুষ্ঠত হোৱা এছিয়া কাপত ভাৰতীয় দলে দাঙি ধৰিছিল উজ্জীৱিত প্ৰদৰ্শন। অপৰাজেয় ধাৰাৰে দখল কৰিছিল প্ৰতিযোগতাৰ খিতাপ। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলে ফাইনেলত পৰাস্ত কৰিছিল পাকিস্তানক। কেৱল ফাইনেলেই নহয়, প্ৰতিযোগিতাত মুঠ তিনিবাৰ দুয়োটা মুখামুখি হৈছিল আৰু এই আটাইকেইখন মেচতে ভাৰতৰ বিপক্ষে পৰাজয় সহিব লগা হৈছিল পাকিস্তানে। ইয়াৰ পিছত মহিলা ক্ৰিকেট বিশ্বকাপতো পাকিস্তানক বিধ্বস্ত কৰিছিল ভাৰতে।

পিছে ২২ গজত পাকিস্তানৰ বিপক্ষে ভাৰতৰ এই ধাৰাবাহিক আধিপত্যৰ দেওবাৰে যতি পৰে। ডোহাত চলি থকা এছিয়া কাপ ৰাইজিং ষ্টাৰ ২০২৫ৰ গ্ৰুপ মেচত দেওবাৰে পাকিস্তান এৰ সন্মুখীন হৈছিল ভাৰত এ। আশা কৰা হৈছিল, ছিনিয়ৰ দলে গঢ়া জয়ৰ ধাৰা ভাৰত এ দলেও অব্যাহত ৰাখিব।

কিন্তু মেচখনত ভাৰত এ দলক সহজেই ৮ উইকেটত পৰাস্ত কৰে পাকিস্তান এ দলে। বেটিং, বলিং সকলো দিশতে পাকিস্তানৰ সন্মুখত নিষ্প্ৰভ হৈ পৰে ভাৰতীয় দল। ইউ এ ইৰ বিপক্ষে বৃহৎ জয়েৰে প্ৰতিযোগতাত ভাৰতে শক্তিশালী আৰম্ভণি ঘটালেও পাকিস্তানৰ বিপক্ষে ভাৰত সম্পূৰ্ণ বিধ্বস্ত হৈ পৰে।

আনহাতে নিজৰ প্ৰথম মেচত ওমানক পৰাস্ত কৰাৰ পিছত পাকিস্তানৰ এয়া ক্ৰমাগত দ্বিতীয় জয়। দেওবাৰৰ মেচখনত পাকিস্তানে টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত লয়ইয়াৰ পিছত প্ৰথমে বেটিং কৰি ভাৰতীয় দলে ১৯ অভাৰত সকলো উইকেট হেৰুৱাই মাত্ৰ ১৩৬ ৰান সংগ্ৰহ কৰে।

কিশোৰ চাঞ্চল্য বৈভৱ সূৰ্যবংশীয়ে সৰ্বাধিক ৪৫ ৰান কৰাৰ বিপৰীতে নমন ধীৰে ৩৫ ৰান সংগ্ৰহ কৰে। শেষলৈ হৰ্ষ ডুবেৰ বেটৰ পৰা আহে ১৯ ৰান। তেওঁলোকৰ বাবে দলৰ আন সকলো বেটাৰ ব্যৰ্থ হয়। পাকিস্তানৰ প্ৰতিগৰাকী বলাৰেই দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰে। বিশেষকৈ যুৱ পেচাৰ শ্বাহিদ আজিজে ২৪ ৰানত ৩টা উইকেট দখল কৰে।

ইফালে জয়ৰ বাবে প্ৰয়োজনীয় ১৩৭ ৰানৰ সহজ লক্ষ্য পাকিস্তানে মাত্ৰ ১৩.২ অভাৰত ২ উইকেট হেৰুৱাই সংগ্ৰহ কৰে। দলৰ অপেনাৰ মাঝ চাদাকটে বিস্ফোৰক বেটিঙেৰে দলৰ জয় সহজ কৰি তোলে। মাত্ৰ ৪৭টা বলত ৭৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয় অপেনাৰ বেটাৰগৰাকী

ভাৰতৰ কোনো এগৰাকী বলাৰেই পাকিস্তানৰ ওপৰত বিশেষ হেঁচা পেলাবলৈ সক্ষম নহ’ল। দৰ্শনীয় অলৰাউণ্ড প্ৰদৰ্শনৰ বাবে চাদাকট মেচৰ শ্ৰেষ্ঠ কেলুৱৈ বিবেচিত হয়। বেটিঙত অপৰাজিত অৰ্ধশতকৰ লগতে তেওঁ বলিঙতো ৩ অভাৰত মাত্ৰ ১২ ৰান খৰচ কৰি দুটা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।

ভাৰতে এতিয়া প্ৰতিযোগিতাত নিজৰ পৰৱৰ্তী তথা অন্তিম গ্ৰুপ মেচ কাইলৈ ওমানৰ বিপক্ষে খেলিব। এই মেচত জয়ী হ’লেই ছেমিত প্ৰৱেশ কৰিব ভাৰতে। আনহাতে গ্ৰুপ এৰ শীৰ্ষ দল হিচাপে পাকিস্তানে ইতিমধ্যেই ছেমিত প্ৰৱেশ কৰিছে।