‘ছোৱালী হৈ ক্ৰিকেট খেল…’, সামাজিক লাঞ্ছনাৰ জাল ফালি অহা ‘ক্ৰান্তি’ৰ ধুমুহাত উফৰিল পাকিস্তান
ক্ৰিকেটৰ এই সফলতাৰ পথত ক্ৰান্তিয়ে নিজৰ নামৰ মহত্বৰ দৰেই কৰিবলগা হৈছিল ‘ক্ৰান্তি’ অৰ্থাৎ বিপ্লৱ। ভাৰতীয় সমাজত এতিয়াও যুৱতী-মহিলাৰ ইচ্ছাৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিয়ে পৌৰাণিক চিন্তা-চৰ্চাৰে পৰিচালিত সমাজ ব্যৱস্থাই। এই প্ৰভাৱ পৰিছিল ক্ৰান্তিৰ ক্ষেত্ৰতো।

চলিত মহিলা এদিনীয়া বিশ্বকাপত আশানুৰূপ প্ৰদৰ্শন অব্যাহত ৰাখিছে ভাৰতীয় মহিলা দলে। প্ৰতিযোগিতাত নিজৰ প্ৰথমখন মেচত শ্ৰীলংকাক পৰাস্ত কৰাৰ পিছত হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলে দেওবাৰে পাকিস্তানক পৰাস্ত কৰে। দমনীয় প্ৰদৰ্শন দাঙি ধৰি ভাৰতে পাকিস্তানক ৮৮ ৰানৰ ব্যৱধানত বিধ্বস্ত কৰে। মেচখনত প্ৰথমে বেটিং কৰি ভাৰতীয় দলে ২৪৭ ৰানৰ স্ক’ৰ থিয় কৰাৰ পিছত পাকিস্তানক মাত্ৰ ১৫৯ ৰানতে স্তব্ধ কৰে। এই জয়েৰে ভাৰতীয় দল সম্প্ৰতি পইণ্ট তালিকাৰ শীৰ্ষ স্থানত আছে।
পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলৰ জয়ত অন্যতম নায়িকা হিচাপে পৰিগণিত হয় এগৰাকী ২২ বৰ্ষীয় তৰুণী। এই যুৱ খেলুৱৈগৰাকীয়ে নিজৰ বিধ্বংসী স্পেলেৰে পাকিস্তানক থকাসৰকা কৰি তুলি ভাৰতীয় দলক জয়ৰ স্বাদ দিয়ে। এইদৰে ভাৰতীয় মহিলা দলে পাকিস্তানৰ বিৰুদ্ধে এদিনীয়াত জয়ৰ ব্যৱধান ১২-০লৈ বৃদ্ধি কৰে।
সমান্তৰালকৈ মহিলা বিশ্বকাপত ভাৰতীয় দলে আধিপত্যৰ গতি অব্যাহত ৰাখি জয়ৰ ব্যৱধান ৫-০ লৈ বৃদ্ধি কৰে। পিছে ভাৰতীয় দলৰ জয়ৰ নায়িকা হৈ পৰা এই তৰুণীগৰাকীয়ে সফলতাৰ এই পথত অতিক্ৰমি আহিছে বহু নিন্দা-ককৰ্থনা তথা সমাজৰ পৌৰাণিক চিন্তাধাৰাৰ বাধা।
ভাৰতীয় দলৰ নতুন নায়িকা এই খেলুৱৈগৰাকী হৈছে ক্ৰান্তি গৌড়। ২২ বৰ্ষীয় এই খেলুৱৈগৰাকীয়ে নিজ স্পেলত ১০ অভাৰত মাত্ৰ ২০ ৰান খৰচ কৰি ৩টা উইকেট দখল কৰে। এই অসাধাৰণ প্ৰদৰ্শনৰ বাবে ক্ৰান্তিক শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। ইনিংছৰ ৮ম অভাৰত ক্ৰান্তিয়ে প্ৰথমটো উইকেটৰ ৰূপত বিদায় দিয়ে ছাদাফ ছামাছক।
ইয়াৰ পিছত ইনিংছৰ ১২ নং অভাৰত ক্ৰান্তিৰ চিকাৰ হয় আলিয়া ৰিয়াজ। আলিয়াক বিদায় দিয়াৰ পিছত ভাৰতে পৰৱৰ্তী সফলতাৰ বাবে ১৬ অভাৰ অপেক্ষা কৰিবলগীয়া হয়। ভাৰতীয় দলৰ এই অপেক্ষাৰো অন্ত পেলায় ক্ৰান্তিয়ে আৰু নাটালিয়া পাৰভেজক পেভিলিয়নলৈ উভতাই পঠায়। এনে প্ৰদৰ্শনৰ পিছত এতিয়া সমগ্ৰ দেশজুৰি চৰ্চিত এই ক্ৰান্তি গৌড়।
অৱশ্যে ক্ৰিকেটৰ এই সফলতাৰ পথত ক্ৰান্তিয়ে নিজৰ নামৰ মহত্বৰ দৰেই কৰিবলগা হৈছিল ‘ক্ৰান্তি’ অৰ্থাৎ বিপ্লৱ। ভাৰতীয় সমাজত এতিয়াও যুৱতী-মহিলাৰ ইচ্ছাৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিয়ে পৌৰাণিক চিন্তা-চৰ্চাৰে পৰিচালিত সমাজ ব্যৱস্থাই। এই প্ৰভাৱ পৰিছিল ক্ৰান্তিৰ ক্ষেত্ৰতো।
সমাজৰ শত সহস্ৰ যুৱতী-কিশোৰীৰ দৰে ক্ৰান্তিয়েও নিজৰ লক্ষ্য পূৰণৰ হেঁপাহৰ বাটত সহিবলগা হৈছিল অলেখ ঠাট্টা-বিদ্ৰূপ তথা ককৰ্থনা। মধ্যপ্ৰদেশৰ ছাটাৰপুৰ জিলাৰ এখন সৰু গাঁৱৰ পৰা অহা ক্ৰান্তি ছয় ভাতৃ-ভগ্নীৰ ভিতৰত আটাইতকৈ সৰু। এসময়ত ক্ৰিকেটত কেৰিয়াৰ গঢ়াৰ স্বপ্ন দেখাৰ বাবে ক্ৰান্তিৰ লগতে তেওঁৰ পৰিয়ালেও শুনিছিল অলেখ কটু কথা।
ছোৱালী হৈ ক্ৰান্তিয়ে কিয় ক্ৰিকেট খেলিব লাগে বুলিও প্ৰশ্ন উঠিছিল। কিন্তু এনে সামাজিক লাঞ্ছনাই স্পৰ্শ কৰিব পৰা নাছিল লক্ষ্যস্থিৰ ক্ৰান্তি আৰু তেওঁৰ কাষত থিয় দিয়া পৰিয়ালটোক। আনকি ক্ৰান্তিৰ লক্ষ্যত সহযোগিতা কৰাৰ চিন স্বৰূপে তেওঁৰ পিতৃয়ে আৰক্ষীৰ চাকৰিও হেৰুৱাইছিল। পিছে এসময়ত বিদ্ৰুপৰ অভিকেন্দ্ৰ হৈ পৰা ক্ৰান্তিয়েই এতিয়া গাঁওখনৰ বাবে হৈ পৰিছে পৰিচয় তথা গৌৰৱৰ আধাৰ।
ক্ৰান্তিয়ে উল্লেখ কৰা মতে তেওঁ গাঁৱৰ যুৱকসকলক দেখি প্ৰথমে ক্ৰিকেটৰ প্ৰতি টান অনুভৱ কৰিছিল। বিশেষকৈ বেগী বলাৰসকলে তেওঁক অধিক আকৰ্ষিত কৰিছিল। এই আকৰ্ষণ সূত্ৰেই ক্ৰান্তিয়ে ক্ৰিকেটীয় যাত্ৰা আৰম্ভ কৰে। প্ৰশিক্ষকৰ সন্ধানৰ পূৰ্বে ক্ৰান্তিয়ে স্থানীয় প্ৰতিযোগিতা এখনত নিজৰ প্ৰতিভা দেখুৱাইছিল।
এক সাক্ষাৎকাৰত ক্ৰান্তিয়ে প্ৰকাশ কৰে যে এখন স্থানীয় প্ৰতিযোগিতাত ছোৱালীৰ দুটা ক্ৰিকেট দল আছিল আৰু ইয়াৰে এটাত খেলুৱৈৰ অভাৱ হৈছিল। মেচ চাবলৈ অহা ‘দৰ্শক’ ক্ৰান্তিয়ে তেতিয়া আগবাঢ়ি গৈ খেলাৰ ইচ্ছা প্ৰকাশ কৰে। দলত স্থান পূৰ কৰাৰ বাবে হাততে পোৱা খেলুৱৈগৰাকীক নাকচ নকৰিলে সেই দলটোৱে।
আৰু ইয়াৰ পিছতে অংকুৰিত হয় প্ৰতিভাৰ স্বীকৃতিৰ প্ৰথমটো বীজ। এই মেচখনত সকলোকে চমকৃত কৰি ক্ৰান্তিয়ে তিনিটা উইকেট দখল কৰাৰ লগতে ২৫ ৰান সংগ্ৰহ কৰি মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। তেতিয়াই তেওঁৰ প্ৰতিভাৰ সন্ধান পাই একাডেমীৰ প্ৰশিক্ষক ৰাজীৱ বিলথাৰে প্ৰশিক্ষণ প্ৰদানৰ বাবে আগবাঢ়ি আহে। এইদৰে কত ঠাট্টা-বিদ্ৰুপৰ জাল ফালি আজি ক্ৰান্তি হৈ পৰিছে ২২ গজত পাকিস্তানৰ ত্ৰাস।