গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ আৰম্ভ, প্ৰথমদিনাই অঘটনৰ সন্মুখীন হৈ বিদায় ল’লে শীৰ্ষ বাচনিৰ সংকল্পই
১৬ বছৰৰ অনূধ্বৰ্ৰ ল’ৰাৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ মেচতে শীৰ্ষ বাচনিৰ বংগৰ সংকল্প কুমাৰ সাহানিয়ে বিদায় লয়৷ সংকল্পক ৩-৬, ৩-৬ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে সতীৰ্থ প্ৰিয়দৰ্শন প্ৰধানে৷
আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে অইল-আইটা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতা৷ সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ১৪ আৰু ১৬ বছৰৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ প্ৰথমদিনটোৰ খেলতে এক বৃহৎ অঘটন ঘটে৷ ১৬ বছৰৰ অনূধ্বৰ্ৰ ল’ৰাৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ মেচতে শীৰ্ষ বাচনিৰ বংগৰ সংকল্প কুমাৰ সাহানিয়ে বিদায় লয়৷ সংকল্পক ৩-৬, ৩-৬ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে সতীৰ্থ প্ৰিয়দৰ্শন প্ৰধানে৷
সদৌ অসম টেনিছ সন্থাৰ চচলত থকা টেনিছ প্ৰকল্পত অনুষ্ঠিত হোৱা প্ৰথমদিনাৰ ১৬ বছৰৰ অনূধ্বৰ্ৰ ল’ৰাৰ একক শাখাৰ অন্য খেলত জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে সমক্ষ শৰ্মা, মনোদ্বিপ দে, নিশান্ত বাজাজ, অৰ্শ কাথুৰিয়া, সত্যম প্ৰকাশ, আদিত্য কামন, ৰাঘৱ সৰোদে, চান্দোগ্য পাঠক, চৈয়দ হুছেইন, আবান্দিপ চৌধুৰী, জয় গাইকোৱাড, দীপ মুখাৰ্জী আৰু আদিত্য সিনহা৷
ইফালে, ১৬ বছৰৰ অনূধ্বৰ্ৰ ছোৱালীৰ একক শাখাৰ অন্য খেলত জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে শিবানী গুপ্তে, নীকিতা কাণ্ড, আৰিষা চৌধুৰী, নবিহা মৰিয়াম, উৎপলক্ষী শইকীয়া, দেৱাঞ্চী তামুলী, সাংস্কৃতি বৰা, ৰিয়া ৰয়, সৃষ্টি সূৰ্যবংশী, ইন্দ্ৰাক্ষী ভট্টাচাৰ্য, ৰিত ঝাৱাৰ, সুদীক্ষা বেনাৰ্জী, এশিতা শ্ৰিয়ালা, কীৰ্তিয়নি ঘাটকাৰ, শ্বাজফা এছ কে আৰু প্ৰাপ্তি বৰুৱা৷
দেশৰ ১৮ খন ৰাজ্যৰ ১৮৩ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত এককৰ লগতে ল’ৰা-ছোৱালীৰ ডাবলছ শাখাৰ মেচো অনুষ্ঠিত হ’ব৷ সদৌ অসম টেনিছ সন্থাৰ সম্পাদক তথা সৰ্বভাৰতীয় টেনিছ সন্থাই এই প্ৰতিযোগিতাখনৰ সঞ্চালক ৰূপে দায়িত্ব দিয়া অংকুশ দত্তই জনোৱা অনুসৰি মঙলবাৰৰ পৰাই ডাবলছ শাখাৰ মেচ অনুষ্ঠিত হ’ব৷
উল্লেখযোগ্য যে যোৱা ১৬ বছৰ ধৰি অইল ইণ্ডিয়া লিমিটেডে এই প্ৰতিযোগিতাখনৰ পৃষ্ঠপোষকতা কৰি আহিছে। ইফালে, সৰ্বভাৰতীয় টেনিছ সন্থাই প্ৰতিযোগিতাখনৰ মুখ্য ৰেফাৰী হিচাপে সোমনাথ মান্নাক নিযুক্তি দিয়াৰ লগতে অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তক প্ৰতিযোগিতাখনৰ সঞ্চালক ৰূপে দায়িত্ব অৰ্পন কৰা হৈছিল৷ এই প্ৰতিযোগিতাত আয়োজক অসমৰ লগতে বংগ, মহাৰাষ্ট্ৰ, দিল্লী, উত্তৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু, তেলেংগানা, হাৰিয়ানা, বিহাৰ, মধ্যপ্ৰদেশ, ৰাজস্থান, ত্ৰিপুৰা, অন্ধ্ৰ প্ৰদেশ, ওড়িশা, ছিকিম, গুজৰাট, মিজোৰামৰো অংশগ্ৰহণ।