৩৫ বছৰ ধৰি লৰ্ডছত যি হোৱা নাই সেয়া কৰিব পাৰিবনে গিলে? ১৫৯৫ দিনৰ হিচাপটোৱে প্ৰত্যাহ্বান জনাব নেকি?
ভাৰতৰ বিৰুদ্ধে জোফ্ৰা আৰ্চাৰে খেলা অন্তিমখন টেষ্টত তেওঁ শুভমন গিলক আউট কৰিছিল। টেষ্ট ক্ৰিকেটত এতিয়ালৈকে জোফ্ৰা আৰ্চাৰৰ ২৮টা বলৰ সন্মুখীন হৈছে শুভমন গিল, য’ত তেওঁ ২ বাৰ আউট হৈছে।

সুন্দৰ ফৰ্মত আছে টিম ইণ্ডিয়াৰ অধিনায়ক শুভমন গিল। ইংলেণ্ডত অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ প্ৰথম ২ খন মেচত ৫৮৫ ৰান সংগ্ৰহ কৰিছে গিলে। এতিয়া ভাৰত আৰু ইংলেণ্ডৰ তৃতীয়খন মেচ লৰ্ডছত অনুষ্ঠিত হ’ব। অৱশ্যে এই খেলপথাৰত প্ৰৱেশ কৰাৰ পূৰ্বে শুভমন গিলৰ সন্মুখত ১৫৯৫ দিনৰ পাছত পুনৰ এটা ডাঙৰ প্ৰশ্ন আহি পৰিছে। ভাৰতীয় অধিনায়কগৰাকীয়ে বিগত দুখন টেষ্টত সেই প্ৰশ্নৰ সন্মুখীন হোৱা নাছিল যদিও লৰ্ডছত মুখামুখি হোৱাটো নিশ্চিত। আমি ইয়াত যিটো প্ৰশ্নৰ কথা কৈছো সেয়া ইংলেণ্ডৰ বেগী বলাৰ জোফ্ৰা আৰ্চাৰৰ সৈতে জড়িত।
১৫৯৫ দিনৰ পিছত পুনৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন
লৰ্ডছ টেষ্টৰ জৰিয়তে ১৫৯৫ দিনৰ পাছত ক্ৰিকেটৰ দীঘলীয়া ফৰ্মেটলৈ ঘূৰি আহিবলৈ ওলাইছে জোফ্ৰা আৰ্চাৰ। ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত ভাৰতৰ বিৰুদ্ধে শেষ টেষ্ট খেলিছিল জোফ্ৰাই। তেতিয়াৰ পৰা সম্পূৰ্ণ ১৫৯৫ দিনৰ অন্তত পুনৰ টেষ্ট ক্ৰিকেট খেলিবলৈ খেলপথাৰত প্ৰৱেশ কৰিবলৈ ওলাইছে আৰ্চাৰে। এতিয়া আপুনি নিশ্চয় ভাবিছে যে ভাৰতীয় অধিনায়ক শুভমন গিলৰ বাবে আৰ্চাৰ উভতি অহাটো কেনেকৈ প্ৰশ্ন হৈ পৰিল? ইয়াৰ উত্তৰটো দুয়োৰে মাজৰ ৰেকৰ্ডত লুকাই আছে?
টেষ্টত গিল বনাম আৰ্চাৰ
ভাৰতৰ বিৰুদ্ধে জোফ্ৰা আৰ্চাৰে খেলা অন্তিমখন টেষ্টত তেওঁ শুভমন গিলক আউট কৰিছিল। টেষ্ট ক্ৰিকেটত এতিয়ালৈকে জোফ্ৰা আৰ্চাৰৰ ২৮টা বলৰ সন্মুখীন হৈছে শুভমন গিল, য’ত তেওঁ ২ বাৰ আউট হৈছে। এই সময়ছোৱাত গিলে আৰ্চাৰৰ বিৰুদ্ধে মাত্ৰ ৯ ৰান গড়ত মুঠ ১৮ ৰাণহে সংগ্ৰহ কৰিছে। এতিয়া এনে অভিলেখৰ সৈতে লৰ্ডছত ৩৫ বছৰ ধৰি চলি অহা পৰম্পৰা এটা ভংগ হোৱাটো সম্ভৱ হ’বনে?
লৰ্ডছত ৩৫ বছৰৰ পৰম্পৰা কেনেকৈ ভাঙিব?
দৰাচলতে যোৱা ৩৫ বছৰ ধৰি কোনো ভাৰতীয় অধিনায়কে লৰ্ডছৰ খেলপথাৰত পঞ্চাশৰ অধিক ৰান কৰিব পৰা নাই। এইটোৱেই হৈছে আমি কোৱা পৰম্পৰা। শুভমন গিলৰ প্ৰদৰ্শনলৈ চালে এইবাৰ এই পৰম্পৰা ভংগ হ’ব বুলি আশা কৰিব পাৰি যদিও এতিয়া ১৫৯৫ দিনৰ পিছত জোফ্ৰা আৰ্চাৰৰ ৰূপত আটাইতকৈ ডাঙৰ প্ৰশ্নটো আহি পৰিছে। এনে পৰিস্থিতিত গিল আৰু আৰ্চাৰৰ যুদ্ধত ইতিহাস নতুনকৈ ৰচনা হয় নে পুনৰাবৃত্তি ঘটে সেয়া লক্ষণীয় হ’ব।