শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিৰাট কোহলীৰ অৱসৰ নে আন কিবা কাৰণ? ইলেংণ্ডৰ বিমানবন্দৰত টীম ইণ্ডিয়াক আদৰিবলৈ নাহিল এজনো অনুৰাগী…

অহা ২০ জুনৰ পৰা ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব ৫খনীয়া মেচৰ টেষ্ট শৃংখলা। কিন্তু ইংলেণ্ডত উপস্থিত হোৱা টীম ইণ্ডিয়াই বিমানবন্দৰত এটা অদ্ভুত দৃশ্য দেখিবলৈ পাইছিল। পূৰ্বে টীম ইণ্ডিয়াৰ আগমনৰ লগে লগে অনুৰাগীৰ ভিৰ হৈছিল যদিও এইবাৰ বিমানবন্দৰৰ বাহিৰত সম্পূৰ্ণ নিস্তব্ধতা।

বিৰাট কোহলীৰ অৱসৰ নে আন কিবা কাৰণ? ইলেংণ্ডৰ বিমানবন্দৰত টীম ইণ্ডিয়াক আদৰিবলৈ নাহিল এজনো অনুৰাগী…
টীম ইণ্ডিয়াক আদৰিবলৈ নাহিল এজনো অনুৰাগীImage Credit source: Darrian Traynor/Getty Images
trishna-kalita
Trishna Kalita | Published: 07 Jun 2025 21:45 PM

৫ খনীয়া টেষ্টৰ শৃংখলা খেলিবলৈ ইংলেণ্ডত উপস্থিত হৈছে ভাৰতীয় দলটো। ইতিহাস সৃষ্টিৰ উদ্দেশ্যেৰে এইবাৰ ইংলেণ্ডত অৱতৰণ কৰিছে শুভমনৰ গীলৰ নেতৃত্বত গঠিত যুৱ দলটোৱে। বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত ইংৰাজৰ ভূমিত টীম ইণ্ডিয়াৰ অগ্নিপৰীক্ষা হ’ব, কাৰণ যিদিনা ভাৰত আৰু ইংলেণ্ডৰ মাজত প্ৰথম টেষ্ট মেচ অনুষ্ঠিত হ’ব,  সেইদিনাৰ পৰাই আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭। গতিকে দুয়োটা দলে জয়ৰে ছিজন আৰম্ভ কৰিব বিচাৰিব। অহা ২০ জুনৰ পৰা দুয়ো দলৰ মাজত অনুষ্ঠিত হ’ব ৫খনীয়া মেচৰ টেষ্ট শৃংখলা। কিন্তু ইংলেণ্ডত উপস্থিত হোৱা টীম ইণ্ডিয়াই বিমানবন্দৰত এটা অদ্ভুত দৃশ্য দেখিবলৈ পাইছিল। পূৰ্বে টীম ইণ্ডিয়াৰ আগমনৰ লগে লগে অনুৰাগীৰ ভিৰ হৈছিল যদিও এইবাৰ বিমানবন্দৰৰ বাহিৰত সম্পূৰ্ণ নিস্তব্ধতা।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ভাৰতীয় দলটো যেতিয়া ইংলেণ্ডৰ বিমানবন্দৰত উপস্থিত হৈছিল সেই সময়ত এজনো অনুৰাগী দেখা পোৱা নগ’ল। এনে ঘটনা ইংলেণ্ডত প্ৰথমবাৰৰ বাবে দেখা গৈছে। শেহতীয়াকৈ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে প্ৰবীণ বেটছমেন বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই। হয়তো এই কাৰণেই অনুৰাগীসকলে এইবাৰ এই টেষ্ট ছিৰিজৰ প্ৰতি বৰ বেছি আগ্ৰহী নহয়। আনহাতে ভাৰতীয় খেলুৱৈসকলে আশা কৰিছিল যে তেওঁলোকৰ আভাস পাবলৈ বিমানবন্দৰত অনুৰাগীৰ দীঘলীয়া শাৰী থাকিব, কিন্তু বাস্তৱত তেনে নহ’ল।

এইবাৰ ইংলেণ্ড ভ্ৰমণত শুভমন গীলে টীম ইণ্ডিয়াৰ অধিনায়কত্ব কৰিছে। আনহাতে ঋষভ পণ্টক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ বাহিৰেও বহু শক্তিশালী খেলুৱৈয়ে দলত স্থান লাভ কৰিছে। শেহতীয়াকৈ সমাপ্ত হোৱা আই পি এল ২০২৫ত একাংশ খেলুৱৈয়ে অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল, যাৰ বাবে ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে। কেৱল এয়াই নহয়, ইংলেণ্ডেও প্ৰথম টেষ্টৰ বাবে নিজৰ দল ঘোষণা কৰিছে। এই টেষ্ট ছিৰিজত দুয়োটা দলৰ খেলুৱৈয়ে উজ্জ্বল প্ৰদৰ্শন কৰা দেখা যাব পাৰে।

এই খেলুৱৈসকলক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে

শুভমান গীল (অধিনায়ক), যশস্বী জয়ছৱাল, কে এল ৰাহুল, ছাই সুদৰ্শন, ঋষভ পণ্ট (উপ অধিনায়ক/উইকেটকীপাৰ), নীতিশ কুমাৰ ৰেড্ডী, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), অভিমন্যু ইশ্বৰন, শাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণ, কৰুণ নায়ৰ, ৱাশ্বিংটন সুন্দৰ, আকাশ দীপ, অৰ্শদীপ সিং, কুলদীপ যাদৱ।

প্ৰথম টেষ্টৰ বাবে ইংলেণ্ড দল

বেন ষ্টকছ (অধিনায়ক), শ্বোয়াইব বছিৰ, জেকব বেথেল, হেৰী ব্ৰুক, ব্ৰাইডন কাৰ্ছ, ছেম কুক, জেক ক্ৰ’লি, বেন ডাকেট, জেমী অভাৰটন, অলি পোপ, জো ৰুট, জেমী স্মিথ, জোছ টংগু, ক্ৰীছ ৱ’কেছ।