শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মাত্ৰ দুখন টেষ্ট খেলিয়েই অভিলেখ নীতিশ ৰেড্ডীৰঃ অতিক্ৰম কোহলী, ধোনী, গাংগুলীৰ দৰে তাৰকাক

আজিৰ পৰা আৰম্ভ হোৱা এডিলেইড টেষ্টৰ প্ৰথম ইনিংছত ভাৰতে মাত্ৰ ১৮০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ নীতিশ কুমাৰ ৰেড্ডীয়ে সৰ্বাধিক ৪২ ৰান সংগ্ৰহ কৰে। এই ইনিংছটোৰ সময়ত নীতিশে কোহলী, ধোনী, গাংগুলী, লক্ষ্মণ, কপিল দেৱ আৰু দ্ৰাবিড়ৰ দৰে ভাৰতৰ কিংবদন্তি তাৰকাক অতিক্ৰম কৰি এক ঈৰ্ষণীয় কৃতিত্ব অৰ্জন কৰে।

মাত্ৰ দুখন টেষ্ট খেলিয়েই অভিলেখ নীতিশ ৰেড্ডীৰঃ অতিক্ৰম কোহলী, ধোনী, গাংগুলীৰ দৰে তাৰকাক
নীতিশ কুমাৰ ৰেড্ডী
Monjit Dutta
Monjit Dutta | Published: 06 Dec 2024 20:06 PM

আজিৰ পৰা এডিলেইডত আৰম্ভ হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হোৱা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্ট। আজি মেচৰ প্ৰথম দিনা ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় যদিও অষ্ট্ৰেলিয়াৰ পেচ আক্ৰমণৰ সমুখত, বিশেষকৈ মিচেল ষ্টাৰ্কৰ পেচ ত্ৰাসক বিধ্বস্ত হৈ পৰে আৰু মাত্ৰ ১৮০ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়। ষ্টাৰ্কৰ দুৰ্দান্ত বলিঙত দিশহাৰা হৈ পৰা ভাৰতৰ কোনো এগৰাকী খেলুৱৈয়েই ক্ৰীজত খোপনি পুতি দীঘলীয়া ইনিংছ খেলাত চূড়ান্ত ৰূপে ব্যৰ্থ হয়।

লক্ষণীয়ভাৱে ভাৰতীয় ইনিংছত আজি মাত্ৰ পাঁচগৰাকী বেটাৰেহে দহকৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত যুৱ তাৰকা নীতিশ কুমাৰ ৰেড্ডীৰ বেটৰ পৰা আহে সৰ্বাধিক ৪২ ৰান। উল্লেখ্য যে এই শৃংখলাৰ পাৰ্থত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত নীতিশে জাতীয় দলৰ হৈ টেষ্ট অভিষেক ঘটাইছিল আৰু অভিষেকতে উজলি উঠিছিল যুৱ খেলুৱৈগৰাকী।

পাৰ্থ টেষ্টৰ প্ৰথম ইনিংছতো ভাৰতৰ বেটিং বিপৰ্যয়ৰ মাজত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল নীতিশে। এই টেষ্টৰ দ্বিতীয় ইনিংছতো নীতিশে খেলিছিল এক আক্ৰমণাত্মক অপৰাজিত ইনিংছ। আজি এডিলেইড টেষ্টৰ প্ৰথম দিনাও নীতিশে নিজৰ যোগ্যতা প্ৰমাণ কৰি ৪২ ৰানৰ এই যুঁজাৰু ইনিংছটো খেলে। ৫৪ টা বলৰ সন্মুখীন হৈ তিনিটাকৈ চাৰি আৰু ছয়েৰে এই ইনিংছটো সজায় নীতিশে।

এইদৰে ইনিংছটোত তিনিটা ছয় মাৰি নীতিশ কুমাৰ ৰেড্ডীয়ে এক ঈৰ্ষণীয় অভিলেখ গঢ়ে। এই অভিলেখৰ পথত আনকি নীতিশ কুমাৰ ৰেড্ডীয়ে বিৰাট কোহলী, মহেন্দ্ৰ সিং ধোনী, সৌৰভ গাংগুলীৰ দৰে ভাৰতীয় ক্ৰিকেটৰ কেইবাগৰাকী কিংবদন্তি তাৰকাকো অতিক্ৰম কৰে। কেৰিয়াৰৰ মাত্ৰ দ্বিতীয়খন টেষ্টত এই সাফল্য অৰ্জন কৰিছে যুৱ অলৰাউণ্ডাৰগৰাকীয়ে।

পাৰ্থ টেষ্টৰ প্ৰথম ইনিংছত নিজ কেৰিয়াৰৰো প্ৰথমটো টেষ্ট ইনিংছ খেলা নীতিশে ৫৯টা বলত ৪১ ৰান সংগ্ৰহ কৰিছিল। এই ইনিংছটোত তেওঁ কোবাইছিল ১টা ছয়। আনহাতে টেষ্টখনৰ দ্বিতীয় ইনিংছত অপৰাজিত ৩৮ ৰান সংগ্ৰহ কৰা নীতিশে ইনিংছটোত ২টা ছয় কোবায়। এতিয়া এডিলেইড টেষ্টৰ প্ৰথম ইনিংছত তিনিটা ছয় কোবোৱাৰ লগে লগে অষ্ট্ৰেলিয়াত তেওঁৰ টেষ্ট ছয়ৰ মুঠ সংখ্যা ৬লৈ বৃদ্ধি পাইছে।

এইদৰে অষ্ট্ৰেলিয়ান ভূমিত টেষ্টত সৰ্বাধিক ছয় কোবোৱাৰ ক্ষেত্ৰত নীতিশ কুমাৰ ৰেড্ডীয়ে ৰেড্ডীয়ে বিৰাট কোহলী, মহেন্দ্ৰ সিং ধোনী, সৌৰভ গাংগুলী, ভিভিএছ লক্ষ্মণ, কপিল দেৱ আৰু ৰাহুল দ্ৰাবিড়ৰ দৰে ভাৰতৰ কিংবদন্তি তাৰকাক অতিক্ৰম কৰিছে। সামগ্ৰিকভাৱে এই বিষয়ত ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ক্ৰীছ গেইল (১০ ইনিংছত ১২টা ছয়) আৰু ভিভ ৰিচাৰ্ডছ (৩৯ ইনিংছত ১২টা ছয়) শীৰ্ষত আছে।

কিন্তু ভাৰতৰ এই অষ্ট্ৰেলিয়া ভ্ৰমণত তিনখন টেষ্ট আৰু চলিত এডিলেইড টেষ্টৰ এটা ইনিংছ এতিয়াও বাকী আছে। এনে অৱস্থাত নীতিশ কুমাৰ ৰেড্ডীয়ে চলিত ফৰ্ম অব্যাহত ৰাখিব পাৰিলে গেইল আৰু ৰিচাৰ্ডক অতিক্ৰম কৰাৰ সম্ভাৱনা নথকা নহয়। অৱশ্যে এই অভিলেখতকৈয়ো যে যুৱ তাৰকাগৰাকীয়ে দলৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালনকহে অগ্ৰগ্ধিকাৰ দিব, সেয়া নিশ্চিত।