শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰোহিতক লৈ দুমুখীয়া স্থিতি লৈছে গম্ভীৰে! ভাইৰেল পুৰণি ভিডিঅ’ক লৈ চলিছে চৰ্চা

গম্ভীৰৰ এই পুৰণি ভিডিঅ’ ক্লিপটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি নেটিজেনে তীক্ষ্ণ সমালোচনা কৰিছে। এগৰাকী ‘এক্স’ ব্যৱহাৰকাৰীয়ে গম্ভীৰৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰি আনকি গৌতম গম্ভীৰতকৈ ভণ্ড আৰু দুমুখীয়া কোনো ব্যক্তি কেতিয়াও দেখা নাই বুলি তীক্ষ্ণ আক্ৰমণ কৰিছে।

ৰোহিতক লৈ দুমুখীয়া স্থিতি লৈছে গম্ভীৰে! ভাইৰেল পুৰণি ভিডিঅ’ক লৈ চলিছে চৰ্চা
গৌতম গম্ভীৰ আৰু ৰোহিত শৰ্মাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 06 Oct 2025 12:19 PM

যোৱা শনিবাৰে আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা কৰে বিচিচিআইয়ে। ঘোষিত এই দলটোত আশা কৰাৰ দৰেই স্থান লাভ কৰে দুই অভিজ্ঞ তাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে। পিছে ইয়াৰ সমান্তৰালকৈ এক অনাকাংক্ষিত পৰিৱৰ্তনে আচৰিতো কৰি তোলে অনুৰাগীক। ঘোষিত এদিনীয়া দলত ৰোহিত শৰ্মাৰ পৰিৱৰ্তে শুভমন গিলক অধিনায়ক হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে। ৰোহিত শৰ্মাক অপসাৰণৰ এই সিদ্ধান্তক সহজে ল’ব পৰা নাই বহুসংখ্যক অনুৰাগীয়ে।

এই সিদ্ধান্তৰ বাবে বিচিচিআইৰ লগতে নিৰ্বাচক সমিতি আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক তীব্ৰ সমালোচনা কৰিছে একাংশই। অনুৰাগীৰ এই ক্ষোভৰ মাজতে এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা পুৰণি ভিডিঅ’। এই ভিডিঅ’টোত বৰ্তমানৰ ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে ৰোহিত প্ৰসঙ্গত কিছু কথা কোৱা শুনা গৈছে।

ভিডিঅ’টোত তেওঁ ৰোহিত শৰ্মাক অধিনায়ক হিচাপে দায়িত্ব দিয়াৰ সমৰ্থনত মত প্ৰকাশ কৰিছে। পুৰণি এই ভিডিঅ’টোত গম্ভীৰে কয়, “যদি ৰোহিত শৰ্মা ভাৰতৰ অধিনায়ক নহয় তেতিয়া সেয়া ভাৰতৰহে দুৰ্ভাগ্য, ৰোহিত শৰ্মাৰ নহয়। যদি তেওঁ হোৱাইট বল ক্ৰিকেট বা টি-২০ ক্ৰিকেটত অধিনায়ক নহয়, সেয়া লজ্জাজনক কথা।”

গম্ভীৰৰ এই পুৰণি ভিডিঅ’ ক্লিপটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি নেটিজেনে তীক্ষ্ণ সমালোচনা কৰিছে। এগৰাকী ‘এক্স’ ব্যৱহাৰকাৰীয়ে গম্ভীৰৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰি আনকি গৌতম গম্ভীৰতকৈ ভণ্ড আৰু দুমুখীয়া কোনো ব্যক্তি কেতিয়াও দেখা নাই বুলি তীক্ষ্ণ আক্ৰমণ কৰিছে।

তেওঁ লগতে লিখিছে, “যিজন ব্যক্তিয়ে এসময়ত ‘ৰোহিত শৰ্মা যদি ভাৰতৰ অধিনায়ক নহয়, তেতিয়া সেয়া ভাৰতৰ দুৰ্ভাগ্য ৰোহিতৰ নহয় বুলি মন্তব্য কৰিছিল’, এতিয়া তেওঁ নিজে প্ৰশিক্ষক হোৱাৰ পিছত ৰোহিতক অধিনায়ক হিচাপে নিবিচাৰে।” আন এজন লোকে আকৌ গৌতম গম্ভীৰে ভাৰতীয় ক্ৰিকেট ধ্বংস কৰিব বুলিও ভৱিষ্যদ্বাণী কৰিছে।

ইফালে কোনো কোনোৱে গম্ভীৰৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ তুলি গম্ভীৰ আৰু দুবছৰমান দায়িত্বত থাকিলে হৰ্ষিত ৰানাক অল ফৰ্মেট অধিনায়ক হিচাপে দেখা যাব বুলিও কটাক্ষ কৰে। এগৰাকীয়ে আকৌ গম্ভীৰে বিচিচিআইৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে বুলিও অভিযোগ তুলিছে।

মুঠৰ ওপৰত ৰোহিত শৰ্মাক এদিনীয়া দলৰ পৰা অপসাৰণ কৰাৰ পিছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে গৌতম গম্ভীৰ। ভাৰতৰ এদিনীয়া অধিনায়ক হিচাপে ৰোহিতৰ অভিলেখ যথেষ্ট প্ৰশংসনীয়। তেওঁৰ নেতৃত্বত ভাৰতীয় দলে ৫৬ খন মেচৰ ভিতৰত ৪২ খনতে জয়লাভ কৰিছিল, শতাংশ হিচাপত এই হাৰ ৭৫%।

এদিনীয়া বিশ্বকাপতো ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে ১১খন মেচৰ ভিতৰত ১০খনতে জয়লাভ কৰিছিল। অৱশ্যে বিশ্বকাপ জয়ৰ কাষ চাপিও ফাইনেলত থমকিছিল ৰোহিত নেতৃত্বাধীন ভাৰত। ২০২৭ চনৰ এদিনীয়া বিশ্বকাপতো ৰোহিতেই অধিনায়কৰ দায়িত্বত থাকিব বুলি অনুৰাগীয়ে আশা কৰিছিল। কিন্তু এতিয়া এই আশা ভংগ হোৱাৰ লগতে ৰোহিত তেতিয়ালৈ দলত থকাৰে সম্ভাৱনা নাই বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে।