BTC ত হাগ্ৰামাৰ শাসন আৰম্ভৰ পৰা ট্ৰাম্পৰ নিৰ্দেশনালৈ, দিনটোৰ খবৰ…
Top9: পুনৰ হাগ্ৰামা মহিলাৰীৰ হাতলৈ আহিল বিটিচিৰ শাসনভাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যকে ধৰি বহু লোকৰ উপস্থিতিত হাগ্ৰামাই বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত লয়।
বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আদিকে ধৰি বিভিন্নজনৰ উপস্থিতিত হাগ্ৰামাই শপত লয়। ইফালে মুখ্যমন্ত্ৰীয়ে হাগ্ৰামাক বিটিচিত ৰাইজৰ হকে কাম কৰাৰ বাবে সকলো সহায় কৰিব বুলি আশ্বাস দিয়ে।
ইফালে সামৰিক বাহিনী সন্দৰ্ভত ট্ৰাম্প প্ৰশাসনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা সেনাই দাড়ি ৰাখিব নোৱাৰিব।অৱশ্যে কিছুমান বিশেষ ক্ষেত্ৰত ৰেহাই লাভ কৰিব। এই সিদ্ধান্তই শিখ আৰু মুছলমান লোকসকলক বিশেষ সমস্যা দিব বুলি ধাৰণা কৰা হৈছে।
আমেৰিকাৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ চেষ্টা কৰিছে পাকিস্তানে। দেশখনে আমেৰিকাক এক বিশেষ প্ৰস্তাৱ দিছে। যাৰ ফলত বিশ্বৰ অন্যতম স্পৰ্শকাতৰ অঞ্চলত কৌশলগত প্ৰৱেশৰ সুবিধা লাভ কৰিব আমেৰিকাই।
Latest Videos