পেণ্টৰ পিছফালৰ জেপত মানিবেগ থ’লে কি হ’ব পাৰে জানেনে?

06 Oct 2025

TV9 ASSAM

নগদ ধনৰ পৰা আৰম্ভ কৰি প্ৰয়োজনীয় কিছুমান নথি-পত্ৰ থোৱাৰ বাবে আজিৰ সময়ত মানিবেগটো লগত নাথাকিলেই নহয়।

মানিবেগ

সেয়ে ক’ৰবালৈ ওলাই যোৱাৰ সময়ত মানিবেগটো লোৱা হ’ল নে সেয়ে গুৰুত্বসহকাৰে সকলোৱে পৰীক্ষা কৰে।

গুৰুত্ব

সাধাৰণতে অধিকাংশ লোকেই, প্ৰধানকৈ পুৰুষসকলে মানিবেগটো পেণ্টৰ পিছফালে জেপত থকা। কিন্তু অজানিতেই ইয়াৰ দ্বাৰা কৰা হয় মাৰাত্মক ভুল।

লোৱা ঠাই

এক মাৰ্কিন বিশ্ববিদ্যালয়ৰ গৱেষণা মতে এই অভ্যাসৰ বাবে বহু লোক কঁকাল-পিঠিৰ বিষ, ভৰিৰ বিষৰ দৰে সমস্যাৰ সন্মুখীন হৈছে।

সমস্যা

বিশেষজ্ঞৰ মতে পিছফালৰ জেপৰ স্থানতে দেহৰ ছাইটিক নাৰ্ভ থাকে। এই ছাইটিক নাৰ্ভ বা ইয়াৰ সৈতে জড়িত পেশীত চাপ পৰিলে বিষৰ সমস্যা হয়।

কাৰণ

পিছ জেপত থকা মানিবেগে বহু সময়ত ছাইটিক নাৰ্ভৰ ওপৰত চাপ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে বাবে এনে ভুল অভ্যাস ত্যাগ কৰা উচিত।

ভুল অভ্যাস

পঢ়িবলৈ ক্লিক কৰক 

ৰক্তচাপ হঠাতে বাঢ়িলে কৰক এইসমূহ কাম