দলত স্থান নহ’ল, এতিয়া বেটেৰে উত্তৰ দিছে ৰিয়ানে

06 Oct 2025

TV9 ASSAM

এছিয়া কাপৰ পিছত এতিয়া অষ্ট্ৰেলিয়াৰ বিপক্ষে সীমিত অভাৰৰ দ্বিপাক্ষিক শৃংখলাৰ বাবে বিচিচিআইয়ে ভাৰতীয় দল ঘোষণা কৰিছে।

ভাৰতীয় দল

এদিনীয়া, টি-২০ৰ বাবে ঘোষিত দলত স্থান লাভ কৰা নাই ৰিয়ান পৰাগে। বিগত এটা বছৰ ধৰি তেওঁ ভাৰতীয় দলৰ পৰা বাহিৰত আছে।

ৰিয়ান পৰাগ

দলত উপেক্ষিত হোৱাৰ পিছত এতিয়া ৰিয়ান পৰাগে বেটেৰে নিজৰ উত্তৰ দিছে। অষ্ট্ৰেলিয়া এৰ বিপক্ষে ৰিয়ানে দেখুৱাইছে চমক।

বেটেৰে উত্তৰ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ তিনিখন মেচত ক্ৰমাগত তিনিটা অৰ্ধশতক অৰ্জন কৰি ৰিয়ানে ইণ্ডিয়া এৰ শৃংখলা জয়ত সহায় কৰে।

অৰ্ধশতকৰ হেট্ৰিক

শৃংখলাৰ প্ৰথম মেচত ৰিয়ানে ৪২টা বলত ৫টাকৈ চাৰি আৰু ৫ ছয়েৰে ৬৭ ৰান, দ্বিতীয় এদিনীয়াত ৬টা চাৰি আৰু ১টা ছয়েৰে ৫৪টা বলত ৫৮ ৰান সংগ্ৰহ কৰিছিল।

প্ৰদৰ্শন

তৃতীয় মেচতো তেওঁ ৫টা চাৰি আৰু ৩টা ছয়েৰে ৫৫টা বলত ৬২ ৰান সংগ্ৰহ কৰে। এইদৰে তিনিখন মেচত তেওঁৰ বেটৰ পৰা আহে মুঠ ১৮৭ ৰান।

১৮৭ ৰান

ভাৰতীয় দলৰ হৈ এইপৰ্যন্ত আশানুৰূপ প্ৰদৰ্শন দেখুৱাব নোৱাৰিলেও এতিয়া এনে ধাৰাবাহিকতাৰে ৰিয়ানে শীঘ্ৰেই জাতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটাব বুলি আশা কৰা হৈছে।

প্ৰত্যাৱৰ্তনৰ আশা

পঢ়িবলৈ ক্লিক কৰক 

এইগৰাকী তাৰকাৰ কেৰিয়াৰৰ ঘটিল অৱসান!