শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পুনৰ শিৰনত পাকিস্তানৰঃ ১২-০ৰ অপ্ৰতিৰোধ্য অগ্ৰগতিৰে কলম্বোতো উৰিল ভাৰতীয় দলৰ বিজয় ধ্বজা

জয়ৰ বাবে ২৪৮ ৰানৰ এক সহজ লক্ষ্য লাভ কৰিলেও পিছে ভাৰতীয় বলিং আক্ৰমণৰ সমুখত সহজে আত্মসমৰ্পণ কৰে পাকিস্তানে। ৪৩ অভাৰত মাত্ৰ ১৫৯ ৰানতে ইনিংছ সামৰি পাকিস্তানে ৮৮ ৰানত পৰাজয় স্বীকাৰ কৰে।

পুনৰ শিৰনত পাকিস্তানৰঃ ১২-০ৰ অপ্ৰতিৰোধ্য অগ্ৰগতিৰে কলম্বোতো উৰিল ভাৰতীয় দলৰ বিজয় ধ্বজা
ভাৰতীয় দলৰ সহজ জয়Image Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 06 Oct 2025 09:20 AM

বিগত এছিয়া কাপ ২০২৫ত ভাৰতীয় পুৰুষ দলৰ বিপক্ষে ৩খনকৈ মেচত বিধ্বস্ত হৈছিল পাকিস্তান দল ফাইনেলত পাকিস্তানক পৰাস্ত কৰিয়েই ভাৰতীয় দলে জয় কৰিছিল খিতাপ এতিয়া এমাহতকৈও কম সময়ৰ ভিতৰত ভাৰতৰ হাতত ক্ৰমাগত চতুৰ্থ পৰাজয় সহিবলগা হৈছে পাকিস্তানে পুৰুষ ক্ৰিকেট দলৰ পিছত দেশখনৰ মহিলা ক্ৰিকেট দলেও এতিয়া শিৰনত কৰিবলৈ বাধ্য হৈছে ভাৰতীয় দলৰ ওচৰত দুৰন্ত প্ৰদৰ্শন আগবঢ়াই অপ্ৰতিৰোধ্য গতিৰে ভাৰতীয় মহিলা দলে কলম্বোত বিধ্বস্ত কৰিছে পাকিস্তানক

চলিত মহিলা এদিনীয়া বিশ্বকাপত কালি লীগ মেচত মুখামুখি হৈছিল ভাৰত আৰু পাকিস্তান কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মেচখনত ভাৰতীয় দলে পাকিস্তানক ৮৮ ৰানৰ ব্যৱধানত পৰাস্ত কৰে এইদৰে প্ৰথমটো বিশ্বকাপ খিতাপৰ সন্ধানত থকা ভাৰতীয় দলে প্ৰতিযোগিতাত ক্ৰমাগত দ্বিতীয় জয়ৰ সোৱাদ লভে

মেচখনত প্ৰথমে বেটিং কৰি ভাৰতীয় দলে সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ২৪৭ ৰান দলৰ হৈ সৰ্বাধিক ৪৬ ৰান সংগ্ৰহ কৰে হাৰ্লিন দেউলে জেমিমাই ৩২, অপেনাৰদ্বয় প্ৰতিকা আৰু স্মৃতিয়ে ক্ৰমে ৩১ আৰু ২৩, দীপ্তিয়ে ২৫, স্নেহ ৰানাই ২০ আৰু অধিনায়ক হৰমনপ্ৰীতে ১৯ ৰানৰ অৱদান আগবঢ়ায়।

মন্থৰ বেটিঙৰ সমান্তৰালকৈ সঘন উইকেট পতনৰ বাবে ভাৰতীয় দলৰ স্ক ২০০ৰ আশে পাশে থকাৰ লক্ষণে দেখা দিছিল যদিও শেষলৈ ৰিচা ঘোষে মাত্ৰ ২০টা ৩৫ ৰান সংগ্ৰহ কৰি দলৰ স্ক ২৪৭ ৰানলৈ নিয়ে পাকিস্তানৰ হৈ ডিয়ানা বাইগে ৬৯ ৰানত ৪টা উইকেট দখল কৰে দুটাকৈ উইকেট পায় সাদিয়া আৰু অধিনায়ক ফাটিমাই

ইফালে জয়ৰ বাবে ২৪৮ ৰানৰ এক সহজ লক্ষ্য লাভ কৰিলেও পিছে ভাৰতীয় বলিং আক্ৰমণৰ সমুখত সহজে আত্মসমৰ্পণ কৰে পাকিস্তানে ৪৩ অভাৰত মাত্ৰ ১৫৯ ৰানতে ইনিংছ সামৰি পাকিস্তানে ৮৮ ৰানত পৰাজয় স্বীকাৰ কৰে পাকিস্তানৰ এই বিপৰ্যয়ৰ কাৰণ হৈ পৰে যুৱ ভাৰতীয় পেচাৰ ক্ৰান্তি গাউড

ক্ৰান্তিয়ে নিজ ১০ অভাৰৰ স্পেলত মাত্ৰ ২০ ৰান খৰচ কৰি ৩টাকৈ উইকেট দখলেৰে পাকিস্তানক থকাসৰকা কৰি তোলে তেওঁৰ লগতে দীপ্তিৰ হাতলৈও যায় ৩টা উইকেট আনহাতে দুটা উইকেট দখল কৰে স্নেহ ৰানাই পাকিস্তানৰ হৈ সৰ্বাধিক ৮১ ৰান সংগ্ৰহ কৰে চিদ্ৰা আমিনে চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে ক্ৰান্তি গাউড মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়

উল্লেখ্য যে মহিলাৰ এদিনীয়াত এইপৰ্যন্ত ভাৰত আৰু পাকিস্তান ১২ বাৰ মুখামুখি হৈছে সম্পূৰ্ণ আধিপত্য বিস্তাৰেৰে এই আটাইকেইখন মেচতে জয়ী হৈছে ভাৰতীয় দল আনহাতে বিশ্বকাপতো বাৰৰ মুখামুখিত অপ্ৰতিৰোধ্য গতি অব্যাহত ৰাখি ভাৰতে আটাইকেইখন মেচত জয়ৰ সোৱাদ লভিছে