শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেশবাসীৰ আশা ভংগঃ বিশ্ব চেম্পিয়নশ্বিপৰ পৰা বাহিৰ হ’ল নীৰজ, নদীমেও ল’লে বিদায়

ফাইনেলত নীৰজৰ প্ৰথমটো থ্ৰ’ আছিল ৮৩.৬৫ মিটাৰ। পৰৱৰ্তী সময়ত নীৰজৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰা হৈছিল এই আশা কাৰ্যতঃ প্ৰতিফলিত কৰাত ব্যৰ্থ হয়। আনকি শীৰ্ষ ছয়টা স্থানতো অন্তৰ্ভুক্ত নহ’ল তাৰকা খেলুৱৈগৰাকী।

দেশবাসীৰ আশা ভংগঃ বিশ্ব চেম্পিয়নশ্বিপৰ পৰা বাহিৰ হ’ল নীৰজ, নদীমেও ল’লে বিদায়
নীৰজ চোপ্ৰাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 18 Sep 2025 17:46 PM

সমগ্ৰ দেশৰ দৃষ্টি নিৱদ্ধ হৈছিল আছিল অলিম্পিক স্বৰ্ণ তথা ৰূপ জয়ী তাৰকা জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাৰ ওপৰত। আশা কৰিছিল, দেশবাসীক গৌৰৱান্বিত কৰি উজলি উঠিব তাৰকা খেলুৱৈগৰাকী! কিন্তু দেশবাসীৰ এই আশা-আকাংক্ষা আজি টকিঅ’ত হতাশাজনকভাৱে অন্ত পৰিল। জাপানৰ টকিঅ’ত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত নিৰাশাজনক প্ৰদৰ্শনেৰে অভিযান অন্ত পেলাইছে নীৰজ চোপ্ৰাই। চেম্পিয়নশ্বিপৰ ফাইনেলত সৰ্বাধিক মাত্ৰ ৮৪.০৩ মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰি বাহিৰ হয় নীৰজ।

ফাইনেলত নীৰজৰ প্ৰথমটো থ্ৰ’ আছিল ৮৩.৬৫ মিটাৰ। পৰৱৰ্তী সময়ত নীৰজৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰা হৈছিল এই আশা কাৰ্যতঃ প্ৰতিফলিত কৰাত ব্যৰ্থ হয়। আনকি শীৰ্ষ ছয়টা স্থানতো অন্তৰ্ভুক্ত নহ’ল তাৰকা খেলুৱৈগৰাকী। হতাশাজনক প্ৰদৰ্শনেৰে নীৰজে অষ্টম স্থানত থাকি অভিযানৰ অন্ত পেলায়।

ইয়াৰ লগে লগে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ত অভিযান সামৰে ডিফেণ্ডিং চেম্পিয়ন নীৰজে। প্ৰথম থ্ৰ’ত ৮৩.৬৫ মিটাৰ নিক্ষেপ কৰাৰ পিছত নীৰজে দ্বিতীয়টো থ্ৰ’ ৮৪.০৩ মিটাৰ নিক্ষেপ কৰে। তৃতীয় আৰু পঞ্চম থ্ৰ’ ফাউল হোৱাৰ বিপৰীতে চতুৰ্থ থ্ৰ’ত নীৰজ চোপ্ৰাই ৮২.৮৬ মিটাৰহে নিক্ষেপ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে ২০২৩ চনত অনুষ্ঠিত হোৱা শেহতীয়া চেম্পিয়নশ্বিপত ইতিহাস সৃষ্টি কৰি নীৰজে স্বৰ্ণ জয় কৰিছিল। এইবাৰো তেওঁৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰা হৈছিল যদিও বিফল হয়। নীৰজৰ লগতে পাকিস্তানৰ তাৰকা তথা পেৰিছ অলিম্পিকৰ স্বৰ্ণ জয়ী আৰ্শ্বাদ নদীমেও প্ৰতিযোগিতাত নিজৰ অভিযান সামৰিছে।

নীৰজ আৰু আৰ্শ্বাদৰ এনে হতাশাজনক প্ৰদৰ্শনৰ বিপৰীতে ট্ৰিনিদাদ এণ্ড ট’বাগোৰ ৱালকটে চমক সৃষ্টিৰে স্বৰ্ণ পদক জয় কৰে। সৰ্বাধিক ৮৮.১৬ মিটাৰ নিক্ষেপ কৰি খিতাপ অৰ্জন কৰে ৱালকটে। আনহাতে গ্ৰেনাডাৰ পিটাৰ্ছে ৮৭.৩৮ মিটাৰ নিক্ষেপ কৰি দ্বিতীয় স্থান লাভ কৰে। আমেৰিকাৰ কাৰ্টিছ থম্পছনে ৮৬.৬৭ মিটাৰ নিক্ষেপ কৰি লাভ কৰে ব্ৰঞ্জৰ পদক।