শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দিব্যাংগ খেলুৱৈসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে নগাঁও জিলা পেৰা-ক্ৰীড়া সংস্থাৰ গঠন

অসম পেৰা অলিম্পিক সংস্থাৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শৰ্মাৰ উদ্যোগ তথা পৰামৰ্শ মৰ্মে অনুষ্ঠিত এই সভাত উপস্থিত থাকে অসম পেৰা অলিম্পিক সংস্থাৰ সভাপতি চন্দন বৰুৱা, সাধাৰণ সম্পাদক ৰাজীৱ দে যুটীয়া সম্পাদক গীত গুঞ্জন ডেকা আৰু কেইবাগৰাকীও ৰাজ্যিক পৰ্যায়ৰ বিষয়ববীয়া । এই নতুন কমিটিখনে জিলাখনৰ দিব্যাংগ খেলুৱৈসকলক আগুৱাই লৈ যোৱাত বিশেষ সহায় কৰিব বুলি আশা কৰা হৈছে।

দিব্যাংগ খেলুৱৈসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে নগাঁও জিলা পেৰা-ক্ৰীড়া সংস্থাৰ গঠন
নগাঁও জিলা পেৰা-ক্ৰীড়া সংস্থা
Trishna Kalita
Trishna Kalita | Published: 25 Jan 2026 11:18 AM

নগাঁও জিলাৰ ক্ৰীড়া জগতত এক নতুন অধ্যায়ৰ সূচনা। শনিবাৰে অসম পেৰা অলিম্পিক সংস্থাৰ অধীনত আনুষ্ঠানিকভাৱে গঠন কৰা হয় নগাঁও জিলা পেৰা-ক্ৰীড়া সংস্থা। এই উপলক্ষে নগাঁও চহৰৰ খুটিকটীয়াৰ ডিআৰটি (DRT) হলত এখন সাধাৰণ সভা অনুষ্ঠিত হয়।

অসম পেৰা অলিম্পিক সংস্থাৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শৰ্মাৰ উদ্যোগ তথা পৰামৰ্শ মৰ্মে অনুষ্ঠিত এই সভাত উপস্থিত থাকে অসম পেৰা অলিম্পিক সংস্থাৰ সভাপতি চন্দন বৰুৱা, সাধাৰণ সম্পাদক ৰাজীৱ দে যুটীয়া সম্পাদক গীত গুঞ্জন ডেকা আৰু কেইবাগৰাকীও ৰাজ্যিক পৰ্যায়ৰ বিষয়ববীয়া । এই নতুন কমিটিখনে জিলাখনৰ দিব্যাংগ খেলুৱৈসকলক আগবঢ়াই নিয়াত বিশেষ সহায় কৰিব বুলি আশা কৰা হৈছে।

সভাত উপস্থিত থাকি অসম পেৰা অলিম্পিক সংস্থাৰ সম্পাদক ৰাজীৱ দেয়ে নতুন কমিটিখনৰ সন্দৰ্ভত কয়, “পূৰ্বে নগাঁৱত জিলা পেৰা ক্ৰিয়া সংস্থাৰ কোনো শাখা নাছিল। সেই বাবেই জিলাখনত পেৰা-ক্ৰীড়াৰ উন্নয়নৰ বাবে একাংশ ক্ৰীড়া উদ্যোগী আৰু বিশেষজ্ঞৰ সৈতে বৈঠক কৰি আমি আনুষ্ঠানিকভাৱে এই নগাঁও জিলা পেৰা-ক্ৰীড়া সংস্থা গঠন কৰিলো। এই নতুন কমিটিয়ে অনাগত বছৰত নগাঁও জিলা পেৰা-ক্ৰীড়া সংস্থাই সুচাৰুৰূপে আগুৱাই লৈ যাব বুলি মই আশাবাদী।”

অসম পেৰা অলিম্পিক সংস্থাৰ সভাপতি চন্দন বৰুৱাই নতুন বিষয়ববীয়াসকলক আদৰণি জনাই কয়, “আশা কৰিছোঁ আগন্তুক সময়ত নগাঁও জিলা কমিটিৰ উদ্যোগত জিলাখনৰ পৰা বহু প্ৰতিভাসম্পন্ন খেলুৱৈ ওলাই আহিব। জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যই এই বিশেষভাৱে সক্ষম খেলুৱৈসকলক লৈ গৌৰৱ কৰিব পাৰিব।”

নগাঁও জিলা কমিটিৰ নৱ-নিৰ্বাচিত সভাপতি তথা ক্ৰীড়া উদ্যোগী অমিতাভ বৰাই অসম পেৰা অলিম্পিক সংস্থাৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শৰ্মাক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয়, “মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শৰ্মাৰ নিৰন্তৰ প্ৰচেষ্টা আৰু পৰামৰ্শৰ ফলতেই আজি নগাঁও জিলা পেৰা-ক্ৰীড়া সংস্থাটো গঠন কৰা সম্ভৱ হ’ল। আমি জিলাখনৰ চুকে-কোণে থকা বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীসকলক বিচাৰি উলিয়াই উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰিম। তেওঁলোকক ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগুৱাই নিবলৈ আমি দৃঢ়প্ৰতিজ্ঞ।”

জিলাখনৰ এগৰাকী সমাজকৰ্মী তথা ক্ৰীড়া উদ্যোগী অভিজিত নাথে নিজৰ মনৰ ভাব প্ৰকাশ কৰি কয়, “আমি ক্ৰীড়া ক্ষেত্ৰখনৰ লগত পূৰ্বৰে পৰা জড়িত হৈ জিলাখনৰ প্ৰতিভাশালী খেলুৱৈসকলক উলিয়াই আনিবলৈ কাম কৰি আহিছিলোঁ। কিন্তু বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীসকলৰ বাবে কাম কৰাৰ ক্ষেত্ৰত আমি ক’ৰবাত যেন অলপ পিছুৱাই আছিলোঁ। এতিয়া আমাৰ সেই অভাৱ দূৰ হ’ব। মই আশাবাদী যে নগাঁও জিলা পেৰা-ক্ৰীড়া সংস্থা গঠনৰ লগে লগে আমি সেইসকল বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীকো এখন সুন্দৰ মঞ্চ দিবলৈ সক্ষম হম, যাৰ জৰিয়তে তেওঁলোকে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি ৰাজ্যৰ লগতে জিলালৈ সুনাম কঢ়িয়াই আনিব।”

নতুনকৈ গঠন হোৱা কমিটিখনত উপদেষ্টা হিচাপে দায়িত্ব গ্ৰহণ কৰে সমাজকৰ্মী অভিজিত নাথে। লগতে ক্ৰীড়া উদ্যোগী অমিতাভ বৰাক সভাপতি আৰু দুৰ্লভ পৱন বৰুৱাক সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে। সমিতিখনৰ কোষাধ্যক্ষ পদত আছে জোন ৰাজখোৱা, উপ-সভাপতিদ্বয় শ্যামন্ত দাস আৰু ৰীতা বৈদ্য কাকতি, যুটীয়া সম্পাদক হিচাপে অজয় শৰ্মা, ঋষভ জাজোদিয়া আৰু প্ৰত্যুষ প্ৰতিম বৰা, লগতে জনসংযোগ বিষয়া হিচাপে দায়িত্ব লাভ কৰিছে মনোজ লস্কৰে। ইয়াৰ উপৰিও কাৰ্যবাহী সদস্য হিচাপে জুন মণি দাস, বংকিমা চক্ৰৱৰ্তী আৰু আনন্দ সুৰণাক অন্তৰ্ভুক্ত কৰি এই জিলা কমিটিখন গঠন কৰা হৈছে।

উল্লেখ্য যে, অসম পেৰা অলিম্পিক সংস্থা (Paralympic Association of Assam) হৈছে ভাৰতীয় পেৰা অলিম্পিক কমিটি (PCI) ৰ সৈতে জড়িত আৰু অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা স্বীকৃত এটা সংস্থা। ১৯৯২ চনত প্ৰতিষ্ঠা হোৱা PCI-এ পেৰা অলিম্পিক আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় পেৰা-ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে ভাৰতীয় খেলুৱৈসকলক বাচনি কৰা আৰু প্ৰেৰণ কৰাৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে।