শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ধোনীৰ বাবেই ধ্বংস হ’ল তাৰকা পুত্ৰৰ কেৰিয়াৰ! পিতৃয়ে তুলিলে বিস্ফোৰক অভিযোগ

ভাৰতৰ এগৰাকী প্ৰখ্যাত তাৰকা ক্ৰিকেটাৰৰ পিতৃয়ে মহেন্দ্ৰ সিং ধোনীৰ বিৰুদ্ধে উত্থাপন কৰিছে এক বিস্ফোৰক অভিযোগ। ধোনীয়ে তেওঁৰ পুত্ৰৰ ক্ৰিকেট কেৰিয়াৰ ধ্বংস কৰা বুলি অভিযোগ তুলিছে এই ব্যক্তিগৰাকীয়ে। তেওঁৰ এই অভিযোগে সম্প্ৰতি লাভ কৰিছে ব্যাপক চৰ্চা।

ধোনীৰ বাবেই ধ্বংস হ’ল তাৰকা পুত্ৰৰ কেৰিয়াৰ! পিতৃয়ে তুলিলে বিস্ফোৰক অভিযোগ
ধোনীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ
Monjit Dutta
Monjit Dutta | Published: 01 Sep 2024 21:12 PM

ক্ৰিকেট বিশ্বত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ আছে অপাৰ জনপ্ৰিয়তা। কেৱল ভাৰতবৰ্ষতে নহয়, বিশ্বজুৰি বহু খেলুৱৈয়ে ধোনীক আদৰ্শ হিচাপে গ্ৰহণ কৰি আহিছে। ইতিমধ্যে বহুকেইগৰাকী খেলুৱৈয়ে নিজ মুখেই খেলুৱৈ হিচাপে তেওঁলোকৰ সাফল্যৰ আঁৰত ধোনীৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰিছে। বিশ্ব ক্ৰিকেটৰে এগৰাকী অন্যতম সফল অধিনায়ক হিচাপে পৰিচিত ধোনীৰ নেতৃত্বত খেলিবলৈ পোৱাটো সৌভাগ্যৰ কথা হিচাপে অভিহিত কৰিছে বহু খেলুৱৈয়ে। কিন্তু সেইগৰাকী মহেন্দ্ৰ সিং ধোনীয়েই ভাৰতৰ এগৰাকী প্ৰখ্যাত তাৰকা ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ প্ৰধান খলনায়ক হিচাপেও অভিযোগ উত্থাপন হৈছে।

এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে খেলুৱৈগৰাকীৰ পিতৃয়ে। তেওঁৰ মতে, তেওঁৰ পুত্ৰৰ কেৰিয়াৰ ধ্বংস কৰিছে মহেন্দ্ৰ সিং ধোনীয়ে। ধোনীৰ বাবেই কেৰিয়াৰ ধ্বংস হোৱা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰা এই ব্যক্তিগৰাকী আন কোনো নহয়, তেওঁ হৈছে ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন তাৰকা অল ৰাউণ্ডাৰ যুৱৰাজ সিঙৰ পিতৃ যোগৰাজ সিং।

যুৱৰাজ সিঙৰ পিতৃ যোগৰাজ সিঙে এইদৰে ধোনীক আক্ৰমণ কৰা ঘটনা এয়াই প্ৰথম নহয়, ইতিপূৰ্বেও তেওঁ সময়ে সময়ে বহুবাৰ মহেন্দ্ৰ সিং ধোনীক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এক ইয়ুটিউব চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সময়তে ধো্নীৰ বিৰুদ্ধে পুনৰ সমালোচনাত মুখৰ হৈ পৰে যোগৰাজ সিং। তেওঁৰ দাবী, ধোনীৰ বাবে যুৱৰাজৰ কেৰিয়াৰ ধ্বংস হৈছিল, নহ’লে তেওঁ আৰু কেইবছৰমান ভাৰতৰ হৈ খেলিব পাৰিলেহেঁতেন।

ইয়াৰ উপৰিও তেওঁ যুৱৰাজক ভাৰতৰত্নৰে সন্মানিত কৰিবলৈও দাবী জনাইছে। এই সাক্ষাৎকোৰটোত যোগৰাজ সিঙে কয়, “মই কেতিয়াও এম এছ ধোনীক ক্ষমা নকৰো। তেওঁ দাপোনত নিজৰ মুখখন চাব লাগে।” ধোনীক এজন মহান ক্ৰিকেটাৰ হিচাপে স্বীকাৰ কৰিলেও যুৱৰাজৰ বিৰুদ্ধে তেওঁ কৰা ষড়যন্ত্ৰ এতিয়া পোহৰলৈ আহিছে আৰু সেয়ে জীৱনত তেওঁক কেতিয়াও ক্ষমা কৰিব নোৱাৰি বুলি যোগৰাজ সিঙে মন্তব্য কৰে।

তেওঁ কয়, “জীৱনত মই কেতিয়াও দুটা কাম কৰা নাই। প্ৰথম, মোৰ লগত অন্যায় কৰা কাকো মই কেতিয়াও ক্ষমা কৰা নাই আৰু দ্বিতীয়তে, মই কেতিয়াও তেনে লোকক মোৰ জীৱনত পুনৰ আকোৱালি লোৱা নাই- সেয়া মোৰ পৰিয়ালৰ সদস্যই হওক বা মোৰ সন্তানেই হওক।” যুৱৰাজৰ দৰে পুত্ৰ জন্ম দিবলৈও আনকি সকলোকে প্ৰত্যাহ্বান জনাইছে যোগৰাজ সিঙে।

কৰ্কট ৰোগৰ সৈতে যুঁজি দেশৰ বাবে বিশ্বকাপ জয় কৰাৰ বাবে ভাৰত ৰত্নৰে যুৱৰাজ সিঙক সম্বৰ্ধনা জনোৱা উচিত বুলি তেওঁ লগতে মত প্ৰকাশ কৰে। উল্লেখ্য যে ইতিপূৰ্বেও যোগৰাজ সিঙে ধোনীৰ বিৰুদ্ধে এনে অনুৰূপ অভিযোগ উত্থাপন কৰি আহিছে। অৱশ্যে তেওঁৰ এনে অভিযোগ সন্দৰ্ভত স্বভাৱসিদ্ধভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা সদায়ে বিৰত আছে মহেন্দ্ৰ সিং ধোনী।