শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

২২ গজত আৰু দেখা নাযাব গব্বৰকঃ ক্ৰিকেটক বিদায় জনালে ‘Mr ICC’ ধাৱানে

ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে অভিজ্ঞ ভাৰতীয় তাৰকা শিখৰ ধাৱানে। আজি নিজা সামাজিক মাধ্যম একাউণ্ট যোগে অৱসৰৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল অপেনিং বেটাৰগৰাকীয়ে। কেৰিয়াৰৰ এই যাত্ৰাত মৰম তথা সহায়ৰ বাবে সকলোকে ধন্যবাদ জনায় ধাৱানে।

২২ গজত আৰু দেখা নাযাব গব্বৰকঃ ক্ৰিকেটক বিদায় জনালে ‘Mr ICC’ ধাৱানে
ক্ৰিকেটক বিদায় জনালে ধাৱানে
monjit-dutta
Monjit Dutta | Published: 24 Aug 2024 09:52 AM

ভাৰতীয় দলৰ জাৰ্চিত ২২ গজৰ জগতখনত আৰু দেখা নাযাব গব্বৰক। দীৰ্ঘদিন ধৰি জাতীয় দলত উপেক্ষিত হৈ ৰোৱাৰ পিছত অৱশেষত আজি ক্ৰিকেটক বিদায় জনালে শিখৰ ধাৱানে। নিজা সামাজিক মাধ্যম একাউণ্ট যোগে ধাৱানে আজি অৱসৰৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে। কেৱল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটেই নহয়, ঘৰুৱা ক্ৰিকেটৰ পৰাও অৱসৰ গ্ৰহণ কৰিছে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। আজি পুৱা এক ভিডিঅ’ শ্বেয়াৰ কৰি ধাৱানে অৱসৰৰ কথা ঘোষণা কৰাৰ লগতে তেওঁৰ এই ক্ৰিকেটীয় যাত্ৰাত সমৰ্থন আগবঢ়োৱা সকলো অনুৰাগীক ধন্যবাদ জনায়।

ধাৱানে লগতে তেওঁৰ এই যাত্ৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে নিজ পৰিয়ালৰ লগতে শৈশৱৰ প্ৰশিক্ষক, ভাৰতীয় দল আৰু বি চি চি আইক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে ২০২২ চনৰ ১০ ডিচেম্বৰতে ভাৰতীয় দলৰ হৈ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল তাৰকাগৰাকীয়ে। বাংলাদেশৰ বিৰুদ্ধে চট্টগ্ৰামত অনুষ্ঠিত এই মেচখনৰ পিচত আৰু ভাৰতীয় দলৰ জাৰ্চিত পুনৰাই দেখা পোৱা নগ’ল ধাৱানক।

ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম এগৰাকী সফল অপেনিং বেটাৰ হিচাপে আত্মপ্ৰতিষ্ঠা কৰা শিখৰ ধাৱানে ২০১০ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া ফৰ্মেটৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়। অৱশ্যে বিশাখাপট্টনমত অনুষ্ঠিত অভিষেক মেচখনত ধাৱান সম্পূৰ্ণৰূপ ব্যৰ্থ হয়। ইনিংছৰ দ্বিতীয়টো বলতে কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে পেভিলিয়নলৈ উভতে ধাৱান।

ইয়াৰ পিছত ২০১১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ আন্তঃৰাষ্ট্ৰীয় অভিষেক আৰু ২০১৩ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটায় বাওঁহতীয়া বেটাৰগৰাকীয়ে। টেষ্ট অভিষেকত ১৮৭ ৰানৰ এক দৰ্শনীয় ইনিংছেৰে তেওঁষৃষ্টি কৰিছিল চমকৰ। ইয়াৰ পিছতে ধাৱান ক্ৰমাৎ তিনিওটা ফৰ্মেটতে ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য সদস্য হৈ পৰে। কিন্তু শেহতীয়া কিছু বছৰত জাতীয় দলত উপেক্ষিত হৈ ৰৈছিল অভিজ্ঞ তাৰকাগৰাকী।

তিনিওটা ফৰ্মেটতে জাতীয় দলত স্থান লাভত ব্যৰ্থ হৈ আহিছিল ধাৱান এনে পৰিস্থিতিত ধাৱানৰ ক্ৰিকেট কেৰিয়াৰ সন্দেহৰ আৱৰ্তত হোমাই পৰিছিল। দীৰ্ঘদিন ধৰি উপেক্ষিত হৈ ৰোৱাৰ পিছতো অৱশ্যে কোনো ক্ষোভ প্ৰকাশ নাই তাৰকাগৰাকীয়ে। আজি অৱসৰ ঘোষণা কৰিও ধাৱানে অগণন স্মৃতি আৰু কৃতজ্ঞতাৰে ক্ৰিকেট যাত্ৰাৰ এই অধ্যায়ৰ সামৰণি মৰা বুলি উল্লেখ কৰে আৰু মৰম তথা সহায়ৰ বাবে সকলোকে ধন্যবাদ জনায়।

 

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ধাৱানে জাতীয় দলক মুঠ ২৬৯খন মেচত প্ৰতিনিধিত্ব কৰিছে। এই দীঘলীয়া কেৰিয়াৰত তেওঁ ১০,৮৬৭ ৰান সংগ্ৰহ কৰে। ধাৱানে টেষ্টত ৩৪খন মেচত ৪০.৬১ গড়ে ২৩১৫ ৰান সংগ্ৰহ কৰে। একেদৰে ১৬৭খন এদিনীয়া মেচত ৪৪.১১ গড়ে ৬৭৯৩ ৰান আৰু ৬৮ খন টি-২০ মেচত ১৭৫৯ ৰান সংগ্ৰহ কৰে বাওঁহতীয়া তাৰকাগৰাকীয়ে। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ২৪টা শতক আৰু ৫৫টা অৰ্ধশতক অৰ্জন কৰিছে ধাৱানে।

এদিনীয়াত তেওঁৰ নামত আছে ১৭টা শতক আৰু ৩৯টা অৰ্ধশতক। আনহাতে টেষ্টত ৭টা শতক আৰু ৫টা অৰ্ধশতক, টি-২০ত ১১টা অৰ্ধশতক অৰ্জন কৰিছে ধাৱানে। লক্ষণীয়ভাৱে আইচিচি ইভেণ্টত ধাৰাবাহিক সফলতাৰ বাবে ধাৱান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ‘Mr ICC’ হিচাপেও পৰিচিত। ভাৰতীয় দলৰ ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফী জয়ত মুখ্য ভূমিকা লোৱা তাৰকাগৰাকী প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হৈছিল।

Latest News