অব্যাহত এছিয়া কাপৰ ট্ৰফী বিতৰ্কঃ এইবাৰ ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ নাকভিয়ে তুলিলে এনে অভিযোগ
এচিচিৰ বৈঠকত ৰাজীৱ শুক্লাই নাকভিক ধমক দি ক্ষমা খুজিবলৈও দাবী জনায় আৰু ভাৰতলৈ ট্ৰফী পঠিয়াবলৈ হেঁচা প্ৰয়োগ কৰা বুলিও খবৰ ওলাইছিল। এই খবৰ অনুসৰি নাকভিয়ে বৈঠকত ক্ষমা খুজিবলৈ বাধ্য হয়। অৱশ্যে এই দাবী সম্পূৰ্ণৰূপে নাকচ কৰিছে এচিচিৰ সভাপতি মহছিন নাকভিয়ে।

যোৱা ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হয় এছিয়া কাপ ২০২৫ৰ ফাইনেল। সুৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলে প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তানক পৰাস্ত কৰি খিতাপ জয় কৰে। খিতাপ জয় কৰিলেও অৱশ্যে ভাৰতীয় দলে এছিয়া কাপৰ ট্ৰফী লাভ নকৰিলে। ট্ৰফী নোহোৱাকৈয়ে স্বদেশলৈ উভতে ভাৰতীয় দল। সমগ্ৰ প্ৰতিযোগিতাত এক শক্তিশালী স্থিতি অব্যাহত ৰাখি ভাৰতীয় দলে এছিয়ান ক্ৰিকেট কাউঞ্চিলৰ অধ্যক্ষ পাকিস্তানৰ মহছিন নাকভিৰ হাতৰ পৰা ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।
ইয়াৰ পিছত নাকভিৰ নিৰ্দেশনাত এই ট্ৰফী পুনৰ উভতাই নিয়া হৈছিল। এই ট্ৰফী বিতৰ্ক এতিয়াও ওৰ পৰা নাই। মঙলবাৰে এছিয়ান ক্ৰিকেট কাউঞ্চিলৰ (এচিচি) এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল, এই বৈঠকত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই) আৰু এচিচিৰ মাজত এক উত্তেজনাপূৰ্ণ আলোচনাৰ বাতৰি প্ৰকাশ পাইছিল।
বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লা আৰু প্ৰতিনিধি আশীষ শ্বেলাৰে এই বৈঠকত অংশগ্ৰহণ কৰে। সূত্ৰ অনুসৰি এছিয়া কাপৰ ট্ৰফীক লৈ বৈঠকত তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। একাংশ সংবাদ মাধ্যমত দাবী কৰা হৈছে যে বিচিচিআইয়ে এচিচিৰ সভাপতি মহছিন নাকভিক আনকি বৈঠকত ধমকো শোধায়।
আনকি ৰাজীৱ শুক্লাই নাকভিক ধমক দি ক্ষমা খুজিবলৈও দাবী জনায় আৰু ভাৰতলৈ ট্ৰফী পঠিয়াবলৈ হেঁচা প্ৰয়োগ কৰা বুলিও খবৰ ওলাইছিল। এই খবৰ অনুসৰি নাকভিয়ে বৈঠকত ক্ষমা খুজিবলৈ বাধ্য হয়। অৱশ্যে এই দাবী সম্পূৰ্ণৰূপে নাকচ কৰিছে এচিচিৰ সভাপতি মহছিন নাকভিয়ে। ভাৰতীয় সংবাদ মাধ্যমক উদ্দেশ্য তেওঁ ছ’চিয়েল মিডিয়াত এক কঠোৰ বিবৃতি প্ৰকাশ কৰে।
এটা পোষ্ট শ্বেয়াৰ কৰি মহছিন নাকভিয়ে ভাৰতীয় সংবাদ মাধ্যমে তথ্যৰ বিপৰীতে মিছাৰ ভিত্তিত খবৰ প্ৰকাশ কৰে বুলি দাবী কৰে। “মই স্পষ্টকৈ কওঁ, মই কোনো ভুল কৰা নাই। কেতিয়াও বিচিচিআইৰ ওচৰত ক্ষমা বিচৰা নাই আৰু কেতিয়াও সেয়া নকৰোঁ।”- পোষ্টটোত এই দাবী নাকভিৰ।
তেওঁ লগতে ভাৰতীয় সংবাদ মাধ্যমে নিজ দেশৰ লোকসকলক বিপথে পৰিচালিত কৰিবলৈ এনে খবৰ প্ৰচাৰ কৰা বুলি অভিযোগ কৰে আৰু এয়া সস্তীয়া প্ৰচাৰৰ বাহিৰে আন একো নহয় বুলি দাবী কৰে। ইফালে ভাৰতে ৰাজনীতিক ক্ৰিকেটলৈ টানি আনি ক্ৰীড়াৰ মনোভাৱৰ ক্ষতি কৰিছে বুলিও নাকভিয়ে ক্ষোভ প্ৰকাশ কৰে।