শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ইতিমধ্যে প্ৰেৰণ কৰা হৈছে প্লেয়িং কিট, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেষৰ দুখন টেষ্ট খেলিব ছামীয়ে…!

ভাৰতীয় পেচাৰ মহম্মদ ছামীক লৈ এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা শৃংখলাৰ শেষৰ দুখন মেচত মহম্মদ ছামীয়ে খেলাৰ সম্ভাৱনা আছে । পিটিআইৰ প্ৰতিবেদন অনুসৰি মহম্মদ ছামীৰ প্লেইং কিট ইতিমধ্যে অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰা হৈছে ।

ইতিমধ্যে প্ৰেৰণ কৰা হৈছে প্লেয়িং কিট, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেষৰ দুখন টেষ্ট খেলিব ছামীয়ে…!
মহম্মদ ছামী
manas-borah
Manas Borah | Updated On: 07 Dec 2024 20:12 PM

বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত আছে টিম ইণ্ডিয়া। ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত ৫ খনীয়া টেষ্ট মেচৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী অনুষ্ঠিত হৈছে। এই শৃংখলা চলি থকাৰ মাজতে টিম ইণ্ডিয়াৰ সৈতে জড়িত এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই গুৰুত্বপূৰ্ণ শৃংখলাৰ সময়ত ভাৰতীয় দলত অন্তৰ্ভুক্ত গৈ আছে এগৰাকী তাৰকা খেলুৱৈ। খেলুৱৈ গৰাকী বৰ্তমান ভাৰতত আছে যদিও তেওঁৰ প্লেয়িং কিট ইতিমধ্যে অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰা হৈছে বুলি খবৰ প্ৰকাশ পাইছে ।

আপুনি অনুমান কৰা ধৰণে ভাৰতীয় পেচাৰ মহম্মদ ছামীক লৈ এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা শৃংখলাৰ শেষৰ দুখন মেচত মহম্মদ ছামীয়ে খেলাৰ সম্ভাৱনা আছে । পিটিআইৰ প্ৰতিবেদন অনুসৰি মহম্মদ ছামীৰ প্লেইং কিট ইতিমধ্যে অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰা হৈছে । একেসময়ে ছামীয়ে এনচিএৰ চিকিৎসা দলৰ পৰা ফিটনেছ ক্লিয়াৰেন্স পোৱাৰ ক্ষেত্ৰত কেৱল মাত্ৰ আনুষ্ঠানিকতাহে বাকী আছে বুলি জানিব পৰা গৈছে ।

অৰ্থাৎ বিচিচিআইয়ে অতি সোনকালে ছামীক অষ্ট্ৰেলিয়ালৈ পঠিয়াব পাৰে। ছামীৰ আঘাতৰ ফলত যোৱা এবছৰ ধৰি টিম ইণ্ডিয়াৰ পৰা বাহিৰ হৈ আছে। ১৪ ডিচেম্বৰৰ পৰা ব্রিজবেনত আৰম্ভ হ’বলগীয়া টেষ্টখনত মহম্মদ ছামীৰ বাবে খেলাটো কঠিন বুলি বিবেচিত হৈছে । কাৰণ এই মেচখনৰ বাবে বিশেষ সময় বাকী নাই ৷

কিন্তু ২৬ ডিচেম্বৰৰ পৰা মেলবৰ্ণত অনুষ্ঠিত হ’বলগীয়া টেষ্টত তেওঁক দেখা পোৱাটো নিশ্চিত। ছামীৰ ঘনিষ্ঠ সূত্ৰই পিটিআইক জনাইছে যে, এনচিএৰ পৰা ফিটনেছ চাৰ্টিফিকেট অতি সোনকালে লাভ কৰিব ছামীয়ে । ইতিমধ্যে অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰা হৈছে ছামীৰ প্লেয়িং কিট। মুস্তাক আলী ট্ৰফী টি-২০ টুৰ্ণামেণ্ট সম্পূৰ্ণ কৰাৰ পাছতে অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব ছামী।

উল্লেথ্য যে, ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ সময়ত ছামীয়ে ভৰিৰ গোৰোহাত আঘাত পাইছিল। ইয়াৰ পিছত গোৰোহাৰ অস্ত্ৰোপচাৰৰ বাবে তেওঁ বহু সময় বাহিৰত থাকিবলৈ বাধ্য হয়। শেহতীয়াকৈ নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত তেওঁৰ উভতি অহাটো নিশ্চিত বুলি বিবেচিত হৈছিল যদিও ইয়াৰ ঠিক আগতেই ছামী আঁঠু ফুলি উঠিছিল । যাৰ বাবে তেওঁৰ উভতিব নোৱাৰিলে ।

মনকৰিলগীয়া যে, নেশ্যনেল ক্ৰিকেট একাডেমীয়ে এতিয়াও ছামীক ফিট বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। তথাপিও এতিয়া ছামী টীম ইণ্ডিয়ালৈ উভতি অহাটো নিশ্চিত বুলি বিবেচিত হৈছে।

Latest News