বুমৰাহৰ জৰিয়তে ভাৰতক পৰাস্ত কৰাৰ লক্ষ্য! পোহৰলৈ ইংলেণ্ডৰ আচৰিত পৰিকল্পনা
লৰ্ডছ টেষ্টত জাদেজা আৰু বুমৰাহে নৱম উইকেটত এক যুঁজাৰু যুটি বান্ধি ভাৰতীয় দলৰ ইনিংছ আগুৱাই নিছিল। দুয়োৰে এই যুঁটিত ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছ চিন্তিত হৈ পৰে আৰু তাৰ পিছতে এক বিশেষ পৰিকল্পনা কৰে। ইংৰাজ অধিনায়ক ষ্ট’কছে বুমৰাহক লৈ এই বিশেষ পৰিকল্পনা ৰচিছিল বুলি দাবী কৰিছে এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে।

ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাৰ ইতিমধ্যে তিনিখন মেচ অনুষ্ঠিত হৈ গৈছে। এইপৰ্যন্ত শৃংখলাত ঘৰুৱা দল ইংলেণ্ডে ২–১ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। শৃংখলাৰ তৃতীয়খন মেচ লৰ্ডছত অনুষ্ঠিত হৈছিল আৰু এই মেচখনত জয়ৰ কাষ চাপিও ক্ষণিকৰ বাবে থমকি ৰ’বলগা হৈছিল ভাৰতীয় দল। বেটাৰৰ ব্যৰ্থতা আৰু ইংলেণ্ডৰ সবল প্ৰত্যাৱৰ্তনৰ ফলস্বৰূপে ভাৰত এই মেচখনত ২২ ৰানত পৰাস্ত হৈছিল। ভাৰতীয় দলৰ শীৰ্ষক্ৰমৰ বেটাৰ ব্যৰ্থ হ’লেও লৰ্ডছত এক যুঁজাৰু ইনিংছ খেলি অপৰাজিত হৈ ৰৈছিল ৰবীন্দ্ৰ জাদেজা।
ইফালে অন্তিম সময়লৈ জাদেজাক পূৰ্ণ সহযোগিতা আগবঢ়াই দুই নিম্নক্ৰমৰ বেটাৰ যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজে বহুসময়লৈ ক্ৰীজত খোপনি পুতি ৰয়। বুমৰাহে ইংৰাজ বলাৰৰ আক্ৰমণ প্ৰতিহত কৰি দ্বিতীয় ইনিংছত ৫৪টা বল খেলে। ইফালে ক্ৰীজত জাদেজা আৰু বুমৰাহৰ এই ধৈৰ্যশীল বেটিঙত ইংলেণ্ডৰ বলিং আক্ৰমণ বহুসময়লৈ উইকেট দখলত ব্যৰ্থ হয়। এনে অৱস্থাত স্বাভাৱিকতেই উপায়ন্তৰ হৈ পৰে ইংৰাজ অধিনায়ক বেন ষ্ট’কছ।
ভাৰতীয় দলৰ উইকেট পতন ঘটোৱাৰ লক্ষ্যৰে ইংৰাজ অধিনায়কগৰাকীয়ে এক আচৰিত পৰিকল্পনা কৰে আৰু বুমৰাহক আঘাতৰ লক্ষ্য কৰি লয়। এইদৰেই ইংলেণ্ডে লৰ্ডছ টেষ্টত জয়ৰ পৰিকল্পনা কৰিছিল বুলি দাবী কৰিছে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ কাইফে। নিজা ইউটিউব চেনেলত এক ভিডিঅ’ত এই মন্তব্য কৰিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। ইংলেণ্ডৰ পৰিকল্পনা সন্দৰ্ভত কাইফৰ এই দাবী নিশ্চিত নহ’লেও অৱশ্যে ক্ৰীজত দেখা গৈছিল তাৰ এক ইঙ্গিত।
লৰ্ডছ টেষ্টত ১৯৩ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলে দ্বিতীয় ইনিংছত ১১২ ৰানত ৮টা উইকেট হেৰুৱাইছিল। ইয়াৰ পিছতে ক্ৰীজলৈ আহিছিল যশপ্ৰীত বুমৰাহ। ৰান সংগ্ৰহত সফল নহ’লেও পিছে ভাৰতৰ ইনিংছ আগুৱাই নিয়াত বুমৰাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ক্ৰীজত অত্যন্ত ধৈৰ্যৰে থিয় দি বুমৰাহে ৫৪টা বলৰ সন্মুখীন হৈছিল আৰু জাদেজাক ইনিংছ আগুৱাই নিয়াত পূৰ্ণ সহযোগিতা আগবঢ়াইছিল।
দুয়ো নৱম উইকেটত যোগ দিছিল ৩৫ ৰান। এনে পৰিস্থিতিত ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছে পেচাৰ জ’ফ্ৰা আৰ্চাৰৰ সৈতে এক বিশেষ পৰিকল্পনা ৰচে বুলি কাইফে দাবী কৰিছে। কাইফৰ মতে, বুমৰাহ আৰু জাদেজাৰ এনে বেটিঙৰ পিছত ইংলেণ্ডৰ চিন্তা বৃদ্ধি পায় আৰু তাৰ পিছত বুমৰাহৰ দেহত ইচ্ছাকৃত আক্ৰমণৰ পৰিকল্পনা ৰচে। কাইফে লগতে কয় যে ষ্ট’কছ আৰু আৰ্চাৰে বুমৰাহে বেটিং কৰি থকাৰ সময়ত বাউন্সাৰেৰে আক্ৰমণ কৰাৰ পৰিকল্পনা ৰচে।
এনে পৰিকল্পনাৰে ইংলেণ্ডে বুমৰাহৰ কান্ধ আৰু আঙুলিত আঘাৰ কৰাৰ লক্ষ্য কৰি লৈছিল বুলিও কাইফে ভিডিঅ’টোত দাবী কৰে। লক্ষণীয়ভাৱে আৰ্চাৰৰ এটা বলে ইনিংছত বুমৰাহৰ আঙুলিত আঘাত হানিছিল যদিও বিশেষ কোনো চিন্তা কৰিবলগা আঘাত লগা নাছিল। অৱশে ইংলেণ্ডৰ পৰিকল্পনাই মূৰকত ফল দিয়ে আৰু ধাৰাবাহিক বাউন্সাৰৰ মাজতে বুমৰাহে এক অপ্ৰয়োজনীয় শ্বট খেলি ফিল্ডাৰৰ হাতত কেচ তুলি দিয়ে।