এক অভাৰতে নহয়, একেলগে ৮বলত ৮ছয়! ১১ বলতে অৰ্ধশতকেৰে উত্তৰ-পূবৰ খেলুৱৈৰ বিশ্ব অভিলেখ
মেঘালয়-অৰুণাচলৰ মেচখনত মাত্ৰ ১৪টা বলত ৫০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে আকাশ কুমাৰ চৌধাৰী। এই ইনিংছৰ সময়ত আকাশে মাত্ৰ ১১টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে। ইয়াৰ লগে লগে আকাশে ১৩ বছৰীয়া বিশ্ব অভিলেখ ভংগ কৰি নতুন অভিলেখ গঢ়ে।
ক্ৰিকেট বিশ্বত প্ৰতিদিনেই দেখা যায় নতুন নতুন অভিলেখ। বেট-বলৰ যুঁজত প্ৰতিদিনেই খ্যাতি লাভেৰে উজ্বলি উঠে নতুন খেলুৱৈ। এনে এক খ্যাতিৰেই এতিয়া বিশ্ব অভিলেখ গঢ়ি উজলি উঠিছে উত্তৰ পূবৰ এগৰাকী ক্ৰিকেটাৰ। চলিত ৰঞ্জী ট্ৰফী ২০২৫-২৬ ছিজনৰ এক মেচত নিজৰ বিস্ফোৰক বেটিঙেৰে মেঘালয়ৰ যুৱ বেটাৰ আকাশ কুমাৰ চৌধাৰীয়ে সমগ্ৰ ক্ৰিকেট বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। মাত্ৰ ১১টা বলত অৰ্ধশতক অৰ্জন কৰি তেওঁ বিশ্বৰ এক অনন্য অভিলেখ গঢ়ি তুলিছে।
এই ইনিংছৰ জৰিয়তে আকাশ কুমাৰ চৌধাৰীয়ে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দ্ৰুততম অৰ্ধশতক অৰ্জনৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। চুৰাটত অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে এই কৃতিত্ব অৰ্জন কৰে মেঘালয়ৰ যুৱ বেটাৰগৰাকীয়ে। ইয়াৰ লগতে তেওঁ আন এক চমকপ্ৰদ কৃতিত্ব অৰ্জন কৰিছে।
অভিলেখ ভংগকাৰী ইনিংছ
মেঘালয়-অৰুণাচলৰ মেচখনত মেঘালয়ে ৬ উইকেটত ৬২৮ ৰান সংগ্ৰহ কৰি প্ৰথম ইনিংছ ঘোষণা কৰে। মাত্ৰ ১৪টা বলত ৫০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে আকাশ কুমাৰ চৌধাৰী। এই ইনিংছৰ সময়ত আকাশে মাত্ৰ ১১টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে। ইয়াৰ লগে লগে আকাশে ১৩ বছৰীয়া বিশ্ব অভিলেখ ভংগ কৰি নতুন অভিলেখ গঢ়ে।
ইয়াৰ পূৰ্বে ৱেইন হোৱাইটৰ নামত আছিল প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দ্ৰুততম অৰ্ধশতকৰ অভিলেখ। ২০১২ চনত এচেক্সৰ বিৰুদ্ধে ১২টা বলত এই কৃতিত্ব অৰ্জন কৰিছিল ৱেইন হোৱাইটে। ইফালে ৰঞ্জী ট্ৰফীৰ ক্ষেত্ৰত দ্ৰুততম অৰ্ধশতকৰ অভিলেখ আছিল পূৰ্বে জম্মু-কাশ্মীৰৰ বনদীপ সিঙৰ হাতত। ২০১৫-১৬ ছিজনত তেওঁ ত্ৰিপুৰাৰ বিৰুদ্ধে ১৫টা বলত অৰ্ধশতকৰ অভিলেখ গঢ়িছিল।
এই ঐতিহাসিক ইনিংছৰ সময়ত আকাশ কুমাৰ চৌধাৰীয়ে লিমাৰ ডাবিৰ অভাৰত ছয়টা ছয় কোবায়। ৰঞ্জী ট্ৰফীত ৰবি শাস্ত্ৰীৰ পিছত এটা অভাৰত ছয়টা ছয় কোবোৱা দ্বিতীয়জন বেটাৰ হিচাপে পৰিগণিত হয় আকাশ। ইয়াৰ পাছতো আকাশ কুমাৰ চৌধাৰীয়ে পৰৱৰ্তী দুটা বলত দুটা ছয় কোবাই ক্ৰমাগত ৮টা বলত ৮টা ছয় কোবোৱা প্ৰথমজন বেটাৰ হিচাপে পৰিগণিত হয়।
বিহাৰৰ বিৰুদ্ধেও উন্নত প্ৰদৰ্শন
ৰঞ্জী ট্ৰফীত এইবাৰ ভাল ফৰ্মত আছে আকাশ কুমাৰ চৌধাৰী। বিহাৰৰ বিৰুদ্ধেও পূৰ্বৰ মেচখনত তেওঁ অৰ্ধশতক অৰ্জন কৰিছিল। উক্ত মেচখনৰ প্ৰথম ইনিংছত তেওঁ ৬২টা বলত ৬০ ৰানৰ দৰ্শনীয় ইনিংছ খেলিছিল। মেঘালয়ৰ হৈ ৩১খন প্ৰথম শ্ৰেণীৰ মেচ খেলি আকাশ কুমাৰ চৌধাৰীয়ে এইপৰ্যন্ত ৫০০ৰো অধিক ৰান সংগ্ৰহ কৰাৰ লগতে ৮৫টা উইকেট দখল কৰিছে।