ছিডনীৰ চিকিৎসালয়ৰ ICUত শ্ৰেয়স আয়াৰ, চিকিৎসকক সহায় কৰিছে ৰিজৱানে!
বুকুত আঘাত পোৱা আয়াৰে আভ্যন্তৰীণ ৰক্তক্ষৰণৰ সমস্যাত ভুগি আছে আৰু সেয়ে তেওঁক আই চি ইউত ভৰ্তি কৰা হৈছে। চিকিৎসাধীন আয়াৰৰ চিকিৎসাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ৰিজৱানে। পিছে কোন এইগৰাকী ৰিজৱান! ছিডনীৰ চিকিৎসালয়ত চিকিৎসাধীন আয়াৰৰ ক্ষেত্ৰত ৰিজৱানৰ ভূমিকা কি?
অষ্ট্ৰেলিয়াৰ বিপক্ষে সদ্য সমাপ্ত এদিনীয়া শৃংখলাত পৰাস্ত হয় ভাৰতীয় দল। অৱশ্যে শৃংখলাৰ অন্তিম মেচত ভাৰতে সান্তনাৰ জয়লাভ কৰে। মেচখনত দুই অভিজ্ঞ তাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে ক্ৰমে শতক–অৰ্ধশতকীয় অপৰাজিত ইনিংছেৰে অনুৰাগীসকলক এক সুখকৰ ক্ষণ প্ৰদান কৰে। অৱশ্যে ভাৰতীয় দলৰ এই সুখৰ মাজতে এক দুখৰ খবৰেও অনুৰাগীসকলক চিন্তিত কৰি তোলে। মেচৰ সময়তে আঘাতৰ সমস্যাৰ বাবে দলৰ সহ-অধিনায়ক শ্ৰেয়স আয়াৰক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
জানিব পৰা মতে, বুকুত আঘাত পোৱা আয়াৰে আভ্যন্তৰীণ ৰক্তক্ষৰণৰ সমস্যাত ভুগি আছে আৰু সেয়ে তেওঁক আই চি ইউত ভৰ্তি কৰা হৈছে। চিকিৎসাধীন আয়াৰৰ চিকিৎসাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ৰিজৱানে। পিছে কোন এইগৰাকী ৰিজৱান! ছিডনীৰ চিকিৎসালয়ত চিকিৎসাধীন আয়াৰৰ ক্ষেত্ৰত ৰিজৱানৰ ভূমিকা কি?
কোন এইগৰাকী ৰিজৱান?
অৱশ্যে এইগৰাকী ৰিজৱান পাকিস্তানৰ পৰিচিত ক্ৰিকেটাৰগৰাকী নহয়। এওঁ হৈছে বিচিচিআইৰ চিকিৎসা দলৰ অংশ আৰু বৰ্তমান ছিডনীত থকা ডাঃ ৰিজৱান খান। শ্ৰেয়স আয়াৰৰ স্বাস্থ্যৰ ওপৰত তেওঁ সতৰ্ক দৃষ্টি ৰাখিছে। যিকোনো জৰুৰী পৰিস্থিতিৰ বাবে তেওঁ ছিডনী আৰু ভাৰতৰ বিশেষজ্ঞ চিকিৎসকৰ সৈতে অহৰহ যোগাযোগত আছে।
মুম্বাইৰ ডাঃ ৰিজৱান খানৰ প্ৰধান ভূমিকা হৈছে খেলুৱৈৰ আঘাত আৰু অসুস্থতাৰ ওপৰত দৃষ্টি ৰখা। বিচিচিআইৰ চিকিৎসা দলৰ ক্ৰীড়া চিকিৎসা বিশেষজ্ঞ হিচাপে ডাঃ ৰিজৱান খানে দলৰ ফিজিঅ’ আৰু ষ্টেংথ এণ্ড কণ্ডিচনিং প্ৰশিক্ষকৰ সৈতে দায়িত্ব পালন কৰি খেলুৱৈসকলক যিমান পাৰি আঘাতৰ পৰা ৰক্ষা কৰে। ডাঃ ৰিজৱান খানে বিচিচিআইৰ ডপিং কণ্ট্ৰল অফিচাৰ হিচাপেও কাম কৰে।
ডাঃ ৰিজৱান খানৰ যোগ্যতা
ডাঃ ৰিজৱান খানে মহাৰাষ্ট্ৰ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ পৰা এম বি বি এছ ডিগ্ৰী লাভ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ দ্য লণ্ডন স্কুল অৱ মেডিচিন এণ্ড ডেণ্টিষ্ট্ৰিৰ পৰা স্প’ৰ্টছ এণ্ড এক্সাৰচাইজ মেডিচিনত এম এছ চি ডিগ্ৰীও লাভ কৰিছিল। ডাঃ ৰিজৱানে এডভান্সড ট্ৰমা লাইফ চাপৰ্ট আৰু ইমিমিডিয়েট লাইফ চাপৰ্টতো প্ৰমাণপত্ৰ লাভ কৰিছে।
বিচিচিআইৰ সৈতে জড়িত ড০ ৰিজৱানে আইপিএলৰ ফ্ৰেঞ্চাইজি গুজৰাট টাইটানছৰ বাবেও কাম কৰি আহিছে। লণ্ডন ২০১২ অলিম্পিকত চিকিৎসা দলৰ অংশ আছিল ৰিজৱান। ইয়াৰ পূৰ্বে তেওঁ চেলচি ফুটবল ক্লাবৰ বাবেও চিকিৎসাৰ সহায় আগবঢ়াইছিল। ড° ৰিজৱানৰ অৰ্হতা আৰু তেওঁ পালন কৰা দায়িত্ব বিবেচনা কৰিলেই বিচিচিআইয়ে তেওঁক কিয় ছিডনীত শ্ৰেয়স আয়াৰৰ সৈতে ৰাখিছে, সেয়া বুজিব পাৰি।
কেনে আছে আয়াৰ?
ছিডনী মেচৰ সময়ত এটা কেচ আয়ত্ব কৰাৰ সময়ত বুকুত আঘাত পাইছিল আয়াৰে। ইয়াৰ পিছতে তেওঁক ছিডনীৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। আভ্যন্তৰীণ ৰক্তক্ষৰণৰ বাবে যোৱা দুদিন ধৰি সতৰ্কতামূলক ব্যৱস্থা হিচাপে তেওঁক আই চি ইউত ৰখা হৈছে। আগন্তুক এক সপ্তাহ পৰ্যন্ত তেওঁ চিকিৎসাধীন হৈ থাকিবলগা হ’ব পাৰে।