বিচিচিআইৰ অগোচৰে বৃহৎ কেলেংকাৰী! দলত অন্তৰ্ভুক্তিৰ বাবে লোৱা হৈছে প্ৰৱঞ্চনাৰ আশ্ৰয়
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআই ক্ৰিকেট বিশ্বৰ আটাইতকৈ ধনাঢ্য তথা শক্তিশালী ব’ৰ্ড হিচাপে পৰিচিত। পিছে এই বিচিচিআইৰ অজ্ঞাতেই ভাৰতীয় ক্ৰিকেটত চলিছে এক বৃহৎ কেলেংকাৰী। শেহতীয়াকৈ এক তদন্তত এই তথ্য পোহৰলৈ আহিছে।
ক্ৰিকেট বিশ্বৰ আটাইতকৈ ধনাঢ্য তথা শক্তিশালী ব’ৰ্ড হিচাপে পৰিচিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড। ভাৰতীয় ক্ৰিকেটক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে বিচিচিআইয়ে তৃণমূল পৰ্যায়ৰ পৰাই এক শক্তিশালী কাঠামো গঢ়ি তুলিছে। বিচিচিআইৰ এই প্ৰচেষ্টাই খেলুৱৈসকলৰ প্ৰতিভা নিখুঁত কৰি তোলা, যুঁজাৰু মনোভাৱ গঢ়ি তোলা, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে উপযুক্ত কৰি তোলাত যথেষ্ট সহায়ক প্ৰমাণিত হৈ আহিছে। খেলুৱৈসকলক নিজৰ প্ৰতিভা প্ৰদৰ্শন, উন্নত তথা অগ্ৰগতি লাভৰ বাবে এক অনন্য মঞ্চ প্ৰদান কৰে বিচিচিআইয়ে।
ক্ৰিকেটৰ প্ৰসাৰ আৰু উন্নীতকৰণৰ বাবে বিচিচিআইয়ে অধীনস্থ ৰাজ্যিক ক্ৰিকেট সংস্থাসমূহলৈ আগবঢ়ায় সাহায্য, ৰাখে তীক্ষ্ণ দৃষ্টি। পিছে এইক্ষেত্ৰত যেন ব্যতিক্ৰম পুডুচেৰী। শক্তিশালী বিচিচিআইৰ চকুৰ সমুখতে পুডুচেৰী ক্ৰিকেটত চলিছে বৃহৎ কেলেংকাৰী। উন্মোচিত হোৱা এই কেলেংকাৰী দেখিও যেন চকু মুদা কুলিৰ ভাও ধৰিছে বিচিচিআইয়ে!
পুডুচেৰী বৰ্ডত জালিয়াতি
পুডুচেৰীত খেলুৱৈসকলে দলত যোগদান কৰিবলৈ গ্ৰহণ কৰিছে বক্ৰ পথ। এই কাম কৰাসকলে বিচিচিআই আৰু ক্ৰিকেট এছ’চিয়েশ্যন অৱ পুডুচেৰীৰ সমান্তৰালভাৱে কাম কৰি আছে। ধনৰ জোৰত ভুৱা ঠিকনা তৈয়াৰ কৰি আনকি যোগ্যতাৰ প্ৰমাণ পত্ৰও প্ৰদান কৰা হৈছে খেলুৱৈক। এই প্ৰৱঞ্চনা উন্মোচিত হৈছে ইণ্ডিয়ান এক্সপ্ৰেছৰ এক তদন্তত।
তদন্তত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য
ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি বিগত তিনিমাহত পুডুচেৰীত ২০০০ৰো অধিক খেলুৱৈ পঞ্জীয়ন প্ৰ-পত্ৰ পৰ্যালোচনা কৰা হৈছে। ডজনৰো অধিক প্ৰাক্তন আৰু বৰ্তমানৰ খেলুৱৈ তথা বিষয়াৰ সাক্ষাৎকাৰ লোৱা হৈছে। তদুপৰি ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰদান কৰা কেইবাটাও আৱাসিক আৰু শিক্ষানুষ্ঠানৰ ঠিকনাৰ স্থলভাগতো পৰীক্ষণ চলাইছিল।
লক্ষাধিক টকাৰ লেনদেন
প্ৰতিবেদনত উল্লেখ থকা মতে সকলো তথ্য পৰীক্ষণৰ পিছত ব্যক্তিগত ক্ৰিকেট একাডেমীৰ প্ৰশিক্ষকে পৰিচালনা কৰা এক সুসংগঠিত অবৈধ ব্যৱস্থা উন্মোচিত হয়। এই ব্যৱস্থাৰ জৰিয়তে ভুৱা নথি-পত্ৰ প্ৰদান কৰি অন্য ৰাজ্যৰ ক্ৰিকেটাৰসকলক বিচিচিআইৰ নীতি অনুসৰি বাধ্যতামূলক এবছৰৰ বসতিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
এইদৰে আন ৰাজ্যৰ খেলুৱৈসকলকো স্থানীয় খেলুৱৈ হিচাপে দেখুওৱা হয়। এই সমগ্ৰ অবৈধ কাৰ্যকলাপ ১.২ লাখ টকাৰ ‘পেকেজ’ৰ বিনিময়ত কৰা হয় বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। ইয়াৰ উপৰিও ক্ৰিকেট এছ’চিয়েশ্যন অৱ পুডুচেৰীৰ দলসমূহে বিভিন্ন বয়সৰ শাখাতো স্থান লাভ কৰা বুলি প্ৰতিবেদনত পোহৰলৈ আহিছে।
একেটা আধাৰ ঠিকনাতে ১৭ জন খেলুৱৈ
প্ৰতিবেদন অনুসৰি এই প্ৰৱঞ্চনাৰ আটাইতকৈ উল্লেখযোগ্য প্ৰমাণ হিচাপে দেখা গৈছে ১৭ গৰাকী খেলুৱৈৰ একেটা আধাৰ ঠিকনা ব্যৱহাৰ। মূলাকুলামৰ মতিনগৰত বিভিন্ন দলৰ হৈ খেলা ১৭ জন স্থানীয় ক্ৰিকেটাৰে একেটা আধাৰ ঠিকনা ব্যৱহাৰ কৰিছিল। কিন্তু ঘৰৰ মালিকৰ সৈতে যোগাযোগ কৰাত ভাড়া নিদিয়াৰ বাবে ভাড়াতীয়াসকলক কেইবামাহো পূৰ্বেই উলিয়াই দিয়া হৈছিল বুলি পোহৰলৈ আহে।
এই ব্যৱস্থাই পুডুচেৰীত জন্মগ্ৰহণ কৰা খেলুৱৈসকলৰ প্ৰত্যক্ষ ক্ষতি কৰিছে। বিগত চাৰি বছৰত পুডুচেৰীয়ে ২৯ খন ৰঞ্জি মেচ খেলিছে যদিও ৰাজ্যখনত জন্মগ্ৰহণ কৰা মাত্ৰ চাৰিগৰাকী খেলুৱৈয়েহে খেলাৰ সুযোগ পাইছে। এই ছিজনৰ ভিনু মানকাড ট্ৰফীৰ উদ্বোধনী মেচত ১১ জন খেলুৱৈৰ ভিতৰত ৯ গৰাকীক আন ৰাজ্যৰ পৰা স্থান দিয়া হৈছিল।