শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিশ্বৰ সবাতোকৈ বয়সীয়াল এথলীট ফৌজা সিঙৰ ১১৪ বছৰ বয়সত মৃত্যু…

বিশ্বৰ সবাতোকৈ বয়সীয়াল এথলীট ফৌজা সিঙৰ মৃত্যু। এক পথ দুৰ্ঘটনাত মৃত্যু হয় তেওঁ। মৃত্যুৰ সময়ত ফৌজা সিঙৰ বয়স আছিল ১১৪ বছৰ। এই খবৰে ক্ৰীড়া জগতত শোকৰ ছা পেলাইছে।

বিশ্বৰ সবাতোকৈ বয়সীয়াল এথলীট ফৌজা সিঙৰ ১১৪ বছৰ বয়সত মৃত্যু…
ফৌজা সিংImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 15 Jul 2025 08:30 AM

বিশ্বৰ সবাতোকৈ বয়সীয়াল মাৰাথন দৌৰবিদ ফৌজা সিঙৰ মৃত্যু। পঞ্জাৱৰ জলন্ধৰত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই তেওঁ। মৃত্যুৰ সময়ত সিঙৰ বয়স আছিল ১১৪ বছৰ। জানিব পৰা মতে,  সোমবাৰ (১৪ জুলাই)য়ে জলন্ধৰস্থিত ঘৰৰ বাহিৰত থকাৰ সময়ত সিঙক অচিনাক্ত বাহনে খুন্দিয়ায়। লগে লগে আঘাতপ্ৰাপ্ত সিঙত হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত প্ৰাণ ত্যাগ কৰে। এই খবৰে ক্ৰীড়া জগতত শোকৰ ছা পেলাইছে।

আদমপুৰ আৰক্ষী থানাৰ এছ এইচ অ’ হৰ্দেৱপ্ৰীত সিঙে কয় যে, দুৰ্ঘটনা সংঘটিত কৰা বাহনখনে সেই স্থানৰ পৰা পলায়ন কৰিছে। গতিকে সেই চালকজনক বিচাৰি বৰ্তমান তদন্ত অব্যাহত ৰখা হৈছে । এতিয়াও চালকজন চিনাক্ত হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি প্ৰমাণ সংগ্ৰহৰো চেষ্টা কৰিছে। জানিব পৰা মতে, সোমবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত ফৌজা সিঙে পথ পাৰ হৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়।

ফৌজা সিঙৰ মৃত্যুত সমগ্ৰ ক্ৰীড়া জগত আৰু তেওঁৰ অনুৰাগীসকলে শোক প্ৰকাশ কৰে। মানুহে তেওঁক কেৱল এথলীট হিচাপেই নহয়, সাহস আৰু প্ৰেৰণাৰ প্ৰতীক হিচাপেও স্মৰণ কৰিছে। পঞ্জাৱৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই এই ঘটনাত শোক প্ৰকাশ কৰিছে।  লগতে কৈছে যে ফৌজা সিং আইকন আৰু বহুতৰ বাবে প্ৰেৰণাৰ উৎস। ৰাজ্যপালগৰাকীয়ে লিখিছে যে-‘মহান মাৰাথন দৌৰবিদ চৰ্দাৰ ফৌজা সিং জীৰ মৃত্যুত গভীৰভাৱে দুখী। ১১৪ বছৰ বয়সত অতুলনীয় উৎসাহেৰে মোৰ লগত ‘নাছা মুক্ত – ৰঙালা পঞ্জাৱ’ পদযাত্ৰাত যোগদান কৰিছিল। তেওঁৰ এই উত্তৰাধিকাৰ ড্ৰাগছমুক্ত পঞ্জাৱৰ বাবে প্ৰেৰণা হৈ থাকিব। ওম শান্তি ওম।’

ফৌজা সিং কোন

ফৌজা সিং সমগ্ৰ বিশ্বত ‘টাৰ্বানেড টৰ্নেডো’ নামেৰে জনাজাত আছিল। ১১৪ বছৰ বয়সত তেওঁ সক্ৰিয় হৈ থকাৰ লগতে বহু যুৱক-যুৱতীৰ বাবে প্ৰেৰণা আছিল। জানিব পৰা মতে, ফৌজা সিঙে ৫ বছৰ বয়সলৈকে খেলিব পৰা নাছিল। কিন্তু তাৰ পাছত তেওঁ বিশ্বৰ অন্যতম মাৰাথন দৌৰবিদ হৈছিল। ১৯১১ চনত তেওঁ জলন্ধাৰৰ বেয়াছ গাঁৱত জন্মগ্ৰহণ কৰিছিল। পাৰিবাৰিক সমস্যা দূৰ কৰিবলৈ তেওঁ দৌৰাটোক নিজৰ জীৱনৰ অংশ হিচাপে গঢ়ি তুলিছিল আৰু বহু অভিলেখ গঢ়িছিল।

ফৌজা সিং আছিল এগৰাকী ব্ৰিটিছ শিখ আৰু পাঞ্জাবী ভাৰতীয় মূলৰ মাৰাথন দৌৰবিদ। বয়সৰ দিশত তেওঁ বহু বিশ্ব অভিলেখ ভংগ কৰিছে। তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ সময় লণ্ডন মাৰাথন (২০০৩)ৰ বাবে ৬ ঘণ্টা ২ মিনিট। একে সময়তে ৯০ বছৰৰ ওপৰৰ বয়সৰ শাখাত তেওঁ ২০০৩ চনত তেওঁ টৰন্টো ৱাটাৰফ্ৰন্ট মাৰাথনত অংশ লৈছিল। ৯২ বছৰ বয়সত ৫ ঘণ্টা ৪০ মিনিট দৌৰিছিল।

 

 

অন্য খবৰ পঢ়কঃ অৰুণাচলত অসমৰ যুৱকক হত্যাৰ পৰা বিশ্বলৈ…কেইটামান গুৰুত্বপূৰ্ণ খবৰ…