শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অৰুণাচলত অসমৰ যুৱকক হত্যাৰ পৰা বিশ্বলৈ…কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

Top Headline: অৰুণাচল প্ৰদেশত অসমৰ যুৱকক হত্যাৰ পৰা লৰ্ডছত টীম ইণ্ডিয়াৰ পৰাজয়লৈ। দেশ-বিদেশত প্ৰতিদিনে বহু ঘটনা-পৰিঘটনা সংঘটিত হয়।

অৰুণাচলত অসমৰ যুৱকক হত্যাৰ পৰা বিশ্বলৈ…কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
পুৱাৰ শীৰ্ষ খবৰ
barasha-sarma
Barasha Sarma | Published: 15 Jul 2025 07:25 AM

ৰাজ্যৰ পৰা বিশ্বলৈ প্ৰতিটো দিনতে বহু ঘটনা-পৰিঘটনা সংঘটিত হয়। কিন্তু ব্যস্ত সময়ত সকলো দিশৰ বিষয়ে খবৰ ৰখা সম্ভৱ নহয়। তেনে ক্ষেত্ৰত আমি আপোনালোকৰ বাবে লৈ আহিছো পুৱাৰ মুখ্য খবৰ শীৰ্ষক বিশেষ শিতান। তেনে ক্ষেত্ৰত এই লেখাটোত অসমৰ পৰা দেশ, বিশ্বলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হৈছে-

  1. অৰুণাচল প্ৰদেশত অসমৰ যুৱকক গুলীয়াই হত্যা কৰাৰ অভিযোগ। বিশ্বনাথৰ বাসিন্দা শংকৰ পেগু নামৰ যুৱকজনক গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। অৰুণাচলৰ ৰয়িঙত সংঘটিত হৈছে এই ঘটনা। তাদাৰ ভাই নামৰ এজনৰ বিৰুদ্ধে উত্থাপন হৈছে হত্য়াৰ অভিযোগ। আত্মসমৰ্পনৰ পাছতে গ্ৰেপ্তাৰ অভিযুক্ত।
  2. সোমবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৫খনকৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে আশুতোষ কুমাৰক। ইয়াৰ লগতে মধ্যপ্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক আৰু পাটনা উচ্চ ন্যায়ালয়তো নতুন মুখ্য ন্যায়াধীশ নিযুক্তি দিয়ে।
  3. কামৰূপ(ম)ৰ ADC ত্ৰিদীপ কোঁৱৰৰ মৃত্যু। অভিযোগ অনুসৰি, ১০ জুলাইত তেওঁ চৰম পন্থা গ্ৰহণৰ চেষ্টা চলাইছিল। কিন্তু চিকিৎসাধীন অৱস্থাত নেমকেয়াৰ হাস্পাতালত সোমবাৰে মৃত্যু হয় তেওঁৰ। ইয়াৰ বিপৰীতে পৰিয়ালে অভিযোগ কৰে যে এয়া চৰম পন্থাৰ ঘটনা নহয়।
  4. মঙলবাৰে অনুষ্ঠিত হ’ব কংগ্ৰেছৰ সংসদীয় কমিটীৰ বৈঠক। কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ নেতৃত্বত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত সংসদৰ বৰ্ষাকালীন অধিবেশনৰ ৰণনীতি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব।
  5. অমৃতসৰৰ স্বৰ্ণ মন্দিৰত বোমা বিস্ফোৰণৰ ভাবুকি। শিৰোমণি গুৰদ্বাৰা পৰবন্ধক কমিটীয়ে স্বৰ্ণ মন্দিৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ভৰা মেইল লাভ কৰা বুলি দাবী কৰে। মেইলত উল্লেখ আছে যে শ্ৰী দৰবাৰ চাহাবত আৰ ডি এক্স বিস্ফোৰণ সংঘটিত হ’ব। ঘটনা সন্দৰ্ভত আৰম্ভ কৰা হৈছে তদন্ত।
  6. জয়ৰ দুৱাৰদলিত ব্যৰ্থ হ’ল টীম ইণ্ডিয়া। লৰ্ডছ টেষ্ট মেচৰ অন্তিম দিনা ইংলেণ্ডে ভাৰতক ২২ ৰানত পৰাস্ত কৰে। ইয়াৰ লগে লগে শৃংখলাত ইংলেণ্ডে শৃংখলাত ২-১ ত অগ্ৰগতি লাভ কৰে। এই খেলত টীম ইণ্ডিয়াই অতি ভাল প্ৰদৰ্শন কৰিছিল যদিও শেষত পৰাজয় হ’বলগীয়া হয়।
  7. বিশ্বৰ আটাইতকৈ বয়সীয়াল মাৰাথন দৌৰবিদ ফৌজা সিঙৰ মৃত্যু। ১১৪ বছৰ বয়সত ফৌজা সিং পথ দুৰ্ঘটনাত পতিত হয়। চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। পঞ্জাৱৰ জলন্ধৰত সংঘটিত এই ঘটনা।
  8. ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধৰ মাজতে ইউক্ৰেইনে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। ৰাষ্ট্ৰপতি জেলেনস্কিয়ে উপ-প্ৰধানমন্ত্ৰী ইউলিয়া স্ভিৰিডেংকোক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিছে। ইউলিয়াই বছ ডেনিছ শ্ব্মিহালৰ ঠাইত লয়। ২০২০ চনত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা ডেনিছে যুদ্ধৰ সময়তো যোৱা ৩ বছৰে এই পদত কাম কৰি আছিল।

 

অন্য খবৰ পঢ়কঃ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি…