শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
উৰণৰ সময়তে বিমান দুৰ্ঘটনাগ্ৰস্ত, আটাইকেইজন যাত্ৰীৰ মৃত্যুৰ আশংকা...

উৰণৰ সময়তে বিমান দুৰ্ঘটনাগ্ৰস্ত, আটাইকেইজন যাত্ৰীৰ মৃত্যুৰ আশংকা…

Barasha Sarma
Barasha Sarma | Published: 14 Jul 2025 19:34 PM

পুনৰ সংঘটিত এক ভয়ংকৰ বিমান দুৰ্ঘটনা। এখন সৰু যাত্ৰীবাহী বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত বিমানখনত থকা আটাইকেইজন যাত্ৰীৰে মৃত্যুৰ আশংকা কৰা হৈছে।

পুনৰ এক বিমান দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে। এই ঘটনাৰ ফলত বিমানখনত থকা আটাইকেইজন যাত্ৰীৰে মৃত্যুৰ আশংকা কৰা হৈছে। উৰণৰ সময়তে দুৰ্ঘটনাতপতিত হৈ বিমান এখন ভাঙি পৰে। মূহুৰ্ততে জুইৰ শিখাই আগুৰি ধৰে ৰাণৱেৰ চাৰওফাল। এই ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে লণ্ডনত। ভাৰতীয় সময় অনুসৰি দেওবাৰে নিশা লণ্ডনৰ চাউথেণ্ড বিমানবন্দৰত সংঘটিত হয় এই ঘটনা।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, মাটিত খুন্দা মৰাৰ লগে লগে ই ভাঙি জুইৰ বললৈ ৰূপান্তৰিত হয় আৰু ৰাণৱেত বাগৰি পৰে। এই দৃশ্যটো অতি ভয়ংকৰ আছিল। লগে লগে উক্তস্থানত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়। এই ঘটনাত কিমান লোকৰ মৃত্যু হয় এতিয়ালৈকে আনুষ্ঠানিক তথ্য পোহৰলৈ অহা নাই। কিন্তু প্ৰশাসনে জনোৱা অনুসৰি এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে এজনো লোক জীৱিত থকাৰ আশা নাই।