শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
মহাকাশত গুঞ্জৰিত সাৰে জাহা সে আচ্ছা, পৃথিৱী অভিমুখে যাত্ৰা শুভাংশু শুক্লাৰ

মহাকাশত গুঞ্জৰিত সাৰে জাহা সে আচ্ছা, পৃথিৱী অভিমুখে যাত্ৰা শুভাংশু শুক্লাৰ

raj-saikia
Raj Saikia | Published: 14 Jul 2025 19:10 PM

১৯৮৪ চনত প্ৰথম ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাই ভাৰতৰ বিষয়ে কৈছিল, ‘চাৰে জাহা ছে আচ্ছা’। ৪১ বছৰৰ পাছত দ্বিতীয়জন ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ মুখৰ পৰাও একেই কথা শুনা গ’ল।

মহাকাশত ভাঁহি উঠিল প্ৰতিগৰাকী ভাৰতীয়ৰ বুকুত গুঞ্জৰিত হৈ থকা এটি দেশপ্ৰেমমূলকগীত । ১৯৮৪ চনত প্ৰথম ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাই ভাৰতৰ বিষয়ে কৈছিল, ‘সাৰে জাহা সে আচ্ছা’। ৪১ বছৰৰ পাছত দ্বিতীয়জন ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ মুখৰ পৰাও একেই কথা শুনা গ’ল। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত দুসপ্তাহ ধৰি অক্লান্ত পৰিশ্ৰমৰ অন্তত আজি তেওঁৰ ঘৰলৈ উভতি অহাৰ পাল। তাৰ আগতে তেওঁ মহাকাশৰ পৰা এই বাৰ্তা প্ৰেৰণ কৰিছিল। ‘সাৰে জাহা সে আচ্ছা’।

আজি শুভাংশু শুক্লা আৰু তেওঁৰ তিনিজন সহযোগী মহাকাশচাৰী পৃথিৱীলৈ ঘূৰি আহিছে। এক্সিয়াম-৪ অভিযানত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ গৈছিল তেওঁলোক। যদিও ১৪ দিনৰ গৱেষণাৰ অন্তত ১০ জুলাইত তেওঁলোক পৃথিৱীলৈ ঘূৰি অহাৰ কথা আছিল, কিন্তু কিবা কাৰণত পিছুৱাই দিয়া হৈছিল। আজি ১৪ জুলাইত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা বিয়লি ৪:৩০ বজাত পৃথিৱীলৈ যাত্ৰা কৰিছে তেওঁলোকে। কাইলৈ কেলিফৰ্ণিয়াৰ উপকূলত স্প্লেছডাউন তেওঁলোকক কঢ়িয়াই অনা ড্ৰেগন কেপচুলটো।

পৃথিৱীলৈ উভতি অহাৰ আগতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত বিশেষ ভোজৰ আয়োজন কৰা হৈছিল। এই ভোজত ৬খন দেশৰ ১১ জন প্ৰতিনিধিয়ে নিজ নিজ পৰম্পৰা আৰু ৰীতি-নীতি দাঙি ধৰে। ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই বিদায় বাৰ্তাত দেশৰ অগ্ৰগতিৰ প্ৰশংসা কৰি মহাকাশচাৰী ৰাকেশ শৰ্মাৰ উদ্ধৃতি দি কয় যে মহাকাশৰ পৰা ভাৰত এতিয়াও সকলো দেশৰ ভিতৰত শ্ৰেষ্ঠ দেখা যায়।

শুভাংশুৱে কয় যে আজিৰ ভাৰত আত্মবিশ্বাসী, সাহসী, গৌৰৱ আৰু সপোনেৰে ভৰা। মহাকাশৰ পৰা আজিৰ ভাৰত নিৰ্ভীক আৰু সম্পূৰ্ণ দেখা গৈছে।

ভাৰতীয় মহাকাশচাৰীগৰাকীয়ে কয় যে এয়া তেওঁৰ বাবে এক অবিস্মৰণীয় অভিজ্ঞতা হ’ব। লগতে সহকৰ্মীসকলক ধন্যবাদ জনায় শুভাংশুৱে। আবেগিকভাৱে শুভাংশুৱে কয়, “মোৰ বাবে সকলো যাদুৰ দৰে অনুভৱ হয়… মোক সমৰ্থন কৰাৰ বাবে মোৰ দেশ আৰু নাগৰিকক ধন্যবাদ জনাইছো। এই অভিযান সফল কৰাৰ বাবে ইছৰ’, সকলো গৱেষক, ছাত্ৰ-ছাত্ৰী, নাছা আৰু এক্সিয়ামক সকলো সহযোগিতাৰ বাবে ধন্যবাদ জনাইছো।”