15 JULY 2025
TV9 ASSAM
Credits: Getty Images
কণী অতি উচ্চ প্ৰটিনযুক্ত পুষ্টিকৰ খাদ্য, যিটো প্ৰায় সকলো বয়সৰ লোকৰ বাবে উপকাৰী। ইয়াত প্ৰটিন, ভিটামিন বি ১২, ডি, আইৰণ, কলিন, ওমেগা-৩ ফেটি এচিড আৰু গুৰুত্বপূৰ্ণ এমিনো এচিড থাকে। সেইবাবেই চিকিৎসকে প্ৰটিনৰ উৎস হিচাপে কণী খোৱাৰ পৰামৰ্শ দিয়ে।
অৱশ্যে কণী সকলোৰে বাবে উপযোগী নহয়। কিছুমানৰ শৰীৰৰ বাবে কণী বিষৰ দৰে। কণী খোৱাটো কাৰ বাবে ক্ষতিকাৰক?
কণীৰ কুহুমত কলেষ্টেৰলৰ পৰিমাণ বেছি। হৃদৰোগ, উচ্চ কলেষ্টেৰল বা উচ্চ ৰক্তচাপত ভোগাসকলৰ বাবে অত্যধিক কণী খালে তেজত এল ডি এল (বেয়া কলেষ্টেৰল) বৃদ্ধি পাব পাৰে। মাজে মাজে ১টা কণী খোৱাটো অব্যাহত ৰাখিব পাৰি।
টাইপ-২ ডায়েবেটিছ ৰোগীৰ বাবে নিয়মিতভাৱে কণী খালে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। অৱশ্যে বিষয়টো এতিয়াও গৱেষণাৰ অধীনত আছে। নিয়ন্ত্ৰিত পৰিমাণত সেৱন কৰিলে ইয়াৰ আশংকা কম।
যকৃত বা বৃক্কৰ সমস্যা থকাসকলৰ বাবে কণী ভাল নহয়। লিভাৰ চিৰ’ছিছ বা বৃক্কৰ সমস্যা থকাসকলৰ বাবে প্ৰ’টিনৰ পৰিমাণ নিয়ন্ত্ৰিত হয়। বেছিকৈ কণী খালে ইউৰিয়া বা ক্ৰিয়েটিনিন বৃদ্ধি পাব পাৰে।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যিসকলৰ কণীৰ প্ৰতি এলাৰ্জী আছে। প্ৰধানকৈ শিশুৰ ক্ষেত্ৰত দেখা যায় যদিও প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। কণীৰ কুহুমত থকা প্ৰটিন যেনে অভালবুমিন, অভ’মিউক’ইড আদি এলাৰ্জীৰ বাবে দায়ী।
কিছু লক্ষণ দেখা পালে সাৱধান হোৱাটো প্ৰয়োজনীয়। খজুৱতি, ফোহা, বমি, পেটৰ বিষ, উশাহ লোৱাত কষ্ট, কেতিয়াবা এনাফিলেক্সিছ জীৱন সংকটজনক হ’ব পাৰে। তেনে ক্ষেত্ৰত কণীৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকিব লাগে।
চাবলৈ ক্লিক কৰক