কাইলৈ ফাঁচী, য়েমেনত ভাৰতৰ নিমিষাৰ জীৱন ৰক্ষাৰ বাবে আগবাঢ়ি আহিল মুছলমান ধৰ্মগুৰু….
য়েমেনত ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক ফাঁচী দিয়াৰ তাৰিখ ১৬ জুলাই নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু য়েমেনৰ কাৰাগাৰত বন্দী হৈ থকা নিমিষা প্ৰিয়াৰ ফাঁচীৰ দিন পিছুৱাই দিয়া হৈছে। নিমিষাৰ পৰিয়াল আৰু ভুক্তভোগী তালাল আব্দো মাহদীৰ পৰিয়ালৰ মাজত Blood Money সন্দৰ্ভত কোনো চূড়ান্ত নিষ্পত্তি নোহোৱাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।

য়েমেনৰ কাৰাগাৰত বন্দী হৈ থকা নিমিছা প্ৰিয়াৰ ফাঁচীৰ দিন পিছুৱাই দিয়া হৈছে। নিমিষাৰ পৰিয়াল আৰু ভুক্তভোগী তালাল আব্দো মাহদীৰ পৰিয়ালৰ মাজত Blood Money সন্দৰ্ভত কোনো চূড়ান্ত নিষ্পত্তি নোহোৱাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। কাৰাগাৰ কৰ্তৃপক্ষই দিছে ফাঁচী স্থগিত ৰখাৰ তথ্য। সূত্ৰ অনুসৰি গ্ৰেণ্ড মুফতি আবুবকাৰ আহমেদে নিমিষা গোচৰৰ ভুক্তভোগী আব্দো মাহদিৰ পৰিয়ালৰ সৈতে কথা পাতিছে। প্ৰথম দিনাৰ আলোচনা ইতিবাচক আছিল, যাৰ বাবে এতিয়াও অধিক আলোচনাৰ সুযোগ আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ফাঁচীৰ কাম পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।
য়েমেনত ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক ফাঁচী দিয়াৰ তাৰিখ ১৬ জুলাই নিৰ্ধাৰণ কৰা হৈছিল। সোমবাৰে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত কয় যে নিমিষাৰ ফাঁচী বন্ধ কৰাৰ বাবে চৰকাৰৰ হাতত আন কোনো বিকল্প বাকী নাই। অৱশ্যে ভাৰতৰ গ্ৰেণ্ড মুফতি কান্থাপুৰম এ পি আবুবকাৰ মুছলিয়াৰৰ হস্তক্ষেপৰ পিছত নিমিষাৰ জীৱনক লৈ আশাৰ সৃষ্টি হৈছে।
গ্ৰেণ্ড মুফতীৰ অনুৰোধত য়েমেনত আলোচনা চলি আছে। যাৰ নেতৃত্বত আছে য়েমেনৰ বিখ্যাত চুফী পণ্ডিত শ্বেইখ হাবিব উমৰ। শ্বেখ হাবিবৰ প্ৰতিনিধি হাবিব আব্দুল ৰহমান আলী মাছহুৰে উত্তৰ য়েমেনত এখন জৰুৰী বৈঠক আহ্বান কৰে, য’ত তেওঁ য়েমেন চৰকাৰৰ প্ৰতিনিধি, অপৰাধ আদালতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, তালালৰ ভাতৃ আৰু জনজাতীয় নেতাসকলক সাক্ষাৎ কৰে। যদিও এই বৈঠকত কি হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই, কিন্তু গ্ৰেণ্ড মুফতীৰ হস্তক্ষেপৰ পিছত নিমিষা জীয়াই থকাৰ আশা পুনৰ সজীৱ হৈ উঠিছে।
য়েমেনত এক বৃহৎ সংকট
ইফালে, কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত কয় যে য়েমেনত এক বৃহৎ সংকটে দেখা দিছে। য’ত ভাৰতীয় দূতাবাসৰ অনুপস্থিতিৰ বিষয়টোও অন্তৰ্ভুক্ত হৈ আছে। লগতে কোৱা হৈছে যে এই বিষয়ত চৰকাৰৰ হস্তক্ষেপ কৰাৰ ক্ষমতা সীমিত। মৃত্যুদণ্ডৰ পৰা হাত সাৰিবলৈ চৰকাৰে যৎপৰোনাস্তি চেষ্টা কৰিছে। কেন্দ্ৰীয় চৰকাৰে অভিযুক্তলৈ পত্ৰ প্ৰেৰণ কৰি শ্বেখৰ জৰিয়তে আলোচনা কৰিবলৈ চেষ্টা কৰিছিল।
কেন্দ্ৰীয় চৰকাৰে লগতে কয় যে যেতিয়ালৈকে মৃতকৰ পৰিয়ালে দয়াৰ ধন (Blood Money) গ্ৰহণ কৰিবলৈ সাজু নহয় তেতিয়ালৈকে অন্য আলোচনাৰ কোনো অৰ্থ নাই। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এই বিষয়ত ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিবলৈ নিৰ্দেশ দিছে।
ভাৰতৰ গ্ৰেণ্ড মুফতি আবুবকাৰ কোন?
শ্বেখ আবুবকাৰ আহমদ, যাক কন্ঠপুৰম এ পি আবুবকাৰ মুছলিয়াৰ বুলিও জনা যায়, ভাৰতৰ চুন্নী মুছলমান সম্প্ৰদায়ৰ অন্যতম বিশিষ্ট ব্যক্তি ভাৰতৰ দশম গ্ৰেণ্ড মুফতি। ১৯৩১ চনৰ ২২ মাৰ্চত কেৰালাৰ কোঝিকোডত জন্মগ হৈছিল আবুবকাৰ আহমেদৰ। ২০১৯ চনৰ ২৪ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ ৰামলীলা মৈদানত সৰ্বভাৰতীয় তনজীম উলেমা-ই-ইছলামৰ উদ্যোগত অনুষ্ঠিত গৰীব নৱাজ শান্তি সন্মিলনত গ্ৰেণ্ড মুফতি নিৰ্বাচিত হয়। ২০১৮ চনৰ জুলাই মাহত নৱম গ্ৰেণ্ড মুফতি মহম্মদ আখতাৰ ৰাজা খান কাদ্ৰীৰ মৃত্যুৰ পিছত তেওঁ এই পদত অধিষ্ঠিত হৈছিল।
কিয় ফাঁচী দিয়া হৈছে নিমিষা প্ৰিয়াক?
পালাক্কাড জিলাৰ কলেংগোডৰ বাসিন্দা নিমিষা প্ৰিয়াই ২০০৮ চনত কৰ্মসংস্থাপনৰ বাবে য়েমেনলৈ গৈছিল। ২০২০ চনত য়েমেনৰ এজন লোকক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হৈছিল। এই মানুহজন নিমিষাৰ ব্যৱসায়িক সহযোগী আছিল। এই কাণ্ড ২০১৭ চনৰ জুলাই মাহত সংঘটিত হৈছিল।যোৱা বছৰৰ নৱেম্বৰ মাহত য়েমেনৰ উচ্চতম ন্যায়িক পৰিষদে তেওঁৰ আবেদন নাকচ কৰিছিল আৰু এতিয়া দেশখনৰ ৰাজহুৱা অভিযুক্তই ১৬ জুলাই মঙলবাৰে তেওঁক ফাঁচী দিয়াৰ নিৰ্দেশ দিছে।