শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
অৱসৰকালীন জীৱনৰ বাবে কিমান টকা সঞ্চয় কৰিব লাগে ভাবিছেনে কেতিয়াবা?

অৱসৰকালীন জীৱনৰ বাবে কিমান টকা সঞ্চয় কৰিব লাগে ভাবিছেনে কেতিয়াবা?

Monjit Dutta
Monjit Dutta | Published: 14 Jul 2025 19:26 PM

বৰ্তমানৰ মুদ্ৰাস্ফীতিৰ হাৰ অনুসাৰে ১০০ টকা দৰৰ কোনো সামগ্ৰী এটাৰ দৰ ১২ বছৰৰ পাছত প্ৰায় ২০০ টকা হ’ব। যদি এই দিশৰ প্ৰতি লক্ষ্য কৰা হয়, তেতিয়া এজন ব্যক্তিয়ে অৱসৰ লাভ কৰাৰ পিছত ভৱিষ্যতৰ জীৱন কটাবলৈ কিমান টকাৰ প্ৰয়োজন হ’ব পাৰে? চাওঁ আহক এই সন্দৰ্ভত এক বিশেষ পৰিসংখ্যা।

সাম্প্ৰতিক সময়ত আমাৰ দেশত ৩ জনীয়া পৰিয়াল এটাৰ গড় মাহিলী ব্যয় প্ৰায় ৭৫ হাজাৰ টকা বুলি কোৱা হয়। অৱশ্যে ঠাইভেদে পৰিয়ালৰ এই ব্যয় পৃথক হোৱাটো স্বাভাৱিক। তথাপি মাহিলী ব্যয়ৰ ৭৫ হাজাৰ টকাৰ গড় হিচাপত ৩ জনীয়া লোকৰ এটা পৰিয়ালৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ বাবে নূন্যতম ১ কোটি টকা সঞ্চয় কৰা উচিত বুলি পৰিসংখ্যাই কয়। মূলতঃ মুদ্ৰাস্ফীতিৰ হেঁচাৰ লগতে ক্ৰমবৰ্ধমান আধুনিক জীৱনশৈলীৰ প্ৰয়োজনীয়তাৰ তাগিদাত দৈনন্দিন খৰচ বৃদ্ধি পাইছে।

ভাৰতত মুদ্ৰাস্ফীতিৰ হাৰ প্ৰতি বছৰে ৬ শতাংশ বুলি প্ৰকাশ পাইছে। মুদ্ৰাস্ফীতিৰ এই হাৰৰ হিচাপ অনুসাৰে বৰ্তমানৰ ১০০ টকা দৰৰ কোনো সামগ্ৰী এটাৰ দৰ ১২ বছৰৰ পাছত প্ৰায় ২০০ টকা হ’ব। যদি এই দিশৰ প্ৰতি লক্ষ্য কৰা হয়, তেতিয়া এজন ব্যক্তিয়ে অৱসৰ লাভ কৰাৰ পিছত ভৱিষ্যতৰ জীৱন কটাবলৈ কিমান টকাৰ প্ৰয়োজন হ’ব পাৰে? চাওঁ আহক এই সন্দৰ্ভত এক বিশেষ পৰিসংখ্যা।