15 JULY 2025
TV9 ASSAM
ইয়াৰ বাবে আপত্তিজনক একো কৰিব নালাগে। যৌন সম্পৰ্কৰ কোনো প্ৰয়োজন নাই। মাত্ৰ সাৱটি ধৰিব লাগে। সেয়াও ভিৰ থকা ৰাস্তাত সকলোৰে সন্মুখত। পাঁচ মিনিট সাৱটি ধৰাৰ বিনিময়ত লাভ কৰিব ধন।
আচৰিত যেন লাগিব পাৰে, কিন্তু এয়া সঁচা। কেৱল পুৰুষক ৫ মিনিটৰ বাবে সাৱটি ধৰাৰ বাবেই মহিলাসকলে ৬০০ টকা পৰ্যন্ত খৰচ কৰে। এই অদ্ভুত ধাৰা চীনত দেখা গৈছে।
চীনা ভাষাত ইয়াক ‘Man mams’ বুলি কোৱা হয়। চীনৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই শব্দটো চীনত এসময়ত সুদৰ্শন আৰু পেশীবহুল পুৰুষক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল।
Man mams মানে কেৱল সুদৰ্শন চেহেৰাৰ পুৰুষক নহয়। ইয়াৰ অৰ্থ হ’ল সুদৰ্শন পুৰুষ বাহিৰৰ পৰা শক্তিশালী কিন্তু ভিতৰৰ পৰা অতি কোমল।
এনে শক্তিশালী আৰু সক্ষম পুৰুষৰ চাহিদা দিনক দিনে বাঢ়ি গৈ আছে। যিসকলে সাৱটি ধৰিলে আপোনজনৰ দৰে অনুভৱ হয়। ভালপোৱাৰ অনুভূতি জাগে।
মনোৰোগ বিশেষজ্ঞৰ মতে দিনক দিনে বাঢ়িছে নিসংগতা। আৰু এয়া তাৰ প্ৰতিফলন। বিশেষকৈ যিসকল মহিলাৰ পিতৃ-মাতৃ নাই। নতুবা তেওঁলোকৰ কোনো প্ৰেমিক নাই। মানসিক শান্তি বিচাৰি এনে মানুহক বিচাৰে।
ইয়াৰ বাবে চেটিং এপত এপইণ্টমেণ্ট ৰখা হয়। তাৰ পিছত শ্বপিং মল বা ষ্টেচন বা যিকোনো ভিৰ কৰা ঠাইত লগ হোৱাৰ ঠাই আৰু সময় নিৰ্ধাৰণ কৰা হয়।
ছ’চিয়েল মিডিয়াত বহু মহিলাই এনে পুৰুষক লগ পোৱাৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে। এগৰাগী ছ’চিয়েল মিডিয়াত তেওঁৰ বাজেটৰ কথা উল্লেখ কৰি এজন Man mams বিচাৰিছে। মহিলাসকলে দাবী কৰে যে, ইয়ে তেওঁলোকে মানসিক চাপ কম কৰে।
চাবলৈ ক্লিক কৰক