শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
EPFO ​​New Rules 2025: ঘৰ কিনাৰ চিন্তা আৰু নাই, PF ৰ পৰা পাব ধন, নতুন নিয়ম জানক

EPFO ​​New Rules 2025: ঘৰ কিনাৰ চিন্তা আৰু নাই, PF ৰ পৰা পাব ধন, নতুন নিয়ম জানক

Manas Borah
Manas Borah | Published: 14 Jul 2025 14:28 PM

EPFO য়ে বিশেষ সুবিধা প্ৰদান কৰিছে। এতিয়া আপুনি পি এফ একাউণ্টত জমা হোৱা ধনৰ ৯০ শতাংশ নতুন ঘৰ ক্ৰয়, নিৰ্মাণ বা ই এম আই দিয়াৰ বাবে উলিয়াব পাৰিব।

EPF ৰ গ্ৰাহকৰ বাবে ভাল খবৰ। অপেক্ষা কৰিব নালাগে অৱসৰৰ বাবে। চাকৰিৰ কালতে আপোনাৰ সপোন পূৰণ হ’ব পাৰে। কৰ্মচাৰীক বৃহৎ সকাহ দিবলৈ EPF ৰ পৰা ধন উলিওৱাৰ নিয়মত বৃহৎ পৰিৱৰ্তন কৰা হৈছে। এতিয়া PFত জমা হোৱা টকাৰে পূৰণ কৰিব পাৰিব আপোনাৰ সপোন।

প্ৰথমবাৰৰ বাবে ঘৰ ক্ৰয় কৰা সকলৰ বাবে EPFO য়ে বিশেষ সুবিধা প্ৰদান কৰিছে। কি সেই সুবিধা? এতিয়া আপুনি পি এফ একাউণ্টত জমা হোৱা ধনৰ ৯০ শতাংশ নতুন ঘৰ ক্ৰয়, নিৰ্মাণ বা ই এম আই দিয়াৰ বাবে উলিয়াব পাৰিব। ইপিএফ আঁচনিত নতুনকৈ অন্তৰ্ভুক্ত কৰা 68-BD অনুচ্ছেদৰ অধীনত কোৱা হৈছে যে, পিএফৰ গ্ৰাহকে প্ৰথমবাৰৰ বাবে ঘৰ ক্ৰয় কৰিলে এই সুবিধা লাভ কৰিব। ধন উলিওৱাৰ যোগ্যতাৰ সময়সীমাও একাউণ্ট খোলাৰ ৫ বছৰৰ পৰা ৩ বছৰলৈ হ্ৰাস কৰা হৈছে। অৰ্থাৎ পি এফ একাউণ্ট খোলাৰ ৩ বছৰ পিছতে একাউণ্টৰ পৰা ধন উলিয়াব পাৰিব।