প্ৰৱঞ্চনাৰ আশ্ৰয় লৈছে মহম্মদ ছামিয়ে! বিচিচিআইয়ে ল’ব নেকি শাস্তিমূলক ব্যৱস্থা…
প্ৰায় এবছৰৰ অন্তত ৰঞ্জী ট্ৰফীৰ জৰিয়তে পুনৰ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটাইছে ভাৰতৰ অভিজ্ঞ স্পীডষ্টাৰ মহম্মদ ছামিয়ে। প্ৰত্যাৱৰ্তন মেচতে ছামিয়ে দুয়োটা ইনিংছতে মুঠ ৭টা উইকেট দখল কৰি ফৰ্মৰ ইংগিত দিছে। আঘাতমুক্ত হৈ প্ৰথমখন মেচতে এনে প্ৰদৰ্শন দাঙি ধৰাৰ পিছত মহম্মদ ছামিয়ে শীঘ্ৰেই জাতীয় দলত স্থান পাব পাৰে বুলিও চৰ্চা চলিছে। পিছে এনে চৰ্চাৰ মাজতে ছামিৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ।
 
                                বিগত বৰ্ষত অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপৰ পিছতে আঘাতৰ বাবে ক্ৰিকেটৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হৈছিল ভাৰতৰ অভিজ্ঞ স্পীডষ্টাৰ মহম্মদ ছামি। প্ৰায় এবছৰৰ অন্তত ৰঞ্জী ট্ৰফীৰ জৰিয়তে পুনৰ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটাইছে তাৰকাগৰাকীয়ে। প্ৰত্যাৱৰ্তন মেচতে ছামিয়ে দুয়োটা ইনিংছতে মুঠ ৭টা উইকেট দখল কৰি ফৰ্মৰ ইংগিত দিছে। ছামিৰ এই প্ৰদৰ্শনৰ সহায়েৰে বংগই ৰঞ্জীৰ গ্ৰুপ মেচত মধ্যপ্ৰদেশক ৰোমাঞ্চকৰ যুঁজৰ অন্তত ১১ ৰানত পৰাস্ত কৰে। আঘাতমুক্ত হৈ প্ৰথমখন মেচতে এনে প্ৰদৰ্শন দাঙি ধৰাৰ পিছত মহম্মদ ছামিয়ে শীঘ্ৰেই জাতীয় দলত স্থান পাব পাৰে বুলিও চৰ্চা চলিছে।
পিছে এনে চৰ্চাৰ মাজতে ছামিৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ। এই অভিযোগ ছামিৰ জাতীয় দললৈ প্ৰত্যাৱৰ্তনৰ পথত প্ৰতিবন্ধকতা হৈ উঠাৰ আশংকা আছে বুলিও এতিয়া আলোচিত হৈছে। এগৰাকী ব্যক্তিয়ে ছামিৰ বিৰুদ্ধে উত্থাপন কৰিছে প্ৰৱঞ্চনাৰ অভিযোগ। ভাৰতীয় দলৰ তাৰকা পেচাৰগৰাকীয়ে নিজৰ বয়স লুকুৱাই ৰাখিছে বুলি দাবী কৰি ব্যক্তিজনে লগতে বিচিচিআইক এই বিষয়ত সঠিক তদন্ত কৰি ব্যৱস্থা ল’বলৈ দাবী জনায়।
এই ব্যক্তিজনৰ অভিযোগ, মহম্মদ ছামিয়ে নিজৰ প্ৰকৃত বয়সতকৈ ৮ বছৰ বয়স লুকুৱাই ৰাখিছে। এখন ড্ৰাইভিং লাইচেঞ্চৰ ছবি সামাজিক মাধ্যম যোগে শ্বেয়াৰ কৰি ব্যক্তিগৰাকীয়ে এইখন মহম্মদ ছামিৰ বুলি দাবী কৰিছে আৰু ড্ৰাইভিং লাইচেঞ্চখনৰ মতে ছামিৰ বয়স ৪২ বছৰ হ’ব লাগে যদিও এতিয়া ছামিয়ে চৰকাৰীভাৱে নিজৰ বয়স ৩৪ বছৰ হোৱা দেখুৱাইছে বুলি অভিযোগ কৰিছে। ব্যক্তিজনৰ এই দাবীৰ পিছত ছবিখন ভাইৰেল হৈ পৰিছে।
কিন্তু ড্ৰাইভিং লাইচেঞ্চখনৰ এই ছবিখন আৰু ইয়াত দিয়া তথ্যসমূহ প্ৰকৃত নে সম্পাদনা কৰি পোষ্ট কৰা হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই সন্দৰ্ভত ছামি বা বিচিচিআইয়েই এইপৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। ইতিপূৰ্বেও দেশৰ বহু চেলিব্ৰিটি এনে সম্পাদিত ছবি আৰু ভিডিঅ’ৰ বলি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বহু লোকে ছামিৰ বুলি দাবী কৰা এই ড্ৰাইভিং লাইচেঞ্চখনৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে।
লক্ষণীয়ভাৱে বহু সময়ত ভাৰতীয় ক্ৰিকেটত একাংশ খেলুৱৈয়ে নিজৰ বয়সৰ ক্ষেত্ৰত ফাঁকি দিয়া পৰিলক্ষিত হৈছে। সাধাৰণতে ১৯ বছৰ অনুৰ্ধৰ দলত নিৰ্বাচনৰ বাবে বহু খেলুৱৈয়ে নিজৰ বয়স এবছৰ বা দুবছৰ কম দেখুওৱাৰ ঘটনা পূৰ্বে দেখিবলৈ পোৱা গৈছে। ভাৰতীয় ক্ৰিকেটত এইদৰে বয়স ফাঁকিক এক গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হয় আৰু এনে অভিযোগ প্ৰমাণিত হ’লে শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰা হয়।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      