পাৰ্থত সুখকৰ নহ’ল ভাৰতৰ প্ৰত্যাৱৰ্তন তথা অভিষেকৰ প্ৰত্যাশা, প্ৰথম জয়ৰ সোৱাদ অষ্ট্ৰেলিয়াৰ
তুলনামূলকভাৱে অনভিজ্ঞ অষ্ট্ৰেলিয়ান দলৰ বিপক্ষে আজিৰ মেচত ভাৰতে ৭ উইকেটত সহজেই পৰাজয় স্বীকাৰ কৰে। পৰাজয়ৰ সমান্তৰালকৈ ৰোহিত আৰু কোহলীয়েও নিৰাশ কৰে অপেক্ষাৰত অনুৰাগীক।

ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল আজিৰ দিনটোলৈ। সকলোৰে দৃষ্টি নিবদ্ধ আছিল অষ্ট্ৰেলিয়ান ভূমিৰ পাৰ্থলৈ। এই অপেক্ষাৰ প্ৰধান কাৰণ আছিল ৰোকো যুটিৰ প্ৰত্যাৱৰ্তন। সুদীৰ্ঘ ৭ মাহৰ মূৰত আজি অষ্ট্ৰেলিয়াৰ বিপক্ষে মেচৰ জৰিয়তেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটাইছিল ভাৰতীয় ক্ৰিকেটৰ দুই কাণ্ডাৰী ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে। দুই প্ৰিয় তাৰকাক প্ৰত্যক্ষ কৰিবলৈ উদগ্ৰীৱ হৈ আছিল ক্ৰিকেটপ্ৰেমী। সমান্তৰালকৈ নতুন অধিনায়ক ৰূপত শুভমন গিলৰ অভিষেকৰ বাবেও এই মেচখন হৈ পৰিছিল বিশেষ।
কিন্তু এই বিশেষ মেচখনত শোচনীয় হৈ পৰে ভাৰতীয় ক্ৰিকেট দলৰ শক্তি। তুলনামূলকভাৱে অনভিজ্ঞ অষ্ট্ৰেলিয়ান দলৰ বিপক্ষে আজিৰ মেচত ভাৰতে ৭ উইকেটত সহজেই পৰাজয় স্বীকাৰ কৰে। পৰাজয়ৰ সমান্তৰালকৈ ৰোহিত আৰু কোহলীয়েও নিৰাশ কৰে অপেক্ষাৰত অনুৰাগীক।
বৰ্ষাবিঘ্নিত মেচখনত প্ৰথমে বেটিং কৰি ভাৰতীয় দলে নিৰ্ধাৰিত ২৬ অভাৰত সংগ্ৰহ কৰে মাত্ৰ ১৩৬ ৰান। অষ্ট্ৰেলিয়াৰ সন্মিলিত বলিং আক্ৰমণত দিশহাৰা হৈ পৰা ভাৰতে এই ২৬ অভাৰতে হেৰুৱায় ৯টাকৈ উইকেট। প্ৰত্যাৱৰ্তনকাৰী দুই ভৰসা ক্ৰমে ৰোহিতে মাত্ৰ ৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে কোনো ৰানেই সংগ্ৰহ কৰিব নোৱাৰিলে কোহলীয়ে।
এই দুই তাৰকাৰ লগতে ব্যৰ্থ হয় অধিনায়ক গিল (১০) তথা সহ–অধিনায়ক আয়াৰো (১১)। দললৈ সৰ্বাধিক ৩৮ ৰানৰ অৱদান আগবঢ়ায় কে এল ৰাহুলে। অক্ষৰৰ বেটৰ পৰা আহে ৩১ ৰানৰ অবদান। শেষলৈ অভিষেককাৰী নীতিশ কুমাৰ ৰেড্ডীয়ে ১৯ ৰান সংগ্ৰহ কৰি দলৰ স্ক’ৰ ১৩৬লৈ নিয়ে।
অষ্ট্ৰেলিয়াৰ হৈ হেজেলউড, অ’ৱেন আৰু কুহনেমানে দুটাকৈ উইকেট লাভ কৰে। ষ্টাৰ্ক আৰু এলিছৰ হাতলৈ যায় এটাকৈ উইকেট। ইফালে ডাৰ্ক ৱৰ্থ লিৱিছ পদ্ধতিৰে জয়ৰ বাবে প্ৰয়োজনীয় মাত্ৰ ১৩১ ৰানৰ লক্ষ্য অষ্ট্ৰেলিয়াই ২১.১ অভাৰত ৩টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে। অধিনায়ক মিচেল মাৰ্শ্বে অপৰাজিত ৪৬ ৰানৰ ইনিংছেৰে দলৰ জয়ত মুখ্য ভূমিকা লয়।
তেওঁৰ লগতে ফিলিপে ৩৭ ৰানৰ এক খৰতকীয়া ইনিংছ খেলে। ইফালে অভিষেককাৰী ৰেনশ্ব’ৱে ২১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়। ভাৰতীয় দলৰ হৈ অৰ্শদীপ, অক্ষৰ আৰু সুন্দৰে লাভ কৰে সফলতা। এই জয়েৰে অষ্ট্ৰেলিয়াই তিনিখনীয়া মেচৰ শৃংখলাত ১–০ৰ অগ্ৰগতি লাভ কৰিছে। শৃংখলাৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব অহা ২৩ অক্টোবৰত।