ক্ৰিকেটৰ ভগৱান শচীনতকৈ ওখ নেকি বাভুমা! জানেনে দুয়োৰে মাজৰ উচ্চতাৰ পাৰ্থক্য কিমান?
ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰতকৈ ওখ নেকি টেম্বা বাভুমা? বহু অনুৰাগীৰ মনত এই প্ৰশ্নৰ উদ্ৰেক ঘটিছে। নিজৰ অভিনৱ প্ৰদৰ্শনেৰে ক্ৰিকেটৰ সু-উচ্চ স্থানত আৰোহণ কৰা শচীন তেণ্ডুলকাৰ দৈহিক গঠনত উচ্চতা কিছু কম। আনহাতে টেম্বা বাভুমাকো দৈহিক উচ্চতাৰ দিশত কিছু চাপৰ দেখা যায়। পিছে দুয়োগৰাকী মাজত উচ্চতাৰ পাৰ্থক্য কিমান?

ক্ৰিকেট বিশ্বত এতিয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চৰ্চা। লৰ্ডছত চলি থকা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ২০২৩-২৫ৰ সংস্কৰণৰ ফাইনেলত অৱতীৰ্ণ হৈছে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা। টেম্বা বাভুমা নেতৃত্বাধীন দক্ষিণ আফ্ৰিকা সম্প্ৰতি ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিপক্ষে প্ৰায় জয়ৰ কাষ চাপিছে। অৱশ্যে এতিয়াও মেচৰ ফলাফল সম্পূৰ্ণ ৰূপে নিশ্চিত হোৱা বুলিব নোৱাৰি। আজি মেচৰ চতুৰ্থ দিনাৰ আৰম্ভণিতেই অষ্ট্ৰেলিয়ান অধিনায়ক পেট কামিন্সে প্ৰটিয়াছ অধিনায়ক বাভুমাক বিদায় দি মেচত এতিয়াও কিছু যুঁজৰ স্থিতি বৰ্তাই ৰাখিছে।
পেভিলিয়নলৈ উভতাৰ পূৰ্বে বাভুমাই সংগ্ৰহ কৰে ৬৬ ৰান। হেমষ্ট্ৰিঙৰ সমস্যাৰ পিছতো অষ্ট্ৰেলিয়াৰ শক্তিশালী বলিং আক্ৰমণৰ সমুখত দৃঢ়তাৰে যুঁজ দি এই অধিনায়কোচিত ইনিংছে খেলে। এই দৰ্শনীয় ইনিংছটোৰ পিছত দক্ষিণ আফ্ৰিকাৰ অধিনায়কগৰাকী সমগ্ৰ ক্ৰিকেট বিশ্বত উচ্চ প্ৰশংসিত হৈছে। বাভুমাৰ এই শক্তিশালী প্ৰদৰ্শনৰ পিছত ক্ৰিকেটপ্ৰেমীসকলৰ মাজত আন এক বিষয়তো চৰ্চা চলিছে।
ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰতকৈ ওখ নেকি টেম্বা বাভুমা? বহু অনুৰাগীৰ মনত এই প্ৰশ্নৰো উদ্ৰেক ঘটিছে। নিজৰ অভিনৱ প্ৰদৰ্শনেৰে ক্ৰিকেটৰ সু-উচ্চ স্থানত আৰোহণ কৰা শচীন তেণ্ডুলকাৰৰ দৈহিক গঠনত উচ্চতা কিছু কম। দক্ষিণ আফ্ৰিকাৰ অধিনায়কৰ দায়িত্ব পালন কৰি অহা টেম্বা বাভুমাকো দৈহিক উচ্চতাৰ দিশত কিছু চাপৰ দেখা যায়। পিছে দুয়োগৰাকী মাজত উচ্চতাৰ পাৰ্থক্য কিমান? জানো আহক এই বিষয়ে।
তথ্য মতে, শচীন তেণ্ডুলকাৰৰ উচ্চতা হৈছে ৫ ফুট ৫ ইঞ্চি। অৰ্থাৎ চেণ্টিমিটাৰৰ জোখত জুখিলে তেওঁৰ উচ্চতা ১৬৫ চেণ্টিমিটাৰ। আনহাতে টেম্বা বাভুমাৰ উচ্চতা ৫ ফুট ৪ ইঞ্চি, অৰ্থাৎ ১৬২ চেণ্টিমিটাৰ বুলি জানিব পৰা গৈছে। এই দৃষ্টিকোণৰ পৰা স্পষ্টকৈ ক’ব পাৰি যে শচীন টেণ্ডুলকাৰ টেম্বা বাভুমাতকৈ কিছু ওখ আৰু দুয়োৰে মাজত উচ্চতাৰ দিশত ৩ চেণ্টিমিটাৰ ব্যৱধান আছে।
Sachin Tendulkar with his idol Temba bavuma pic.twitter.com/5Z088hZ6YY
— OperationSindoor (@Praveenthfc) January 12, 2022
শচীন তেণ্ডুলকাৰতকৈ কিছু চাপৰ হোৱাৰ পিছতো অৱশ্যে টেম্বা বাভুমা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশ লোৱা আটাইতকৈ চাপৰ খেলুৱৈ নহয়। ভাৰতৰ গুণ্ডাপ্পা বিশ্বনাথ, বাংলাদেশৰ মমিনুল হক, মুছফিকুৰ ৰহিমকে ধৰি বহুকেইজন খেলুৱৈৰ তুলনা টেম্বা বাভুমাৰ উচ্চতা কিছু বেছি। অৱশ্যে তেওঁলোকৰ সৈতে বাভুমাৰ উচ্চতাৰ ব্যৱধান এক ইঞ্চিতকৈ কম বুলি অনুমান কৰা হৈছে।