প্ৰথম ইনিংছত পিছ পৰিও বৃহৎ লক্ষ্য ভেদি জিকিল ভাৰত, ৰাহুল-সুদৰ্শনে দিশহাৰা কৰিলে অষ্ট্ৰেলিয়াক
ভাৰতীয় দলটোৰ এই অনন্য জয়ৰ নায়ক হৈ পৰে কে এল ৰাহুল আৰু ছাই সুদৰ্শন। দুয়ো প্ৰতিপক্ষৰ বলিং আক্ৰমণক একপ্ৰকাৰে বশ কৰি অষ্ট্ৰেলিয়া এ দলে বান্ধি দিয়া বৃহৎ লক্ষ্য অনুসৰণ কৰাত মুখ্য ভূমিকা লয়।

ইউ এ ইত সম্প্ৰতি এছিয়া কাপত ব্যস্ত ভাৰতীয় ক্ৰিকেট দল। ইতিমধ্যে ভাৰতীয় দলে দুৰন্ত প্ৰদৰ্শনেৰে প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মূল দলটোৰ এই সফলতাৰ সময়তে লক্ষ্ণৌত ভাৰতৰ আন এটা দলে দেখুৱাইছে চমক। লক্ষ্ণৌত অনুষ্ঠিত হোৱা আনঅফিচিয়েল টেষ্টত ইণ্ডিয়া এ দলে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি দুৰন্ত প্ৰত্যাৱৰ্তনেৰে অষ্ট্ৰেলিয়া এক ৫ উইকেটত পৰাস্ত কৰে। প্ৰথম ইনিংছত বৃহৎ ব্যৱধানত পিছ পৰি থকাৰ পিছতো অষ্ট্ৰেলিয়া দলটোক দিশহাৰা কৰি ভাৰতীয় দলটোৱে লাভ কৰে জয়।
ভাৰতীয় দলটোৰ এই অনন্য জয়ৰ নায়ক হৈ পৰে কে এল ৰাহুল আৰু ছাই সুদৰ্শন। দুয়ো প্ৰতিপক্ষৰ বলিং আক্ৰমণক একপ্ৰকাৰে বশ কৰি অষ্ট্ৰেলিয়া এ দলে বান্ধি দিয়া বৃহৎ লক্ষ্য অনুসৰণ কৰাত মুখ্য ভূমিকা লয়। অভিজ্ঞ বেটাৰ কে এল ৰাহুলে অপৰাজিত ১৭৬ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ছাই সুদৰ্শনে ১৭২টা বলত ১০০ ৰান সংগ্ৰহ কৰে।
তেওঁলোকৰ লগতে অধিনায়ক ধ্ৰুৱ জুৰেলেও ৫৬ ৰানৰ এক ইনিংছ খেলে। উল্লেখ যে ইণ্ডিয়া এৰ এই জয় এটা দিশৰ পৰা প্ৰায় অসম্ভৱ যেন অনুমান হৈছিল। কিয়নো ইণ্ডিয়া এক জয়ৰ বাবে মেচখনত প্ৰয়োজন হৈছিল ৪১২ ৰানৰ বৃহৎ লক্ষ্যৰ। চতুর্থ ইনিংছত এনে বৃহৎ লক্ষ্য অনুসৰণ কৰি জয়ী হোৱাটো নিশ্চিতভাৱে সহজ নাছিল।
কিন্তু ভাৰতীয় দলটোৰ বেটিং লাইন আপে এই অসম্ভৱকো সম্ভৱ কৰি তোলে। ৰাহুল আৰু সুদৰ্শনৰ লগতে স্পিনাৰ মানৱ সুথাৰেও এই মেচখনত শক্তিশালী প্ৰদৰ্শন আগবঢ়ায়। মেচখনত তেওঁ ৮টা উইকেট দখল কৰিবলৈ সক্ষম হয়। বাওঁহাতৰ বলাৰগৰাকীয়ে প্ৰথম ইনিংছত ৫টা আৰু দ্বিতীয় ইনিংছত ৩টা উইকেট দখল কৰে।
উল্লেখ্য যে মেচখনত প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়া এ দলে প্ৰথম ইনিংছত ৪২০ ৰান সংগ্ৰহ কৰিছিল। জেক এডৱাৰ্ডে সৰ্বাধিক ৮৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে অধিনায়ক মেকছুইনীয়ে ৭৪ ৰান আৰু টড মাৰ্ফীয়ে ৭৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ইণ্ডিয়া এ দলে মাত্ৰ ১৯৪ ৰানতে প্ৰথম ইনিংছ সামৰিছিল।
দ্বিতীয় ইনিংছত শতক অৰ্জন কৰা ছাই সুদৰ্শনে প্ৰথম ইনিংছতো ৭৫ ৰান সংগ্ৰহ কৰিছিল। অৱশ্যে দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়া এ দলক ১৮৫ ৰানত বান্ধি ৰাখে ভাৰতীয় দলটোক। গুৰনুৰ ব্ৰাৰ, মানৱ সুথাৰ, মহম্মদ চিৰাজ আৰু যশ ঠাকুৰৰ দৰ্শনীয় বলিঙৰ জৰিয়তে এই প্ৰত্যাৱৰ্তন ঘটায় ভাৰতীয় দলটোৱে আৰু তাৰ পিছতে বেটাৰে তুলি দিয়ে চমকপ্ৰদ জয়।