শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাংগালুৰুৰ পদপিষ্ট ঘটনাৰ বাবে দায়ী নেকি আৰচিবি? আঁৰত আছে নেকি কোহলীৰ এই ভিডিঅ’!

যোৱা ৪ জুনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ আই পি এল খিতাপ জয়ৰ পিছত এক বৃহৎ সমাৱেশৰ আয়োজন কৰা হৈছিল। এই সমাৱেশৰ সময়তে এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত সংঘটিত হোৱা পদপিষ্ট ঘটনাৰ ফলত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহুকেইজন লোক আহত হৈছিল। এতিয়া এই ঘটনা সন্দৰ্ভত সম্প্ৰতি প্ৰকাশ পাইছে কৰ্ণাটক চৰকাৰৰ প্ৰতিবেদন।

বাংগালুৰুৰ পদপিষ্ট ঘটনাৰ বাবে দায়ী নেকি আৰচিবি? আঁৰত আছে নেকি কোহলীৰ এই ভিডিঅ’!
বাংগালুৰু পদপিষ্ট ঘটনাৰ বাবে দায়ী নেকি আৰচিবি!Image Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 17 Jul 2025 18:51 PM

দীৰ্ঘদিনীয়া খিতাপৰ খৰাঙৰ অন্ত পেলাই এইবাৰ আই পি এলৰ খিতাপত চুম্বন দিছিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰতিযোগিতাৰ ইতিহাসত দলটোৰ আছিল এয়া প্ৰথমটো খিতাপ ইয়াৰ লগে লগে দলটোৰ প্ৰতিগৰাকী অনুৰাগীৰে চিৰদিনীয়া উৎকণ্ঠা আৰু অপেক্ষাৰো অৱসান ঘটে এই খিতাপ জয়ক বিশেষ কৰি তুলিবলৈ গৃহচহৰ বাংগালুৰুত এক বৃহৎ সমাৱেশ অনুষ্ঠিত হৈছিল আৰু এই আনন্দ উদযাপনৰ সময়তে সৃষ্টি হৈছিল এক ভয়াৱহ অৱস্থাৰ ব্যাপক সংখ্যক অনুৰাগীৰ সমাৱেশৰ ফলত সৃষ্টি হোৱা হেঁচাঠেলাৰ পৰিণতিত সংঘটিত হৈছিল পদপিষ্টৰ ঘটনা

যোৱা ৪ জুনত এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত সংঘটিত হোৱা এই পদপিষ্ট ঘটনাৰ ফলত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহুকেইজন লোক আহত হৈছিল ইফালে এই ঘটনাৰ সময়তে ষ্টেডিয়ামৰ ভিতৰত আৰচিবিৰ খেলুৱৈসকলে আনন্দ উদযাপন কৰি থকাক লৈয়ো ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল এতিয়া এই ঘটনা সন্দৰ্ভত সম্প্ৰতি প্ৰকাশ পাইছে কৰ্ণাটক চৰকাৰৰ প্ৰতিবেদন

কৰ্ণাটক চৰকাৰে এই প্ৰতিবেদনত পদপিষ্ট ঘটনাৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু দলক জবাবদিহি কৰিছে। লক্ষণীয়ভাৱে কৰ্ণাটক চৰকাৰে এই প্ৰতিবেদন প্ৰাৰম্ভিক অৱস্থাত গোপনীয় কৰি ৰাখিব বিচাৰিছিল যদিও কৰ্ণাটক উচ্চ ন্যায়ালয়ে চৰকাৰৰ এই অনুৰোধ নাকচ কৰে আৰু প্ৰতিবেদন মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে প্ৰকাশিত তথ্য অনুসৰি এই প্ৰতিবেদনত কৰ্ণাটক চৰকাৰে আৰচিবিয়ে আৰক্ষীৰ পৰা অনুমতি লাভ নকৰাকৈ এই অনুষ্ঠানৰ আয়োজন কৰিছিল

এই প্ৰতিবেদন মতে, আৰচিবি মেনেজমেণ্টে দলটোৰ ইভেণ্ট মেনেজমেণ্ট পাৰ্টনাৰ ডি এন এ নেটৱৰ্কছ প্ৰাইভেট লিমিটেড আৰু কৰ্ণাটক ষ্টেট ক্ৰিকেট এছ’চিয়েশ্যনৰ সৈতে লগ হৈ এই বিজয় উদযাপন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল কিন্তু এইক্ষেত্ৰত আৰক্ষীৰ সৈতে পূৰ্বে আলোচনা কৰা হোৱা নাছিল আৰু এনে উদযাপনৰ বাবে প্ৰয়োজনীয় অনুমতি বা অনুজ্ঞাপত্ৰও লাভ কৰা নাছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে

অৰ্থাৎ কৰ্ণাটক চৰকাৰৰ এই প্ৰতিবেদনত আৰচিবিক এই দুৰ্ঘটনাৰ বাবে সম্পূৰ্ণৰূপে দায়ী কৰা হৈছে। প্ৰকাশিত প্ৰতিবেদন মতে আৰচিবিয়ে এই বিজয় পেৰেডৰ মাত্ৰ এদিন পূৰ্বে অনুমতিৰ বাবে আবেদন জনাইছিল কিন্তু দলটোৰ এই আবেদন বাংগালুৰু আৰক্ষীয়ে নাকচ কৰিছিল। ইফালে ফ্ৰেন্সাইজিটোৰ ছ’চিয়েল মিডিয়াত এই পেৰেড সন্দৰ্ভত এক ভিডিঅপোষ্ট কৰা হৈছিল এই ভিডিঅটোত তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীকো দেখিবলৈ পোৱা গৈছিল

এই ভিডিঅ’টোত বিৰাট কোহলীয়ে অনুৰাগীৰ সৈতে খিতাপ জয়ৰ আনন্দ উদযাপনৰ কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছিল। আৰচিবিয়ে এই ভিডিঅটো খিতাপ জয়ৰ ঠিক পিছ নিশাই ড্ৰেছিং ৰুমত প্ৰস্তুত কৰা হৈছিল। এনে অৱস্থাত কোহলীকে ধৰি দলৰ বাকী খেলুৱৈসকলে স্বাভাৱিকতেই বাংগালুৰুত বলগীয়া বিজয় উদযাপনৰ বিষয়ে জানিব পাৰিছিল বুলি অনুমান কৰিব পাৰি

এনে অৱস্থাত আৰচিবিৰ খেলুৱৈসকল এই উদযাপনৰ বাবে আৰক্ষীয়ে অনুমতি সন্দৰ্ভত জ্ঞাত হয় নে নহয়, সেই লৈ প্ৰশ্ন উঠিছে লগতে এই প্রতিবেদনৰ আধাৰত ভৱিষ্যতে বিৰাট কোহলী বা আৰচিবিৰ আন খেলুৱৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ পাৰে নেকি বুলিও প্রশ্ন উত্থাপন হৈছে