ৰাজ্যৰ পৰা বিশ্বলৈ…চাওক দিনটোৰ শীৰ্ষ খবৰসমূহ
উচ্চেদৰ বিৰুদ্ধে আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰসন্থাই। ৰাজ্য চৰকাৰৰ নিৰ্দেশত চলা উচ্ছেদ অভিযানক অমানৱীয় আখ্যা দি প্ৰতিবাদত নামিল আমছু। হাজাৰ হাজাৰ দৰিদ্ৰ সংখালঘু লোকক উচ্ছেদৰ দ্বাৰা গৃহহীন কৰাৰ অভিযোগ তুলিছে আমছুৱে।
১)পুৱা ৫ বজাৰ পৰা আজি গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত প্ৰশাসনে চলাই উচ্ছেদ অভিযান। প্ৰায় ১০৩৮ বিঘা চৰকাৰী ভূমিত বেদখল উচ্ছেদ কৰে প্ৰশাসনে। এই উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল AIUDF ক। ৰাইজৰ দলৰ নেতা অখিল গগৈয়েও সমালোচনা কৰিছে চৰকাৰক। উচ্ছেদৰ মাজতে চৰম পন্থা অৱলম্বনৰ চেষ্টা চলাই এজন লোকে। ততাতৈয়াকৈ তেওঁক ভৰ্তি কৰোৱা হয় হাস্পতালত।
২) উচ্চেদৰ বিৰুদ্ধে আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰসন্থাই। ৰাজ্য চৰকাৰৰ নিৰ্দেশত চলা উচ্ছেদ অভিযানক অমানৱীয় আখ্যা দি প্ৰতিবাদত নামিল আমছু। হাজাৰ হাজাৰ দৰিদ্ৰ সংখালঘু লোকক উচ্ছেদৰ দ্বাৰা গৃহহীন কৰাৰ অভিযোগ তুলিছে আমছুৱে।
৩)আজি সোণাপুৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন Aqua Tech Park উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কচুতলীত বেটেলিয়ান কেম্প স্থাপন হ’লে কোনো সন্দেহযুক্ত লোকে বেদখল কৰিব নোৱাৰিব। ইফালে অখিল গগৈৰ মতে আদালত নচলে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। চাওক দিনটোৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ…